শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ডাঙৰ কৰি দিম তোমাৰ সৰু..দীপিকাক কি অশ্লীল মন্তব্য কৰিছিল পৰিচালকে?

ডাঙৰ কৰি দিম তোমাৰ সৰু..দীপিকাক কি অশ্লীল মন্তব্য কৰিছিল পৰিচালকে?

barasha-sarma
Barasha Sarma | Published: 17 Jun 2025 21:13 PM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন। এইগৰাকী অভিনেত্ৰীক এবাৰ এজন পৰিচালকে অশ্লীল মন্তব্য কৰিছিল। যাৰ পাছত তেওঁ শ্বুটং স্থলীৰ পৰা ওলাই আহিছিল।

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন। সৌন্দৰ্য, অভিনয়ৰ লগতে দীপিকা প্ৰতিবাদী কণ্ঠৰ বাবেও পৰিচিত। কোনো অস্বস্তিকৰ অথবা নিজৰ অধিকাৰৰ প্ৰতি ভাবুকি যেন পৰিস্থিতি আহি পৰিলে তেওঁ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ উদাহৰণ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে লোৱা এক সিদ্ধান্ত। জানিব পৰা মতে,আঠ ঘণ্টাৰো অধিক সময় কাম কৰাৰ প্ৰতিবাদৰ অন্তত দীপিকাই দক্ষিণৰ বিগ বাজেটৰ এখন ছবি এৰি দিয়ে।

বহুতে কয়, বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়েই নিজ কেৰিয়াৰৰ আৰম্ভণিতে পৰিচালক আৰু প্ৰযোজকৰ সকলো বহু আজৱ চৰ্ত মানি লয়। কিন্তু দীপিকা যেন পৃথক। আত্মসন্মানত আঘাত হানিব পৰা প্ৰতিটো স্থিতিৰ বিৰুদ্ধে সদায় মোকাবিলা কৰি আহিছে দীপিকািই।

মডেলিং আৰু এডভাৰটাইজিঙৰ জৰিয়তে গ্লেমাৰৰ জগতখনত প্ৰৱেশ কৰিছিল দীপিকাই। এক সাক্ষাৎকাৰত দীপিকাই উল্লেখ কৰিছিল যে কেৰিয়াৰৰ আৰম্ভণিতে বিজ্ঞাপনৰ এগৰাকী পৰিচালকৰ সৈতে তেওঁৰ বিবাদ হৈছিল। দীপিকাৰ মতে, পৰিচালকজনে তেওঁক অশ্লীল মন্তব্য কৰিছিল। যাৰ বাবে তেওঁ শ্বুটিং স্থলীৰ পৰা ওলাই আহিছিল।

দীপিকাই কৈছিল সেইদিনা আণ্ডাৰৱেৰৰ এটা বিজ্ঞাপনৰ ফটোশ্বুট  আছিল। পৰিচালকৰ কথা মতে দীপিকা কেমেৰাৰ সন্মুখত থিয় হৈছিল। সেই সময়ত তেওঁ আছিল এক প্ৰতিষ্ঠিত আৰু নামী-দামী মডেল। বিজ্ঞাপনৰ বাবে ভিন্ন ভংগীমাত অভিনেত্ৰীগৰাকীৰ ফটো আৰু ভিডিঅ’ লোৱা হৈছিল। কিন্তু তাৰ মাজতে পৰিচালক গৰাকীয়ে কৰে এক আজৱ মন্তব্য।  যি শুনি আচৰতি হৈ পৰে দীপিকা।

অভিনেত্ৰীগৰাকীক পৰিচালকগৰাকীয়ে কয় যে,“তোমাৰ স্তন দুটা যথেষ্ট সৰু, এই বিজ্ঞাপনৰ বাবে ডাঙৰ আকাৰৰ স্তন লাগে!” এই কথা শুনাৰ লগে লগে স্তম্ভিত হৈ পৰে দীপিকা।  কিন্তু পৰিচালকজনৰ অভদ্ৰামী ইয়াতেই শেষ নহয়। তেওঁ পুনৰ কয় যে, “চিন্তা নকৰিবা, সম্পাদনাৰ সময়ত মই তোমাৰ স্তন দুটা ডাঙৰ কৰি দিম।” ইয়াৰোপৰি পৰিচালকগৰাকীয়ে দীপিকাগৰাকীক ইয়াৰ বাবে প্লাষ্টিক চাৰ্জাৰি কৰিবলৈও পৰামৰ্শ দিয়ে।

এই সাক্ষাৎকাৰত দীপিকাই কয় যে পৰিচালকজনৰ এনে মন্তব্য অতি জঘন্য আছিল। পৰিচালকগৰাকীৰ এই অশ্লীল মন্তব্যৰ পাছত দীপিকাই সেই স্থানৰ পৰা ওলাই আহিছিল। অৱশ্যে তেওঁ স্পষ্টকৈ কৈছিল যে এই বিজ্ঞাপন আৰু তেওঁ নকৰে। এনে বহু ঘাট-প্ৰতিঘাট অতিক্ৰম কৰি আজি জনপ্ৰিয়  অভিনেত্ৰী হৈ পৰিছে দীপিকা পাডুকন।