ইৰাণৰ হাইপাৰছ’নিক মিছাইলৰ ভয়ত কঁপিছে ইজৰাইল ! ই কিমান শক্তিশালী জানেনে…
ইজৰাইল শংকিত হোৱাৰ মূলতে ইৰাণৰ হাতত আছে হাইপাৰছ’নিক মিছাইল। ই কোনো ৰাডাৰত ধৰা নপৰাকৈ আৰু মাত্ৰ কেইমিনিটমানৰ ভিতৰতে শত্ৰুৰ লক্ষ্য ধ্বংস কৰিব পাৰে। ই বহু কম সময়ত শত্ৰুক শিক্ষা দিব পাৰে ।

ইৰাণ-ইজৰাইলৰ যুদ্ধই মধ্যপ্ৰাচ্যত বৃদ্ধি কৰিছে উত্তেজনা। বহু বছৰ ধৰি এই দুয়োখন দেশৰ মাজত ধাৰাবাহিকভাৱে চলি আহিছে সংঘাত। ইজৰাইলে তেহৰাণকে ধৰি ইয়াৰ আশে পাশে থকা কেইটা অঞ্চলত ক্ষেপণাস্ত্ৰৰে আক্ৰমণৰ চলোৱাৰ পাছতে ইৰাণেও শেহতীয়াকৈ শক্তিশালী অস্ত্ৰৰে এনে আক্ৰমণৰ বাবে সাজু হৈছে । যাৰ ফলত শংকিত হৈছে ইজৰাইল।
ইজৰাইল শংকিত হোৱাৰ মূলতে ইৰাণৰ হাতত আছে হাইপাৰছ’নিক মিছাইল। ই কোনো ৰাডাৰত ধৰা নপৰাকৈ আৰু মাত্ৰ কেইমিনিটমানৰ ভিতৰতে শত্ৰুৰ লক্ষ্য ধ্বংস কৰিব পাৰে। ই বহু কম সময়ত শত্ৰুক শিক্ষা দিব পাৰে ।
ইৰাণৰ হাতত বহুতো উন্নত বেলিষ্টিক আৰু ক্ৰুজ মিছাইল আছে। ইয়াৰ ভিতৰত ফাতেহ-১১০, চাহাব-৩, জোলফাগৰ আৰু খোৰৰামশ্বহৰ আদি উল্লেখযোগ্য। এইবোৰ এতিয়া হাইপাৰছ’নিক প্ৰযুক্তিৰে সজ্জিত। এই ক্ষেপণাস্ত্ৰসমূহে ২০০০ কিলোমিটাৰ পৰ্যন্ত দূৰত্ব অতিক্ৰম কৰিব পাৰে ।
হাইপাৰছ’নিক মিছাইলৰ বিশেষত্ব হ’ল, ই শব্দতকৈ ৫ গুণ বেছি বেগেৰে উৰি যায় (Mach5+), যাৰ ফলত শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক অতিক্ৰম কৰাটো সহজ হৈ পৰে। ইৰাণে ইজৰাইলৰ বিৰুদ্ধে ব্যৱহাৰ কৰা বুলি দাবী কৰা ঘণ্টাত ১১ হাজাৰ মাইল বেগত থকা ‘fattah’ ক্ষেপণাস্ত্ৰতো এই গুণ দেখা যায়।
এই ক্ষেপণাস্ত্ৰসমূহে মিনিটৰ ভিতৰতে যিকোনো লক্ষ্য ধ্বংস কৰিব পাৰে, যাৰ বাবে ইজৰাইলকে ধৰি আন দেশসমূহেও আশংকাত ভুগিছে । কিয়নো বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দ্বাৰাও ইয়াক বাধা দিয়াটো কঠিন।
ইৰাণৰ উচ্চ প্ৰযুক্তিৰ ক্ষেপণাস্ত্ৰই ৰাডাৰ ব্যৱস্থাক অতিক্ৰম কৰিব পাৰে, যাৰ ফলত প্ৰতিৰক্ষা ব্যৱস্থাটো অকাৰ্যকৰী হৈ পৰে। আমেৰিকা আৰু ইজৰাইল ইতিমধ্যে চিন্তিত হৈ পৰিছে, এনে পৰিস্থিতিত ইৰাণৰ এই প্ৰযুক্তিয়ে যুদ্ধৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিব পাৰে।