শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ক্ষমতাৰ সুযোগ লৈ কি কৰিছে ইউনুছে! গুৰুতৰ অভিযোগ তুলিলে হাছিনাই

ক্ষমতাৰ সুযোগ লৈ কি কৰিছে ইউনুছে! গুৰুতৰ অভিযোগ তুলিলে হাছিনাই

monjit-dutta
Monjit Dutta | Published: 22 Sep 2025 22:46 PM

হাছিনাই এই বাৰ্তা যোগে ইউনুছৰ ওপৰত বাংলাদেশৰ জনসাধাৰণে পূৰ্বে যি আশা প্ৰকাশ কৰিছিল এই আশা ভংগ হোৱাৰ লগতে এতিয়া তেওঁৰ স্বৰূপ সকলোৰে সমুখত উন্মোচিত হৈছে বুলি দাবী কৰে।

ব্যাপক আন্দোলন সূত্ৰে ক্ষমতা হেৰুওৱাৰ পিছৰে পৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দেশ এৰি পলায়ন কৰি আছে। দেশৰ পৰা বাহিৰত থাকিলেও হাছিনাই আৱামী লীগৰ কৰ্মী তথা সমৰ্থকৰ সৈতে যোগাযোগ কৰি আহিছে। এইক্ষেত্ৰত তেওঁৰ যোগাযোগৰ মাধ্যম হৈছে অডিঅ’ বাৰ্তা। এতিয়া পুনৰ হাছিনাৰ এক অডিঅ’ বাৰ্তাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই অডিঅ’ বাৰ্তাটোৰ জৰিয়তে হাছিনাই বৰ্তমান বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ তুলিছে।

হাছিনাই এই বাৰ্তা যোগে ইউনুছৰ ওপৰত বাংলাদেশৰ জনসাধাৰণে পূৰ্বে যি আশা প্ৰকাশ কৰিছিল এই আশা ভংগ হোৱাৰ লগতে এতিয়া তেওঁৰ স্বৰূপ সকলোৰে সমুখত উন্মোচিত হৈছে বুলি দাবী কৰে। লগতে তেওঁৰ বিৰুদ্ধে আন কেইটামান অভিযোগ উত্থাপন কৰিছে শ্বেখ হাছিনাই।