স্মৃতিত পৰিণত হ’ল ‘হাল্ক আপ’, চিৰদিনলৈ চকু মুদিলে WWEৰ প্ৰসিদ্ধ তাৰকা হাল্ক হোগানে
WWEৰ ৰিঙত হোগানে নিক্ষেপ কৰা সংলাপৰ লগতে ‘এটমিক লেগ ড্ৰপ’ আৰু ‘হাল্ক আপ’ৰ দৰে বিভিন্ন ধৰণৰ শৈলী কিশোৰ-কিশোৰীৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছিল।

বিশ্বজুৰি থকা ৱৰ্ল্ড ৰেষ্টলিং এণ্টাৰটেইনমেণ্ট, চমুকৈ WWEৰ অগণন অনুৰাগীৰ বাবে এক দুখবৰ। পেছাদাৰী ৰেষ্টলিং জগতৰ ছুপাৰষ্টাৰ তথা বিখ্যাত ৰেষ্টলাৰ হাল্ক হোগানে আজি চিৰদিনৰ বাবে চকু মুদিছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি WWEৰ অন্যতম প্ৰসিদ্ধ তাৰকা হোগানে আজি ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। হোগান আছিল WWE ইতিহাসৰ অন্যতম সফল তাৰকা আৰু সমগ্ৰ বিশ্বতে এই ক্ৰীড়াক জনপ্ৰিয় কৰি তোলা অন্যতম এগৰাকী আগশাৰীৰ খেলুৱৈ। আমেৰিকাৰ ৱেবছাইট টিএমজেডৰ এক প্ৰতিবেদন অনুসৰি ফ্ল’ৰিডাৰ নিজা বাসগৃহত হাল্ক হোগানৰ মৃত্যু হয়।
প্ৰতিবেদনত দাবী কৰা হৈছে যে এই ছুপাৰষ্টাৰ ৰেষ্টলাৰগৰাকী হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পিছত তেওঁ পুনৰ সুস্থ হৈ নুঠিল আৰু তেওঁৰ মৃত্যু হয়। প্ৰকাশিত প্ৰতিবেদন অনুসৰি আজি পুৱা প্ৰায় ৯.৫১ বজাত হাল্ক হোগান হাৰ্ট এটেকত আক্ৰান্ত হয়। ইয়াৰ পিছতে জৰুৰীকালীন চিকিৎসা সহায়কৰ দল তাৎক্ষণিকভাৱে তেওঁৰ ঘৰত উপস্থিত হয় আৰু লগে লগে হোগানক এম্বুলেঞ্চ যোগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়।
উল্লেখ্য যে হোগানৰ প্ৰকৃত নাম আছিল টেৰী জিন বলেয়া। ১৯৫৩ চনৰ ১১ আগষ্টত জৰ্জিয়াৰ অগাষ্টাত জন্মগ্ৰহণ কৰা হোগানে ১৯৭৭ চনত পেছাদাৰী ৰেষ্টলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৮৩ চনত WWE ত তেওঁৰ প্ৰৱেশ ঘটিছিল আৰু তাৰ পিছতে হোগানে বিশ্বজুৰি পেছাদাৰী ৰেষ্টলিঙৰ জনপ্ৰিয়তা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। WWEৰ ৰিঙত হোগানে নিক্ষেপ কৰা সংলাপৰ লগতে ‘এটমিক লেগ ড্ৰপ’ আৰু ‘হাল্ক আপ’ৰ দৰে বিভিন্ন ধৰণৰ শৈলী কিশোৰ–কিশোৰীৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছিল।
প্ৰায় সাড়ে ৬ ফুট ওখ আৰু ১৩০ কিলোগ্ৰাম ওজনৰ হোগানে WWE কেৰিয়াৰত ৬ বাৰকৈ WWE Championship আৰু ৬ বাৰকৈ WCW World Heavyweight Championship লাভ কৰিছিল। নিজ কেৰিয়াৰৰ সময়ত হোগানে আন্দ্ৰে দ্য জায়েন্ট, ষ্টিং, দ্য আল্টিমেট ৱাৰিয়ৰ আৰু ৰেণ্ডী চেভেজৰ দৰে ৰেষ্টলাৰৰ সৈতে কৰা প্ৰতিদ্বন্দ্বিতাই সেই সময়ছোৱাত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। WWEৰ প্ৰথম ৯টা ‘ৰেছলমেনিয়া’ ইভেণ্টৰ ভিতৰত ৮টাত অংশগ্ৰহণ কৰিছিল হোগানে।
কিন্তু নতুন মল্লযুঁজাৰুৰ আগমনৰ লগে লগে হাল্ক হোগানৰ ৰিং টাইম ক্ৰমান্বয়ে হ্ৰাস পায় আৰু বয়স বৃদ্ধিৰ বাবে তেওঁ নিজেও এই ক্ৰীড়াৰ পৰা আঁতৰি যায়। এই সময়ছোৱাত তেওঁ হলিউডৰ বহু ছবিতো কাম কৰিছিল, লগতে কিছুমান ৰিয়েলিটি শ্ব’তো অংশ লৈছিল। ২০১২ চনৰ জানুৱাৰী মাহত হোগানে মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাৰ পূৰ্বেই ২০০৫ চনত তেওঁক WWE হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।