মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ

17 June 2025

TV9 ASSAM

Photos Credit: Getty Images

প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ বেক্টেৰিয়াৰ ফলত হয় । পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত এই সমস্যা বেছিকৈ হোৱা দেখা যায় ।

 বেক্টেৰিয়া

মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণ হ'লে শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে । এই লক্ষণবোৰ আওকাণ কৰিব নালাগে ।

আওকাণ নকৰিব

প্ৰস্ৰাৱ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণবোৰৰ ভিতৰত এটা হৈছে সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হ'ব পাৰে । লগতে প্ৰস্ৰাৱৰ পৰিমাণ কম হ'ব পাৰে ।

সঘনাই প্ৰস্ৰাৱ লগা

তদুপৰি মহিলাগৰাকীয়ে প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা অনুভৱ কৰিব পাৰে । ই সংক্ৰমণৰ সাধাৰণ লক্ষণ ।

প্ৰস্ৰাৱ জ্বলা-পোৰা

প্ৰস্ৰাৱৰ ৰং সলনি বা হালধীয়া হোৱা আৰু অত্যধিক গোন্ধ ওলোৱা সংক্ৰমণৰ লক্ষণ হ'ব পাৰে । এই ক্ষেত্ৰত সাৱধান হ'ব । 

প্ৰস্ৰাৱৰ ৰং সলনি

প্ৰস্ৰাৱৰ সংক্ৰমণ হ'লে মহিলাগৰাকীয়ে পেটৰ তলৰ অংশত বিষ অনুভৱ কৰিব । তদুপৰি ক্লান্তি অনুভৱ কৰিব ।

বিষ অনুভৱ

প্ৰস্ৰাৱৰ সংক্ৰমণ হ'লে মৃদু জ্বৰ হ'ব পাৰে । জ্বৰৰ লগতে ঠাণ্ডা অনুভৱ কৰিব পাৰে । এই লক্ষণে দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক ।

জ্বৰ হ'ব পাৰে

পঢ়িবলৈ ক্লিক কৰক

মুখৰ আলচাৰৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায়