শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখিছিল নিজক, বাৰে বাৰে মনলৈ আহিছিল বেয়া চিন্তা, বিচ্ছেদৰ বেদনা কিমান গধুৰ ক’লে চাহালে

টিম ইণ্ডিয়াৰ স্পিনাৰ যুজবেন্দ্ৰ চাহালে ৰাজ ছামনিৰ প’ডকাষ্টত ধনশ্ৰীৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কয়। ইয়াৰ মাজতে তেওঁ বহুকেইটা গোপন ঘটনা উদঙাই দিলে। জানো আহক সবিশেষ-

ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখিছিল নিজক, বাৰে বাৰে মনলৈ আহিছিল বেয়া চিন্তা, বিচ্ছেদৰ বেদনা কিমান গধুৰ ক’লে চাহালে
যুজবেন্দ্ৰ চাহালImage Credit source: Kerry Marshall/Getty Images
Raj Saikia
Raj Saikia | Published: 01 Aug 2025 11:47 AM

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম স্পীনাৰ যুজবেন্দ্ৰ চাহাল। আই পি এলৰো এগৰাকী সফল খেলুৱৈ তেওঁ। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ত পঞ্জাব কিংছৰ হৈ হেট্ৰিক কৰা যুজবেন্দ্ৰ চাহালে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। শেহতীয়াকৈ পত্নী ধনশ্ৰীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল চাহালৰ।

এই বিবাহ বিচ্ছেদৰ কাৰণ কি আছিল? এই কথা কোনেও নাজানে, কিন্তু এতিয়া টিম ইণ্ডিয়াৰ স্পিনাৰগৰাকীয়ে এই বিষয়ত এক ডাঙৰ তথ্য প্ৰকাশ কৰিছে। চাহালে কয় যে তেওঁৰ সম্পৰ্কক লৈ ইমানেই টেনচন আছিল যে এবাৰ তেওঁ নিজকে শেষ কৰাৰ কথাও ভাবিছিল। এই সময়ছোৱাত তেওঁ ভালদৰে শুব পৰা নাছিল। ক্ৰিকেটৰ পৰাও আনকি তেওঁ নিজকে আঁতৰাই ৰাখিছিল।

এটা গোপন সত্য প্ৰকাশ চাহালৰ

টিম ইণ্ডিয়াৰ স্পিনাৰ যুজবেন্দ্ৰ চাহালে ৰাজ ছামনিৰ প’ডকাষ্টত ধনশ্ৰীৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কয়। ইয়াৰ মাজতে তেওঁ বহুকেইটা গোপন ঘটনা উদঙাই দিলে। চাহালে কয় যে তেওঁৰ বিবাহিত জীৱনত চলি থকা উত্তেজনাৰ বাবে তেওঁ বহুত ডিপ্ৰেছনত পৰিছিল। এই সময়ছোৱাত তেওঁ ক্ৰিকেটৰ পৰা আঁতৰি আছিল।

চাহালে কয়, “চাৰি-পাঁচ মাহ ধৰি মই বহুত ডিপ্ৰেছনত আছিলো। উদ্বেগ বৃদ্ধি পাইছিল। আন্ধাৰে মোৰ দুচকু আগুৰি ধৰিছিল। এইবোৰ কথা মাত্ৰ কেইজনমান মানুহেহে জানে, যিসকল সেই সময়ত মোৰ লগত আছিল। ইয়াৰ বাহিৰে মই এইবোৰ কথা কাৰো লগত শ্বেয়াৰ কৰা নাছিলো। এই সময়ছোৱাত মই চৰম সিদ্ধান্তৰ কথাও ভাবিছিলো, কাৰণ সেই সময়ত মোৰ মগজুৱে কাম কৰাটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল।”

তেওঁ লগতে কয়, “টেনচনৰ বাবে মই মাত্ৰ দুঘণ্টাৰ পৰা তিনিঘণ্টালৈকে শুব পাৰিছিলো, বাকী সময়খিনি মই মোৰ বিশেষ বন্ধুসকলৰ লগত কথা পাতিছিলো।”

 

View this post on Instagram

 

A post shared by Raj Shamani (@rajshamani)

ক্ৰিকেটৰ পৰা আঁতৰি আছিল চাহাল

চাহালে কয় যে সম্পৰ্কক লৈ ইমানেই টেনচনত পৰিছিল যে তেওঁ আনকি ক্ৰিকেটৰ পৰাও আঁতৰি গৈছিল। তেওঁ কয়, “মই খেলপথাৰত মোৰ ১০০ শতাংশ দিব পৰা নাই। সেইবাবেই মই ক্ৰিকেটৰ পৰা বিৰতি লৈছিলো। জীৱনত সকলো সা-সুবিধা থকাৰ পিছতো মই নিজকে শূন্য অনুভৱ কৰিছিলো।”

চাহালে লগতে কয়, “আপোনাৰ জীৱনত সকলো আছে, সকলো আৰাম আছে, কিন্তু তথাপিও আপোনাৰ সুখ নাই। তেতিয়া এইবোৰ চিন্তা আপোনাৰ মনলৈ আহে – এই জীৱনটোক কি কৰিব? মাত্ৰ এৰি দিয়ক।”

“মই কাকো প্ৰতাৰণা কৰা নাছিলো”- চাহাল

ধনশ্ৰীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত বহুতে যুজবেন্দ্ৰ চাহালক প্ৰতাৰক বুলি অভিহিত কৰে। এই কথাত চাহালে দুখ পায়। তেওঁ কয়, “মই কোনো প্ৰতাৰক নহয়। মোতকৈ আনুগত্যশীল মানুহ বিচাৰি নাপাব। মই কাকো প্ৰতাৰণা কৰা নাছিলো। মই মোৰ নিজৰ মানুহৰ বাবে হৃদয়ৰ পৰা ভাবো। মই কাৰো পৰা একো বিচৰা নাই, মই মাত্ৰ দিছো। যেতিয়া মানুহে একো নাজানে তেতিয়া তেওঁলোকে এনেকৈ লিখে। মোৰ দুগৰাকী ভনী আছে, গতিকে মই নাৰীক সন্মান কৰিব জানো।”

চাহালে কয় যে কেৱল কাৰোবাৰ লগত দেখা পোৱাৰ বাবেই মানুহে আপোনাৰ বিষয়ে যিকোনো কথা চিন্তা কৰে আৰু যিকোনো কথা লিখি সামাজিক মাধ্যমক ভিউজ গোটায়। আচল সমস্যাটো হ’ল যেতিয়া আপুনি এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াৰ পিছত মানুহে আপোনাক জোকাবলৈ আৰম্ভ কৰে, কাৰণ তেওঁলোকে ভাবে যে আপুনি কিবা এটা ক’ব। “মই উত্তৰটো দিব লাগিব, মই মাত্ৰ সঠিক সময়ৰ বাবে অপেক্ষা কৰি আছিলো।” চাহালে কয়।