ইমান অলপতে বিচলিত হ’লে…! মানচেষ্টাৰত হীৰুদাকেই যেন প্ৰতিধ্বনিত কৰিলে পণ্টে, মোহিত ক্ৰিকেট বিশ্ব
ভৰিত আঘাত লৈ বুধবাৰে মানচেষ্টাৰ টেষ্টৰ প্ৰথম দিনা খেলপথাৰৰ বাহিৰলৈ গৈছিল পণ্ট। খোজ কাঢ়িবলৈও হৈ পৰিছিল অক্ষম। প্ৰতিবেদন আহিছিল পোহৰলৈ, প্ৰায় ৬ সপ্তাহ ধৰি তেওঁ হয়তো ক্ৰিকেটৰ পৰা আঁতৰি থাকিব লাগিব। পিছে সেই যেন হীৰুদাৰ ‘ইমান অলপতে...’ ধ্বনি গুজৰি উঠিল পণ্টৰ কাণত। আৰু আজি দলৰ অতি প্ৰয়োজনীয় সময়ত হাতত বেট লৈ নামি আহিল ২২ গজলৈ।

হাতত কলম তুলি হীৰুদাই কৈছিল– ‘ইমান অলপতে বিচলিত হ’লে তোমাৰ বাৰু কেনেকৈ চলে…!’ অসমীয়া সাহিত্যপ্ৰেমীৰ বাবে অতি চিনাকি হীৰুদাৰ এই কবিতাৰ পংক্তি। কোনোবাখিনিত ধাৰাবাহিক ব্যৰ্থতাৰ সন্মুখীন হোৱাৰ পিছতো হয়তো হীৰুদাৰ এই পংক্তিয়েই আমাৰ মনলৈ কঢ়িয়াই আনে এক নতুন উদ্যম। এয়া আমাৰ বাবেহে পৰিচিত, পিছে উত্তৰাখণ্ডত জন্ম হোৱা আৰু দিল্লীত ডাঙৰ হোৱা এজন যুৱকৰ বাবে হীৰুদাৰ এই পংক্তি জ্ঞাত নোহোৱাটোৱেই স্বাভাৱিক। কিন্তু সুদূৰ মানচেষ্টাৰত যেন আজি হীৰুদাৰ এই পংক্তিৰেই প্ৰতিধ্বনি ঘটালে এই যুৱকজনে।
নাম তেওঁৰ ঋষভ পণ্ট, বহু ঘাত–প্ৰতিঘাতক অতিক্ৰমি আজি ক্ৰিকেট বিশ্বৰ এক সুপৰিচিত নাম এয়া। টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ এক নতুন মজ্জা। বিগত কেইটামান বছৰত এই তাৰকাগৰাকী হৈ পৰিছে ভাৰতীয় টেষ্ট দলৰ এগৰাকী অতি নিৰ্ভৰযোগ্য সদস্য। বিশেষকৈ বিদেশৰ মাটিত যেন পণ্ট অবিহনে অচল ভাৰতীয় টেষ্ট দল।
এনে নিৰ্ভৰযোগ্যতাৰ সুবাদতে এতিয়া ভাৰতীয় টেষ্ট দলৰ সহ–অধিনায়ক পণ্ট। আৰু এই নতুন দায়িত্ব লাভ কৰিয়েই অধিক চমকেৰে উজ্জীৱিত হৈ উঠিছে খেলুৱৈগৰাকী। ইংলেণ্ডৰ মাটিত চলিত টেষ্ট শৃংখলাত পণ্টে খেলিছে ইটোৰ পিছত সিটোকৈ প্ৰশংসনীয় ইনিংছ। পিছে আজি মানচেষ্টাৰত তেওঁ যি কৰি দেখুৱালে, সেয়া যেন অতুলনীয়।
ভৰিত আঘাত লৈ বুধবাৰে মানচেষ্টাৰ টেষ্টৰ প্ৰথম দিনা খেলপথাৰৰ বাহিৰলৈ গৈছিল পণ্ট। খোজ কাঢ়িবলৈও হৈ পৰিছিল অক্ষম। প্ৰতিবেদন আহিছিল পোহৰলৈ, প্ৰায় ৬ সপ্তাহ ধৰি তেওঁ হয়তো ক্ৰিকেটৰ পৰা আঁতৰি থাকিব লাগিব। পিছে সেই যেন হীৰুদাৰ ‘ইমান অলপতে…’ ধ্বনি গুজৰি উঠিল পণ্টৰ কাণত। আৰু আজি দলৰ অতি প্ৰয়োজনীয় সময়ত হাতত বেট লৈ নামি আহিল ২২ গজলৈ।
কেৱল নামি অহা বুলি ক’লে ভুল কৰা হ’ব। কালিৰ ৩৭ ৰানৰ পৰা স্ক’ৰ আৰম্ভ কৰি পণ্টে সম্পূৰ্ণ কৰিলে অৰ্ধশতক। জ’ফ্ৰা আৰ্চাৰৰ বলত ক্ৰীজ এৰালৈ পণ্টে খেলিলে ৫৪ ৰানৰ এক অবিস্মৰণীয় ইনিংছ। আজি হাতত বেট লৈ যেতিয়া পণ্ট পেভিলিয়নৰ পৰা নামি আহিছিল, গেলাৰীত বহি থকা প্ৰতিগৰাকী দৰ্শকেই খেলপথাৰ আন্দোলিত কৰিছিল হাত চাপৰিৰে। আউট হৈ উভতি যোৱাৰ সময়তো সেই একেই দৃশ্য।
পণ্টৰ এই ৫৪ ৰানৰ ইনিংছটোৰ সহায়ত ভাৰতীয় দলে চলিত টেষ্টখনৰ প্ৰথম ইনিংছত সংগ্ৰহ কৰে ৩৫৮ ৰান। পণ্টৰ এই অসামান্য অৱদানক অধিক স্মৰণীয় কৰি তুলিবলৈ ভাৰতক এই মেচত লাগে এতিয়া জয়ৰ সোৱাদ। অৱশ্যে এই সকলোখিনিৰ বাবে এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ হ’ব দলৰ বলিং আক্ৰমণত। আৰু যদি জয়ী হয় ভাৰত, প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে যেন চিঞৰি উঠিব– ‘এই জয় তোমাৰ বাবেই পণ্ট….।’