শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ৰাজ্য়িক মৰ্যাদাৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অসম আৰক্ষীৰ

ৰাজ্য়িক মৰ্যাদাৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অসম আৰক্ষীৰ

trishna-kalita
Trishna Kalita | Updated On: 23 Sep 2025 12:07 PM

অসম আৰক্ষীৰ জোৱানে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জনালে জাতীয় জীৱনৰ মহান শিল্পীজনালৈ। ২১ জাঁই গুলীৰে জুবিন গাৰ্গৰ প্ৰতি শেষ সন্মান জনায় অসম আৰক্ষীয়ে।

অসম আৰক্ষীৰ জোৱানে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জনালে জাতীয় জীৱনৰ মহান শিল্পীজনালৈ। ২১ জাঁই গুলীৰে জুবিন গাৰ্গৰ প্ৰতি শেষ সন্মান জনায় অসম আৰক্ষীয়ে। চকু সেমেকি উঠিছে প্ৰতিজন অসমীয়াৰ। দবা-শংখ, বেদ ধনিৰ মাজেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ তুলি দিয়া হ’ল চিতাত। আকাশে-বতাহে মুখৰিত হৈ উঠিছে ‘জয় জুবিন দা’ আৰু ‘জুবিন দা অমৰ হওক’ ধ্বনি।

নিজ পুত্ৰলৈ অন্তিমবাৰৰ বাবে মৰম যাঁচিলে পিতৃয়ে। এই কৰুণ দৃশ্যই চকু সেমেকাই তুলিছে প্ৰতিজন লোকৰে। সকলোৱে থিয় হৈ এই কৰুণ ক্ষণত শ্ৰদ্ধা নিবেদিলে সকলোৱে। অশ্ৰুসিক্ত নয়নেৰে অসমৰ প্ৰাণ তথা নিজ স্বামীলৈ অন্তিম শ্ৰদ্ধা নিবেদিলে গৰিমা শইকীয়া গাৰ্গে। এই ক্ষণে শোকাৰ্ত কৰি তুলিলে প্ৰতিজন লোককে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত প্ৰতিজন সন্মানীয় ব্যক্তিয়ে জুবিন গাৰ্গৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।