Morning News: জুবিন গাৰ্গৰ শেষকৃত্যৰ পৰা বেলন ডি অ’ৰলৈ, পঢ়ক পুৱাৰ কেইটামান মুখ্য খবৰ
আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব জুবিন গাৰ্গৰ। সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নৰ বাবে কমাৰকুছিৰ শেষকৃত্যস্থলী সাজু কৰি তোলা হৈছে। ইতিমধ্যে এই স্থানত সমাগম ঘটিছে ব্যাপক সংখ্যক লোকৰ।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব জুবিন গাৰ্গৰ। সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নৰ বাবে কমাৰকুছিৰ শেষকৃত্যস্থলী সাজু কৰি তোলা হৈছে। ইতিমধ্যে এই স্থানত সমাগম ঘটিছে ব্যাপক সংখ্যক লোকৰ।
- জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ মাজত সোমাই পৰাৰ ফলত তেওঁৰ মৃতদেহৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী উত্থাপন হৈছিল। পৰিয়ালৰ অনুমতিৰ পিছত মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ মৰণোত্তৰ পৰীক্ষা ঘোষণা কৰিছিল। সেই অনুসৰি আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে।
- যোৰহাটত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া তথা সমাধিৰ বাবে যথেষ্ট দাবী উত্থাপন হোৱা পৰিলক্ষিত হৈছিল। কিন্তু পৰিয়ালৰ অনুমতি সাপেক্ষে এতিয়া সোণাপুৰত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হ’ব। যোৰহাটবাসীৰ আদৰৰ প্ৰতি লক্ষ্য ৰাখি মাঙ্গলিক অনুষ্ঠান যোৰহাটত আয়োজন কৰাৰ বাবে পৰিয়ালে সিদ্ধান্ত লয়। লগতে জুবিন গাৰ্গৰ চিতাভস্ম সংগ্ৰহ কৰি যোৰহাটৰ ৰাইজক প্ৰদান কৰা হ’ব আৰু যোৰহাটতো সমাধি নিৰ্মাণ কৰা হ’ব।
- প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে যোৱা দিনকেইটাত ৰাজ্যজুৰি স্বতঃস্ফুৰ্তভাৱে এক বন্ধসদৃশ পৰিস্থিতি দেখা গৈছিল। অৱশ্যে কিছু কিছু স্থানত দোকান–ব্যৱসায়িক প্ৰতিষ্ঠান বলপূৰ্বকভাৱে বন্ধ কৰাৰ চেষ্টাও দেখা গৈছিল। কিন্তু আজি ২ বজাৰ পিছত দোকান-পোহাৰ খোলাত বাধা দিয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি অসম চৰকাৰে স্পষ্ট কৰি দিছে।
- জুবিন গাৰ্গৰ অকাল মৃত্যু ৰহস্যৰ মাজত সোমাই পৰাৰ পিছতে তদন্তৰ দাবী উত্থাপন হৈছিল। ৰাজ্যৰ ভিন্ন স্থানত এই সন্দৰ্ভত বহু এজাহাৰো দাখিল হৈছিল। ইয়াৰ পিছতে চৰকাৰে এই বিষয়ত চি আই ডি তদন্ত ঘোষণা কৰিছিল। সামাজিক মাধ্যমত বহু লোকে প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। এতিয়া CIDয়ে এনে পোষ্ট দিওঁতাসকলৰ সাক্ষ্য ল’ব বুলি জানিব পৰা গৈছে।
- সোণাপুৰত আজি জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। জানিব পৰা মতে, জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে ভাতৃৰ মুখাগ্নি কৰিব। লগতে ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে পামি বৰঠাকুৰক মুখাগ্নিত সহযোগিতা কৰিব বুলি জানিব পৰা গৈছে।
- কালি অনুষ্ঠিত হয় বিটিচি নিৰ্বাচন। মুঠ ৪০ টা পৰিষদীয় সমষ্টিত ৩১৬ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ধাৰণ কৰে ভোটাৰে। প্ৰকাশিত তথ্য অনুসৰি, এই ৪০ খন আসনত সৰ্বমুঠ ৭৮.৪২ শতাংশ ভোটদান সম্পন্ন হয়। সম্পূৰ্ণ শান্তি-শৃংখলাৰ মাজেৰে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয়।
- সোমবাৰৰ পৰা দেশত কাৰ্যকৰী হৈছে নতুন জি এছ টি নীতি। এই নতুন নীতি অনুসাৰে বহু সামগ্ৰীৰ দাম হ্ৰাস পাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জি এছ টি সংস্কাৰ নীতি কাৰ্যকৰী হোৱাৰ পিছত দেশত জি এছ টি সঞ্চয় মহোৎসৱ আৰম্ভ হ’ব বুলি মন্তব্য কৰিছিল।
- শুল্ক, বাণিজ্য, আৰু এতিয়া এইচ-১বি ভিছাক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে সাক্ষাৎ কৰে। বৈঠকৰ অন্তত ৰুবিঅ’ই ভাৰত এতিয়াও ৱাশ্বিংটনৰ বাবে বিশেষ অংশীদাৰ হৈ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
- কালি প্ৰদান কৰা হয় ফুটবলৰ আটাইতকৈ সন্মানীয় ব্যক্তিগত বঁটা বেলন ডি অ’ৰ। এইবাৰ এই বঁটা জয় কৰিছে তাৰকা ফুটবলাৰ অ’চমানে ডেম্বেলেই। ফ্ৰান্সৰ তাৰকা তথা ক্লাৱ পৰ্যায়ত পেৰিছ চেইণ্ট জাৰ্মেইন, চমুকৈ পি এছ জিৰ হৈ খেলা ডেম্বেলেই বৰ্ষটোত চমকপ্ৰদ প্ৰদৰ্শন দাঙি কৰিছিল। এইক্ষেত্ৰত দ্বিতীয় স্থানত থাকে স্পেইন তথা বাৰ্চিলোনাৰ উদীয়মান তাৰকা লামিনে য়ামাল।