শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১৯৪৭ চনত মোদীৰ দৰে নেতা থকা হ’লে কেতিয়াও বিভাজিত নহ’লহেঁতেন দেশ! মন্তব্য মুখ্যমন্ত্ৰীৰ

অনুষ্ঠানত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ১৯৪৭ চনত যদি নৰেন্দ্ৰ মোদীৰ দৰে নেতা থাকিলহেঁতেন, তেতিয়া ভাৰতবৰ্ষ কেতিয়াও বিভাজিত নহ'লহেঁতেন। লগতে তেতিয়া কাশ্মীৰ সমস্যাৰ উদ্ভৱ নহ'লহেঁতেন আৰু আমাৰ দেশ সদায় একত্রিত হৈ থাকিলহেঁতেন বুলি তেওঁ মন্তব্য কৰে।

১৯৪৭ চনত মোদীৰ দৰে নেতা থকা হ’লে কেতিয়াও বিভাজিত নহ’লহেঁতেন দেশ! মন্তব্য মুখ্যমন্ত্ৰীৰ
অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
monjit-dutta
Monjit Dutta | Published: 14 Aug 2025 21:49 PM

আজি গুৱাহাটীত বিজেপিয়ে আয়োজন কৰে ত্ৰিৰংগা যাত্ৰা আৰু বিভাজন বিভীষিকা স্মৃতি দিৱস পাণ্ডুত আয়োজন কৰা ত্ৰিৰংগা যাত্ৰা আৰু সনাতন দেৱালয়ত আয়োজিত বিভাজন বিভীষিকা স্মৃতি দিৱসত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিভাজন বিভীষিকা স্মৃতি দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৯৪৭ চনত নৰেন্দ্ৰ মোদীৰ দৰে নেতা থকাহলে ভাৰতবৰ্ষ কেতিয়াও বিভাজিত নহ’লহেঁতেন বুলি মন্তব্য কৰে

উল্লেখ্য যে, ১৯৪৭ চনৰ ১৪ আগষ্টত ভাৰতবৰ্ষ বিভাজন হোৱা আৰু বিভাজনৰ বাবে প্ৰাণহেৰুৱা লোকসকলক স্মৰণ কৰি ভাৰতীয় জনতা পার্টিয়ে এই দিৱস পালন কৰি আহিছে। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ১৯৪৭ চনৰ ১৪ আগষ্টত দেশ বিভাজনৰ পিছতে লাখ লাখ লোকক পাকিস্তানৰ পৰা খেদি পঠোৱাই নহয়, পাকিস্তানৰ পৰা ভাৰতলৈ আহিব বিচৰা লোকসকলক ৰে’লৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰা হৈছিল।

পাকিস্তানৰ পৰা অহা ৰে’লবোৰ মৃতদেহেৰে ভৰি আহিছিল বুলি নিজ ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পাকিস্তানত অত্যাচাৰৰ সন্মুখীন হোৱা আৰু প্ৰাণাহুতি দিয়া লোকসকলক সোঁৱৰণ কৰি আৰু ভাৰতবৰ্ষ যাতে পুনৰ কেতিয়াও বিভাজন নহয় আৰু বিভাজনৰ সময়ৰ পাশৱিক দৃশ্যবোৰৰ যাতে পুনৰাবৃত্তি নহয় সেই উদ্দেশ্যেৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি তেওঁ কয়।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লগতে কংগ্ৰেছ দলৰ বিফলতা আৰু দুৰ্বলতাৰ বাবেই ভাৰতত মুছলিম লীগৰ জন্ম হৈছিল আৰু এই মুছলিম লীগেই ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰিছিল বুলি মন্তব্য কৰে। সেই সময়ত অসমকো বিভাজিত কৰাৰ বাবে ষড়যন্ত্ৰ কৰা হৈছিল বুলি তেওঁ কয়। কিন্তু লোকপ্রিয় গোপীনাথ বৰদলৈৰ সবল নেতৃত্বৰ বাবে অসম বিভাজনৰ পৰা ৰক্ষা পৰিছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

অনুষ্ঠানত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ১৯৪৭ চনত যদি নৰেন্দ্ৰ মোদীৰ দৰে নেতা থাকিলহেঁতেন, তেতিয়া ভাৰতবৰ্ষ কেতিয়াও বিভাজিত নহ’লহেঁতেন লগতে তেতিয়া কাশ্মীৰ সমস্যাৰ উদ্ভৱ নহ’লহেঁতেন আৰু আমাৰ দেশ সদায় একত্রিত হৈ থাকিলহেঁতেন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লগতে দেশত যাতে কেতিয়াও পুনৰ দুৰ্বল নেতৃত্বৰ জন্ম নহয় আৰু দুৰ্বল নেতৃত্বৰ বাবে যাতে কেতিয়াও দেশ বিভাজনৰ দৰে বিভীষিকা নামি নাহে তাৰ আশা প্ৰকাশ কৰে স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু বিকশিত কৰাৰ লগতে ২০৪৭ চনত এখন অমৃত ভাৰতৰ নিৰ্মাণৰ সংকল্প গ্ৰহণৰ বাবে তেওঁ সকলোকে আহ্বান জনায়।

অনুষ্ঠানত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ ভূৱনেশ্বৰ কলিতা, ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া প্ৰমুখ্যে কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।