আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! হাত সাৰিবলৈ শীঘ্ৰেই কৰক এই কাম…
আজিৰ দিনত আধাৰ কাৰ্ডৰ প্ৰয়োজন সৰ্বাধিক। প্ৰায় সকলো ক্ষেত্ৰতে পৰিচয় পত্ৰৰ বাবে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। কিন্তু যদি আধাৰ আপডেট নাথাকে তেন্তে সমস্যা হ'ব পাৰে।

আজিকালি আধাৰ কাৰ্ড অবিহনে একো কৰিব নোৱাৰি। এই কাৰ্ড কেৱল পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰা নহয়, বিভিন্ন ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয়। বহু ক্ষেত্ৰত প্ৰয়োজন হয় আধাৰ কাৰ্ড। সন্তানক স্কুলত নামভৰ্তি কৰোৱাৰ পৰা আৰম্ভ কৰি বেংক একাউণ্ট বা পেন কাৰ্ড লাভ কৰালৈকে সকলোতে আধাৰৰ প্ৰয়োজন হয়। আন পৰিচয় পত্ৰতকৈ আধাৰ কাৰ্ডৰ গ্ৰহণযোগ্যতা বহুত বেছি।
কিন্তু এই আধাৰ কাৰ্ড থকাৰ অৰ্থ এইটো নহয় যে আপুনি সকলো সুবিধা পাব। ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি অথবা ইউ আই ডি এ আই য়ে কয় যে যিসকলৰ আধাৰ কাৰ্ড ১০ বছৰ পুৰণি তেওঁলোকৰ বিপদ হ’ব পাৰে, আৰু সেই বিপদৰ পৰা হাত সাৰিবলৈ আধাৰ কাৰ্ড নিয়মিতভাৱে আপডেট কৰা প্ৰয়োজন।
বহু ক্ষেত্ৰত আধাৰ কাৰ্ডৰ বিভিন্ন তথ্যত সৰু সৰু ভুল দেখা যায়। আৰু সেই সকলোবোৰ ভুল যদি আছে তেন্তে পিছত সমস্যাৰ সন্মুখীন হ’বও পাৰে। ইয়াৰোপৰি আঙুলিৰ চাপ, ৰেটিনাৰ ছবি আধাৰ কাৰ্ডত এটা নিৰ্দিষ্ট সময়ত আপডেট কৰিব লগা হয়। অন্যথা বেংকৰ লেনদেন কৰোতে সমস্যাৰ সন্মুখীন হ’ব পাৰে। আন আধাৰ কাৰ্ড ভিত্তিক কামৰ সময়তো সমস্যা হ’ব পাৰে।
আৰু এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰথমে আধাৰ কাৰ্ড আপডেট কৰক। ১০ বছৰৰ মূৰে মূৰে এই আপডেট কৰা অত্যন্ত জৰুৰী। গতিকে সকলো সমস্যাৰ পৰা হাত সাৰিবলৈ আধাৰ কাৰ্ডৰ আপডেট প্ৰয়োজনীয়।
কেনেকৈ আপডেট কৰিব
- প্ৰথমে UIDAI ৱেবচাইটত যাওক।
- পাছত “My Aadhaar”ত ক্লিক কৰক
- “Update Your Aadhaar”ত ক্লিক কৰক ।
- লগ ইন কৰিবলৈ আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ দিয়ক।
- আধাৰ কাৰ্ডত থকা নম্বৰত অটিপি আহিব,সেইটোৰে ৰেজিষ্টাৰ কৰক।
- আপুনি কি আপডেট কৰিব বিচাৰে তাত ক্লিক কৰক।
- নতুন তথ্য প্ৰদান কৰক।
- তথ্য সমূহ আপলোড কৰক।
- এটা মাচুল দিব লাগিব (বৰ্তমান ৫০ টকা)।
- আপোনাৰ আপডেইটৰ অৱস্থা অনুসৰণ কৰিবলৈ আপুনি এটা সেৱা অনুৰোধ নম্বৰ (SRN) লাভ কৰিব।
কি কি লাগিব
- ৰেজিষ্টাৰ থকা ফোন নম্বৰ।
- প্ৰয়োজনীয় তথ্য।
অধিক জানিবলৈ ওচৰত থকা আধাৰ কাৰ্ড অফিচত যোগাযোগ কৰক।
অন্য খবৰ পঢ়কঃ কেতিয়া ইৰাণৰ ওপৰত আক্ৰমণ কৰিব আমেৰিকাই? ট্ৰাম্পে দিলে মঞ্জুৰী…