17 JUNE 2025
TV9 ASSAM
সাধাৰণতে মানুহে বিচনাত কোমল বিচনাত শুই ভাল পায়, কিন্তু আপুনি জানেনে মজিয়াত শোৱাটো কিমান উপকাৰী? এই বিষয়ে বিতংভাৱে জানো আহক
মজিয়াত শুলে তেজৰ সঞ্চালন সঠিকভাৱে ৰাখে, যাৰ ফলত আপোনাৰ মানসিক চাপ কমি যায়, সেয়ে বিচনাৰ পৰিৱৰ্তে মজিয়াত শোৱাটো মানসিক স্বাস্থ্যৰ বাবে উপকাৰী।
মজিয়াত শুলে পেশীৰ চাপ কম হয়, যাৰ ফলত পেশীৰ বিষ আৰু টনাৰ পৰা সকাহ পোৱা যায়। কিন্তু যদি আপোনাৰ পেশীৰ লগত জড়িত কোনো সমস্যা আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে মজিয়াত শুব। লাগে
মজিয়াত শুই থাকিলে শৰীৰৰ ভংগীমাও উন্নত হয়। ইয়াৰ ফলত মেৰুদণ্ড পোন কৰি ৰখাত সহায় কৰে, যাৰ ফলত পিঠি, ডিঙি, কান্ধ আৰু কঁকালৰ বিষৰ পৰাও সকাহ পোৱা যায়।
গ্ৰীষ্মকালত মজিয়াত শোৱাটো অধিক উপকাৰী হ’ব পাৰে, কাৰণ বিচনাৰ তুলনাত মজিয়াত শুলে শৰীৰৰ উষ্ণতা শীতল কৰি ৰখাত সহায় কৰে আৰু ইয়াৰ ফলত টোপনিৰ মানো উন্নত হয়।
প্ৰথম অৱস্থাত মজিয়াত শুবলৈ অসুবিধা হ’ব পাৰে, কিন্তু যেতিয়া ক্ৰমান্বয়ে ই অভ্যাসত পৰিণত হয়, তেতিয়া ইয়াৰ সুফল যেনে তেজ চলাচল ভাল, পেশীৰ বিষৰ পৰা উপশম আৰু ই আপোনাৰ টোপনিৰ ধৰণো উন্নত কৰে।
কেতিয়াও খালী মজিয়াত শুব নালাগে। ইয়াৰ বাবে মেট ব্যৱহাৰ কৰিব লাগে। আৰম্ভণিতে পাতল তুলী আৰু গাৰু ব্যৱহাৰ কৰিব পাৰি, কিন্তু লাহে লাহে যদি তুলী আৰু গাৰুৰ অভ্যাস এৰি দিয়ে, তেন্তে ইয়াৰ লাভ আৰু বেছি।
চাবলৈ ক্লিক কৰক