শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ ২২ গজত ভাৰত-পাকিস্তানৰ মেচ! যুৱৰাজৰ কান্ধত অধিনায়কৰ দায়িত্ব

পুনৰ এবাৰ ২২ গজত নিজৰ চমক দেখুৱাবলৈ সাজু হৈছে প্ৰাক্তন ভাৰতীয় তাৰকা যুৱৰাজ সিং। ক্ৰিকেট বিশ্বত ছিক্সাৰ কিং হিচাপে খ্যাত যুৱৰাজৰ বিস্ফোৰক বেটিং প্ৰত্যক্ষ কৰাৰ বাবে অনুৰাগীৰ কাষলৈ আন এক সুযোগ কঢ়িয়াই আনিছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছে।

পুনৰ ২২ গজত ভাৰত-পাকিস্তানৰ মেচ! যুৱৰাজৰ কান্ধত অধিনায়কৰ দায়িত্ব
পুনৰ ২২ গজত যুৱৰাজ সিংImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 04 Jul 2025 21:55 PM

পুনৰ এবাৰ ২২ গজত নিজৰ চমক দেখুৱাবলৈ সাজু হৈছে প্ৰাক্তন ভাৰতীয় তাৰকা যুৱৰাজ সিং। ক্ৰিকেট বিশ্বত ছিক্সাৰ কিং হিচাপে খ্যাত যুৱৰাজৰ বিস্ফোৰক বেটিং প্ৰত্যক্ষ কৰাৰ বাবে অনুৰাগীৰ কাষলৈ আন এক সুযোগ কঢ়িয়াই আনিছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছে। অহা ১৮ জুলাই পৰা এই প্ৰতিযোগিতা আৰম্ভ হ’ব। আগন্তুক এই প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব যুৱৰাজে। ইতিমধ্যে প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে। যুৱৰাজৰ নেতৃত্বত ইণ্ডিয়া চেম্পিয়নছ দলে ডিফেণ্ডিং চেম্পিয়ন হিচাপে এই প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।

১৮ জুলাইৰ পৰা ২ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত সৰ্বমুঠ ৬টা দলে অংশগ্ৰহণ কৰিব। ইণ্ডিয়া চেম্পিয়নৰ উপৰিও প্ৰতিযোগিতাত দেখা যাব পাকিস্তান চেম্পিয়নছ, অষ্ট্ৰেলিয়া চেম্পিয়নছ, দক্ষিণ আফ্ৰিকা চেম্পিয়নছ, ইংলেণ্ড চেম্পিয়নছ আৰু ৱেষ্ট ইণ্ডিজ চেম্পিয়নছ দলে। উল্লেখ্য যে এইবাৰ হ’ব প্ৰতিযোগিতাৰ দ্বিতীয় সংস্কৰণ। প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত যুৱৰাজ সিঙৰ নেতৃত্বতে ইণ্ডিয়া চেম্পিয়নছ দলে খিতাপ জয় কৰিছিল। গতিকে এইবাৰো ভাৰতীয় দলটোৰ পৰা শক্তিশালী প্ৰদৰ্শনৰ আশা কৰিছে অনুৰাগীসকলে।

প্ৰতিযোগিতাৰ বাবে ঘোষিত ইণ্ডিয়া চেম্পিয়নছ দলটোত দেখা যাব কেইবাগৰাকীও প্ৰাক্তন ভাৰতীয় তাৰকাক। গব্বৰ খ্যাত প্ৰাক্তন তাৰকা শিখৰ ধাৱানেও এইবাৰ প্ৰতিযোগিতাখনত অভিষেক ঘটাব। লক্ষণীয়ভাৱে ২০ জুলাইত পাকিস্তান চেম্পিয়নছৰ বিৰুদ্ধে প্ৰথমখন লীগ মেচ খেলিব লাগিব ইণ্ডিয়া চেম্পিয়নছে। এইদৰে প্ৰাক্তন খেলুৱৈৰ যুঁজ হ’লেও পুনৰ এবাৰ ভাৰত-পাকিস্তান মেচৰ উন্মাদনা উপভোগ কৰিবলৈ পাব ক্ৰিকেটপ্ৰেমীসকলে। ইয়াৰ পিছত ২২ জুলাইত ভাৰতীয় দলে দক্ষিণ আফ্ৰিকা চেম্পিয়নছৰ বিৰুদ্ধে দ্বিতীয়খন মেচ খেলিব।

আনহাতে ২৬ জুলাইত অষ্ট্ৰেলিয়া চেম্পিয়নছৰ বিৰুদ্ধে, ২৭ জুলাইত ইংলেণ্ড চেম্পিয়নছৰ বিৰুদ্ধে আৰু ২৯ জুলাইত ৱেষ্ট ইণ্ডিজ চেম্পিয়নছৰ বিৰুদ্ধে লীগৰ আনকেইখন মেচ খেলিব ইণ্ডিয়া চেম্পিয়নছে। এই প্ৰতিযোগিতাখনৰ দুয়োখন ছেমি ফাইনেল মেচ ৩১ জুলাইত অনুষ্ঠিত হ’ব। ২ আগষ্টত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ ফাইনেল। উল্লেখ্য যে ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ প্ৰথমটো সংস্কৰণত ফাইনেলত পাকিস্তান চেম্পিয়নছক পৰাস্ত কৰিয়েই ইণ্ডিয়া চেম্পিয়নছে খিতাপ জয় কৰিছিল।

ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ বাবে ঘোষিত ইণ্ডিয়া চেম্পিয়নছ দলঃ যুৱৰাজ সিং (অধিনায়ক), শিখৰ ধাৱান, ৰবিন উথাপ্পা, আম্বাতি ৰায়ুডু, সুৰেশ ৰাইনা, ইৰফান পাঠান, ইউছুফ পাঠান, হৰভজন সিং, পিযুষ চাওলা, ষ্টুয়াৰ্ট বিন্নী, গুৰকীৰাট সিং মান, বিনয় কুমাৰ, সিদ্ধাৰ্থ কৌল, বৰুণ এৰন, অভিমন্যু মিথুন, পৱন নেগী।