Iran-Israel War Update: নেতান্যেহুৰ বক্তব্যই অধিক ভয়কৰ ৰূপ দিব নেকি মধ্যপ্ৰাচ্যৰ যুদ্ধক?
চাৰিদিনৰ পাছতো আক্রমণ-প্রত্যাক্রমণ বন্ধ হোৱা নাই ৷ দেওবাৰে ইৰাণৰ ‘ৰিভল্যুচনেৰী গাৰ্ড’ৰ চোৰাংচোৱা মুৰব্বী মহম্মদ কাজেম ইজৰাইলৰ আক্ৰমণত নিহত হয়। আৰু এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুৰ কণ্ঠত শুনা সতৰ্কবাণীয়ে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হোৱাৰ ইংগিত দিছে।
ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ পৰিস্থিতি। চাৰিদিনৰ পাছতো আক্রমণ-প্রত্যাক্রমণ বন্ধ হোৱা নাই ৷ দেওবাৰে ইৰাণৰ ‘ৰিভল্যুচনেৰী গাৰ্ড’ৰ চোৰাংচোৱা মুৰব্বী মহম্মদ কাজেম ইজৰাইলৰ আক্ৰমণত নিহত হয়। আৰু এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুৰ কণ্ঠত শুনা সতৰ্কবাণীয়ে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হোৱাৰ ইংগিত দিছে।
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক হত্যা কৰাৰ কথা কয় নেতান্যেহুৱে। সূত্ৰ অনুসৰি খামেনেই সম্প্ৰতি এটা অজ্ঞাত বাংকাৰত আত্মগোপন কৰি আছে। নেতান্যেহুৱে কয় যে যদি ইৰাণৰ উচ্চতম নেতা খামেনেইক হত্যা কৰা হয় তেন্তে এই সংঘাত তীব্ৰতৰ নহয়, বৰঞ্চ সকলো সংঘাতৰ অন্ত পৰিব।
আমেৰিকাৰ সংবাদ মাধ্যম ‘এবিচি’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নেতান্যেহুৱে এই মন্তব্য কৰে। নেতান্যেহুক সোধা হৈছিল যে ইজৰাইলে সঁচাকৈয়ে খামেনেইক লক্ষ্য কৰি ল’ব পাৰে নেকি? ইয়াৰ উত্তৰত নেতান্যেহুৱে কয় যে আমি যি কৰিব লাগে সেই কাম কৰি আছো। নেতান্যেহুৱে দাবী কৰে যে খামেনেই হৈছে ইৰাণৰ উগ্ৰবাদ আৰু সন্ত্ৰাসবাদৰ মূল। তেওঁক আঁতৰাই দিলে সংঘাত বন্ধ হৈ যাব।
নেতান্যেহুৰ এই বক্তব্যৰ পিছত ৰাজনৈতিক বিশ্লেষকৰ মাজত আলোচনা আৰম্ভ হৈছে। ইজৰাইলে সঁচাকৈয়ে খামেনেইক লক্ষ্য কৰি ল’ব পাৰিবনে? যদি এনেকুৱা হয় তেন্তে মধ্যপ্ৰাচ্যত ভয়ংকৰ যুদ্ধ আৰম্ভ হ’ব পাৰে। আমেৰিকা, ৰাছিয়া আৰু অন্যান্য মুছলমান দেশসমূহো ইয়াৰ লগত জড়িত হ’ব পাৰে বুলি আশংকা কৰা হৈছে।
খামেনেই ইৰাণৰ ৰাজনীতি আৰু সেনাবাহিনীৰ সৰ্বোচ্চ নেতা। তেওঁৰ ওপৰত আক্ৰমণক সমগ্ৰ ইৰাণী শাসনৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি গণ্য কৰা হ’ব। ফলত বিশ্লেষকসকলৰ মতে নেতানিয়াহুৰ এই মন্তব্যক ইৰাণে প্ৰত্যক্ষ যুদ্ধ ঘোষণা হিচাপে ল’ব পাৰে।