শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চিৰদিনলৈ চকু মুদিলে মোহনমালাইঃ অশ্ৰুসিক্ত নয়নেৰে সন্মানেৰে বিদায় দিলে কাজিৰঙাই

বয়সজনিত সমস্যাৰ বাবে আজি চিৰদিনলৈ চকু মুদে কাজিৰঙাৰ আটাইতকৈ বয়োজ্যেষ্ঠ কৰ্মচাৰী মোহনমালাই। হাতীটোৰ মৃত্যুৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মোহনমালাক সম্পূৰ্ণ সন্মানেৰে বিদায় দিয়ে।

চিৰদিনলৈ চকু মুদিলে মোহনমালাইঃ অশ্ৰুসিক্ত নয়নেৰে সন্মানেৰে বিদায় দিলে কাজিৰঙাই
চিৰদিনলৈ চকু মুদিলে মোহনমালাই
monjit-dutta
Monjit Dutta | Updated On: 14 Aug 2025 22:53 PM

আজি এক শোকাকুল পৰিৱেশে বিৰাজ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মোহনমালাৰ মৃত্যুৱে বিশ্ব ঐতিহ্য স্থলী কাজিৰঙাত আজি শোকাহত কৰি তোলে বন বিভাগৰ কৰ্মচাৰীসকলক সুদীৰ্ঘ প্ৰায় ৫৫ বছৰ কাজিৰঙাৰ নিৰাপত্তাত নিয়োজিত হোৱা মোহনমালাই আজি চিৰদিনৰ বাবে চকু মুদে এইদৰে পাঁচ দশকতকৈও অধিক সময় অবিৰতভাৱে কাজিৰঙাত বন বিভাগক সহায় আগবঢ়াই অহা মোহনমালা আজি এক অবিস্মৰণীয় অতীত হৈ পৰে

এই মোহনমালা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ পুৰণি বন বিভাগীয় হাতী বিভাগীয় তথ্য মতে আজি ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মহনমালাই ১৯৭০ চনৰ পৰা কাজিৰঙাত চোৰাং চিকাৰ বিৰোধী টহলৰ কামত নিয়োজিত হৈ আছিল মোহনমালা

বয়সজনিত সমস্যাৰ বাবে আজি চিৰদিনলৈ চকু মুদে কাজিৰঙাৰ আটাইতকৈ বয়োজ্যেষ্ঠ কৰ্মচাৰী মোহনমালাই হাতীটোৰ মৃত্যুৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মোহনমালাক সম্পূৰ্ণ সন্মানেৰে বিদায় দিয়ে। উল্লেখ্য যে ১৯৭০ চনৰ ১৭ মে’ত এজন বন বিষয়াই মোহনমালাক কাজিৰঙাত চোৰাং চিকাৰ বিৰোধী আৰু নিৰাপত্তাৰ দায়িত্বত নিয়োজিত কৰিছিল।

ইয়াৰ পিছৰ তিনিটা দশকত তেওঁ অটল নিষ্ঠাৰে সেৱা আগবঢ়াইছিল কাজিৰঙাত কৰ্তব্যৰ সময়ত প্ৰায়ে সশস্ত্ৰ চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযানৰ সময়ত বিপদতো পৰিছিল মোহনমালা। তাৰ পিছতো মোহমালাই থিয় দিছিল চোৰাং চিকাৰ বিৰোধী যুঁজৰ এক অক্লান্ত সৈনিক হিচাপে

বন বিভাগৰ নিয়ম অনুসৰি মোহনমালাই ৬০ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ইয়াৰ পিছত শেহতীয়া সময়খিনি কৰ্মচাৰীসকলৰ যত্নত পৰিয়ালৰ সদস্যৰ দৰেই জীৱন কটায় মোহনমালাই। যোৱা বছৰৰ ডিচেম্বৰ মাহত মোহনমালা অসুস্থ হৈ পৰিছিল তাৰ পিছৰে পৰা বিশেষজ্ঞ পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰা হৈছিল যদিও বয়সৰ ওচৰত অৱশেষত হাৰ মানে।

আজি মোহনমালাৰ মৃত্যুৰ পিছত বন বিভাগে সম্পূৰ্ণ বিভাগীয় সন্মানেৰে বিদায় দিলে। মোহনমালাৰ মৃত্যুৱে শোকাহত কৰিছে কাজিৰঙাৰ বিষয়া, কৰ্মচাৰী আৰু কাজিৰঙাৰ বাসিন্দাসকলক