শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইডিয়ে জেৰা চলালে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙকঃ কি গোচৰত সন্মুখীন হৈছে জেৰাৰ!

যুৱৰাজ সিঙৰ পৰা ইডিয়ে বেটিং এপৰ ​​লিংক, তেওঁৰ সৈতে কোনে যোগাযোগ কৰিছিল আৰু তেওঁক কিদৰে ধন দিয়া হৈছিল সেই সম্পৰ্কে তথ্য বিচাৰিব। যুৱৰাজ সিঙৰ লগতে প্ৰাক্তন ক্ৰিকেটাৰ ৰবিন উথাপ্পা, শিখৰ ধাৱান আৰু সুৰেশ ৰাইনাকো এই গোচৰত ইডিয়ে জেৰা কৰিছিল।

ইডিয়ে জেৰা চলালে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙকঃ কি গোচৰত সন্মুখীন হৈছে জেৰাৰ!
যুৱৰাজ সিংImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 23 Sep 2025 15:01 PM

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙক জেৰা চলালে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডিয়ে আজি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। অবৈধ অনলাইন বেটিং প্লেটফৰ্ম 1xBetৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত যুৱৰাজক ইডিয়ে জেৰাৰ বাবে চমন কৰে। এই গোচৰত যুৱৰাজ সিঙৰ পূৰ্বে আন কেইবাজনো প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰকো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে জাননী জাৰি কৰিছে।

অবৈধ অনলাইন বেটিং প্লেটফৰ্ম 1xBetৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ তদন্ত জোৰদাৰ কৰি তুলিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে তদন্তকাৰী সংস্থাটোৱে এই গোচৰত এতিয়ালৈকে কেইবাজনো ক্ৰিকেটাৰ আৰু বলীউডৰ তাৰকাক সোধা-পোছা কৰা হৈছে। ইডিয়ে এই চেলিব্ৰিটিসকলৰ পৰা এপটোৰ প্ৰচাৰ, যোগাযোগৰ উৎস ইত্যাদি বিষয়ত তথ্য সংগ্ৰহ কৰিছে।

সূত্ৰ অনুসৰি, ইডিয়ে সন্দেহ প্ৰকাশ কৰিছে যে প্লেটফৰ্মটোৰ জনপ্ৰিয়তা বৃদ্ধিত চেলিব্ৰিটি এণ্ডাৰছেমেণ্টে মুখ্য ভূমিকা পালন কৰিছিল ইয়াৰ ফলত বিনিয়োগকাৰীৰ কোটি কোটি টকাৰ লোকচান হৈছিল। এই অবৈধ অনলাইন বেটিং প্লেটফৰ্মটোৰ সৈতে যুৱৰাজ সিঙো জড়িত হৈ আছিল। এই কাৰণতে ইডিয়ে তেওঁক সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

যুৱৰাজ সিঙৰ পৰা ইডিয়ে বেটিং এপৰ ​​লিংক, তেওঁৰ সৈতে কোনে যোগাযোগ কৰিছিল আৰু তেওঁক কিদৰে ধন দিয়া হৈছিল সেই সম্পৰ্কে তথ্য বিচাৰিব। যুৱৰাজ সিঙৰ লগতে প্ৰাক্তন ক্ৰিকেটাৰ ৰবিন উথাপ্পা, শিখৰ ধাৱান আৰু সুৰেশ ৰাইনাকো এই অবৈধ অনলাইন বেটিং প্লেটফৰ্ম 1xBetৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ইডিয়ে জেৰা কৰিছিল।

উল্লেখ্য যে এই 1xBet হৈছে ভাৰতত অবৈধভাৱে কাম কৰা অনলাইন বেটিং প্লেটফৰ্ম। ভাৰতীয় আইন উলংঘা কৰি এই প্লেটফৰ্মত অবৈধ বাজিত লিপ্ত হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডিয়ে এই প্লেটফৰ্মৰ বিত্তীয় লেনদেন, কৰ ফাঁকি আৰু ডাটা ছিকিউৰিটি ভংগৰ তদন্ত আৰম্ভ কৰিছে।