শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেৰিবিয়ান শক্তিৰ সমুখত স্থিৰ যশস্বী দুৰ্গঃ সম্পূৰ্ণ সপ্তম শতক, ভংগ কৰিলে দ্ৰাবিড়-কোহলী-গাংগুলীৰ ৰেকৰ্ড

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা মাটিত জয়ছোৱালৰ এয়া প্ৰথমটো শতক আৰু সামগ্ৰিকভাৱে দলটোৰ বিৰুদ্ধে এয়া তেওঁৰ দ্বিতীয়টো শতক। এই ইনিছংটোৰ সময়ত যুৱ বেটাৰগৰাকীয়ে আন কিছু কৃতিত্ব অৰ্জন কৰিবলৈও সক্ষম হৈছে। এনে ক্ষেত্ৰত তেওঁ ভাৰতীয় দলৰ কেইবাগৰাকীও কিংবদন্তি তাৰকাক অতিক্ৰম কৰিছে।

কেৰিবিয়ান শক্তিৰ সমুখত স্থিৰ যশস্বী দুৰ্গঃ সম্পূৰ্ণ সপ্তম শতক, ভংগ কৰিলে দ্ৰাবিড়-কোহলী-গাংগুলীৰ ৰেকৰ্ড
যশস্বী জয়ছোৱালImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 10 Oct 2025 14:21 PM

ৱেষ্ট ইণ্ডিজৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ আহমেদাবাদত অনুষ্ঠিত প্ৰথমখন টেষ্টত আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হৈছিল যুৱ তাৰকা যশস্বী জয়ছোৱাল। পিছে আহমেদাবাদ টেষ্টৰ ব্যৰ্থতা পাহৰি আজিৰ পৰা দিল্লীত আৰম্ভ হোৱা দ্বিতীয় টেষ্টত পৰিচিত লয়লৈ উভতিল যুৱ তাৰকাগৰাকীয়ে। দৰ্শনীয় বেটিঙেৰে দিল্লীত আজি যশস্বীয়ে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে, কিয় তেওঁক ভাৰতীয় টেষ্ট দলৰ ভৱিষ্যতৰ সম্ভাৱনা হিচাপে বিবেচনা কৰা হয়। নিজকে প্ৰমাণ কৰাৰ সমান্তৰালকৈ যশস্বীয়ে ভাৰতীয় দলকো আজি দিছে এক শক্তিশালী স্থিতি।

আজিৰ পৰা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আৰম্ভ হোৱা দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনা ভাৰতীয় দলক এক সবল আৰম্ভণি প্ৰদান কৰি শতক সম্পূৰ্ণ কৰিছে যশস্বী জয়ছোৱালে। কেৰিবিয়ান বলিং আক্ৰমণৰ সমুখত দুৰ্ভেদ্য প্ৰাচীৰ হৈ পৰা জয়ছোৱালৰ টেষ্ট কেৰিয়াৰত এয়া সপ্তমটো শতক।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা মাটিত জয়ছোৱালৰ এয়া প্ৰথমটো শতক আৰু সামগ্ৰিকভাৱে দলটোৰ বিৰুদ্ধে এয়া তেওঁৰ দ্বিতীয়টো শতক। এই ইনিছংটোৰ সময়ত যুৱ বেটাৰগৰাকীয়ে আন কিছু কৃতিত্ব অৰ্জন কৰিবলৈও সক্ষম হৈছে। এনে ক্ষেত্ৰত তেওঁ ভাৰতীয় দলৰ কেইবাগৰাকীও কিংবদন্তি তাৰকাক অতিক্ৰম কৰিছে।

যশস্বীৰ ৩০০০ ৰাণ

নিজ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত যশস্বী জয়ছোৱালে আজি ৩,০০০ ৰান সম্পূৰ্ণ কৰে। কেৰিয়াৰৰ ৭১টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে জয়ছোৱালে। কিংবদন্তি ভাৰতীয় তাৰকা সুনীল গাভাস্কাৰৰ পিছতে এতিয়া জয়ছোৱাল ৩০০০ ৰান সম্পূৰ্ণ কৰা দ্বিতীয় দ্ৰুততম বেটাৰ হিচাপে বিবেচিত হৈছে।

এইক্ষেত্ৰত সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, বিৰাট কোহলীৰ দৰে কিংবদন্তিৰ লগতে বৰ্তমানৰ তাৰকা শুভমন গিলকো তেওঁ অতিক্ৰম কৰে। শুভমন গিলে ৭৭টা ইনিংছত ৩০০০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে গাংগুলীয়ে ৭৪, দ্ৰাবিড়ে ৭৮ আৰু বিৰাট কোহলীয়ে ৮০ ইনিংছত এনে কৃতিত্ব অৰ্জন কৰিছিল।

এই দশকত সৰ্বাধিক ৫০+ স্ক’ৰ

ভাৰতৰ হৈ এই দশকত যশস্বী জয়ছোৱালে সৰ্বাধিকবাৰ পঞ্চাশ বা তাতোধিক স্ক’ৰ সংগ্ৰহৰ অভিলেখ ৰচিছে। এইপৰ্যন্ত তেওঁ ৪৮টা ইনিংছত ১৯ বাৰ এই সীমা অতিক্ৰম কৰিছে। ইফালে ৰোহিত শৰ্মাই ১৪ বাৰ পঞ্চাশ বা তাতোধিক স্ক’ৰ সংগ্ৰহ কৰিছে। বৰ্তমানৰ টেষ্ট অধিনায়ক গিলে মাত্ৰ ছয় বাৰহে এই সীমা অতিক্ৰম কৰিছে।

সমুখত কেৱল শচীন

সম্প্ৰতি ২৩ বছৰীয়া জয়ছোৱালে ৭টা টেষ্টত শতক অৰ্জন কৰিছে। ইমান কম বয়সতে তেওঁতকৈ অধিক শতক অৰ্জন কৰা ভাৰতীয় বেটাৰ কেৱল শচীন তেণ্ডুলকাৰ। ক্ৰিকেটৰ ইশ্বৰ খ্যাত তেণ্ডুলকাৰে ২৩ বছৰ বয়সলৈ টেষ্ট ফৰ্মেটত ১১টা শতক অৰ্জন কৰিছিল।