ভুৱা আধাৰ কাৰ্ড কেনেকৈ চিনাক্ত কৰিব পাৰি? একেবাৰে সহজ টিপছ জানক…
বহু লোকে ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আহিছে। যিটো এক চিন্তাৰ বিষয়। যিয়ে সমস্যাৰ সৃষ্টি কৰিছে। আপুনি জানেনে ভুৱা আধাৰ কাৰ্ড কেনেদৰে চিনাক্ত কৰিব পাৰিব?

আজিৰ সময়ত আধাৰ কাৰ্ড আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিচয় পত্ৰ হিচাপে পৰিগণিত হৈছে। বেংকৰ পৰা আৰম্ভ কৰি প্ৰতিটো অফিচিয়েল কামত আধাৰ কাৰ্ডৰ প্ৰয়োজন। কিন্তু আচৰিত ধৰণে বহু লোকে ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আহিছে। যিটো এক চিন্তাৰ বিষয়। যিয়ে সমস্যাৰ সৃষ্টি কৰিছে। আপুনি জানেনে ভুৱা আধাৰ কাৰ্ড কেনেদৰে চিনাক্ত কৰিব পাৰিব?
প্ৰায়ে মানুহে আধাৰ কাৰ্ডখন কেৱল চাইয়েই শুদ্ধ বুলি ধৰি লয়। আধাৰ কাৰ্ড পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। আটাইতকৈ ভাল কথাটো হ’ল যে, আপুনি ঘৰতে বহি আধাৰ কাৰ্ড ভেৰিফিকেচন কৰিব পাৰে, সেইটোও একেবাৰে বিনামূলীয়া। পিছে এই কাম কেনেকৈ কৰিব?
UIDAI ৱেবছাইটৰ জৰিয়তে ভেৰিফিকেচন
- আধাৰ কাৰ্ডৰ পৰীক্ষণৰ বাবে প্ৰথমে UIDAI ৰ অফিচিয়েল ৱেবছাইট uidai.gov.in লৈ যাব লাগিব।
- ইয়াৰ পিছত আপুনি My Aadhaar শিতানত গৈ Verify Aadhaar Number ৰ বিকল্পটো বাছি ল’ব লাগিব।
- ইয়াৰ পিছত আপুনি ১২ অংকৰ আধাৰ নম্বৰ আৰু স্ক্ৰীণত দেখা দিয়া কেপচা ক’ড দিব লাগিব।
- আপুনি Verify বুটামত ক্লিক কৰাৰ লগে লগে আধাৰ নম্বৰ সক্ৰিয় নে নিষ্ক্ৰিয় হৈ আছে সেই কথা তৎক্ষণাত গম পাব।
- যদি আধাৰ সক্ৰিয় দেখা যায়, তেন্তে ইয়াৰ অৰ্থ হ’ল কাৰ্ডখন আচল আৰু বৈধ।
mAadhaar app ৰ সহায়ত কেনেকৈ ভেৰিফাই কৰিব?
- UIDAI য়ে প্ৰদান কৰিছে mAadhaar নামৰ এটা মোবাইল এপ। ইয়াৰ সত্যাপনৰ দুটা পদ্ধতি আছে:
- Verify Aadhaar Number- ইয়াত আধাৰ নম্বৰটো দি ৱেবচাইটৰ দৰে ভেৰিফিকেচন কৰিব লাগিব।
- QR Code Scan- প্ৰতিখন আধাৰ কাৰ্ডত এটা QR ক’ড ছপা কৰা হয়। আধাৰৰ সত্যতা mAadhaar app ৰ সহায়ত স্কেন কৰিও জানিব পাৰিব।
বিনামূলীয়া আৰু সহজ সুবিধা
আধাৰ কাৰ্ড পৰীক্ষণৰ এই সুবিধা সম্পূৰ্ণ বিনামূলীয়া। UIDAIৰ এই সুবিধাই আপোনাক সুৰক্ষিত কৰাই নহয়, যিকোনো সম্ভাৱ্য জালিয়াতিৰ পৰাও আপোনাক সুৰক্ষিত কৰে। এতিয়া মাত্ৰ এটা ক্লিক বা স্কেনৰ দ্বাৰা আপোনাৰ আধাৰ আচল নে ভুৱা গম পাব।