কাইলৈ সম্পন্ন হ’ব জুবিনৰ শেষকৃত্য, চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ
শোকস্তব্ধ ৰাজ্য়। কাইলৈ সম্পন্ন হ'ব জুবিনৰ শেষকৃত্য। আজিৰ দিনটোত শিৰোনাম দখল কৰা শীৰ্ষ খবৰসমূহ চাওঁ আহক।
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চলি থকা চাঞ্চল্যৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ। ৰাইজৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। আজি এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাইজৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ। কাইলৈ পুৱা হ’ব মৰণোত্তৰ পৰীক্ষা।
জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনোৱাৰ বাবে আজিও সৰুসজাই দেখা যায় অনুৰাগীৰ ব্যাপক ভিৰ। সকলোৱেই অশ্ৰুসিক্ত নয়নেৰে অন্তিম শ্ৰদ্ধা জনাইছে শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰত। কালিলৈ পঞ্চভূতত বিলীন হ’ব অসমীয়াৰ প্ৰাণৰ আপোন শিল্পীগৰাকী।
জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মন্তব্য কৰিছে শেষ সময়ত তেওঁৰ সৈতে থকা শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গক সাগৰলৈ লৈ যোৱাৰ পৰা তেওঁৰ মৃত্যু হোৱালৈকে কি কি হৈছিল সকলো বিৱৰি ক’লে সহযোগীগৰাকীয়ে।
লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ…