WPL 2026: নৱী মুম্বাইত প্ৰত্যাশাৰ পূৰ্ণ প্ৰতিফলনঃ শ্বাসৰুদ্ধকৰ প্ৰথম মেচত অন্তিম বলত জয়ী আৰচিবি
MI vs RCB WPL 2026: ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু প্ৰাক্তন চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত এই উদ্বোধনী মেচখনত দৰ্শকে উপভোগ কৰে এক শ্বাসৰুদ্ধকৰ যুঁজ। মেচৰ অন্তিমটো বললৈকে উত্তেজনাই আৱৰি ৰাখে প্ৰতিজন অনুৰাগীক।
টি-২০ ফৰ্মেট বুলিলেই আশা কৰা হয় এক শ্বাসৰুদ্ধকৰ ক্ৰিকেটীয় যুঁজৰ। আৰু এই মেচ যেতিয়া ক্ৰিকেট বিশ্বৰ ৰথী-মহাৰথীৰ মিশ্ৰণেৰে গঠিত দুটা দলৰ মাজত হয়, বৃদ্ধি পায় অধিক উন্মাদনা। সেয়ে ক্ৰিকেট লীগসমূহৰ জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে। মহিলা ক্ৰিকেটত বিশ্বৰ অন্যতম জনপ্ৰিয় লীগ ৱ’মেন প্ৰিমিয়াৰ লীগ (WPL) ২০২৬ৰ আৰম্ভণিও ঘটিল এক প্ৰত্যাশিত ৰোমাঞ্চকৰ যুঁজেৰে। ধৈৰ্য-শক্তিৰ অনন্য মিশ্ৰণেৰে শুকুৰবাৰে নবী মুম্বাইৰ বুকুত ক্ৰিকেটপ্ৰেমীয়ে প্ৰত্যক্ষ কৰিলে এক দৰ্শনীয় বেট-বলৰ যুঁজ।
নবী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত কালি অনুষ্ঠিত হয় ৱ’মেন প্ৰিমিয়াৰ লীগ (WPL)ৰ চতুৰ্থ সংস্কৰণৰ উদ্বোধনী মেচ। ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু প্ৰাক্তন চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত এই উদ্বোধনী মেচখনত দৰ্শকে উপভোগ কৰে এক শ্বাসৰুদ্ধকৰ যুঁজ। মেচৰ অন্তিমটো বললৈকে উত্তেজনাই আৱৰি ৰাখে প্ৰতিজন অনুৰাগীক।
মেচৰ বিৱৰণ
অৱশ্যে নাদিন ডি ক্লাৰ্কৰ দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনৰ সহায়ত জয়ৰ এক আশাহীন অৱস্থাৰ পৰা ৩ উইকেটত বিজয়ীৰ হাঁহি মাৰে আৰচিবিয়ে। মেচখনত টছত জয়ী হৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। মুম্বাই ইণ্ডিয়ানছৰ বেটিং আৰম্ভণি অতি হতাশাজনক আছিল। দলটোৰ তাৰকা খেলুৱৈ আমেলিয়া কেৰে মাত্ৰ ৪ ৰানতে বিদায় লয়।
ইয়াৰ পিছতে নাট চাইভাৰ ব্ৰাণ্ট আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰৰ দৰে অভিজ্ঞ বেটাৰো ব্যৰ্থ হোৱাত দলটোৱে মাত্ৰ ৬৭ ৰানতে ৪ টাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই চৰম সংকটত পৰে। মুম্বাইৰ সেই দুৰ্বল অৱস্থাৰ পৰা দলটোক উদ্ধাৰ কৰে সজীৱন সজনা আৰু নিকোলা কেৰীৰ যুটিয়ে। সজনাই ২৫ বলত ৭টা চাৰি আৰু ১টা ছয়েৰে ৪৫ ৰানৰ এক আক্ৰমণাত্মক ইনিংছ খেলে।
আনহাতে নিকোলা কেৰীয়ে ২৯ বলত ৪০ ৰানৰ অৱদান আগবঢ়ায়। এই দুই বেটাৰৰ যুঁজাৰু যুটিৰ ফলত মুম্বাই ইণ্ডিয়ানছে ২০ অভাৰত ৬ উইকেট হেৰুৱাই ১৫৪ ৰানৰ এক সন্মানজনক স্থিতি লাভ কৰে। আৰচিবিৰ হৈ লৰেন বেলে অতি মিতব্যয়ী বলিং কৰি ১৯টা ডট বল দি মাত্ৰ ১৪ ৰান খৰচ কৰে। নাদিন ডি ক্লাৰ্কে ৪টা উইকেট দখল কৰি মুম্বাইক চাপত ৰাখে।
ইফালে জয়ৰ বাবে ১৫৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নমা আৰচিবিৰ আৰম্ভণি যথেষ্ট উৎসাহজনক আছিল। অধিনায়ক স্মৃতি মান্ধানা আৰু গ্ৰেচ হেৰিছে প্ৰথম উইকেটৰ বাবে মাত্ৰ ৪ অভাৰতে ৪০ ৰান সংগ্ৰহ কৰিছিল। কিন্তু ইনিংছৰ মধ্যম অভাৰসমূহত মুম্বাইৰ বলাৰসকলে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি নিয়মিত ব্যৱধানত আৰ চি বিৰ উইকেট পতন ঘটায়।
জয়ৰ নায়িকা নাদিন ডি ক্লাৰ্ক
এক সময়ত ১২১ ৰানতে ৭ টা উইকেট হেৰুৱাই আৰচিবিৰ জয়ৰ আশা প্ৰায় ম্লান হৈ পৰিছিল। মেচখন জয়ী হ’বলৈ অন্তিম ২ অভাৰত ২৯ ৰানৰ প্ৰয়োজন আছিল। এয়া এক প্ৰকাৰ প্ৰায় অসম্ভৱ যেন হৈ পৰিছিল দলটোৰ বাবে। ঠিক সেই সংকটপূৰ্ণ সময়তে নাদিন ডি ক্লাৰ্কে মেচৰ ছবি সম্পূৰ্ণ সলাই দিয়ে।
দলৰ আন বেটাৰৰ ব্যৰ্থতাৰ মাজতো চমকপ্ৰদ বেটিঙেৰে ক্লাৰ্কে ৪৪ বলত ৬৩ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলি মুম্বাইৰ বলাৰসকলক দিশহাৰা কৰি পেলায়। ১৯তম অভাৰত ১১ ৰান সংগ্ৰহ কৰাৰ পিছত শেষৰ অভাৰত আৰচিবিক ১৮ ৰানৰ প্ৰয়োজন হৈছিল। ক্লাৰ্কে ধৈৰ্য আৰু শক্তিৰ পৰিচয় দি অন্তিম অভাৰত প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰি ৩ উইকেটত দলক জয়ী কৰায়।
প্ৰথমে বলিঙত ৪টা উইকেট দখল কৰাৰ পিছত বেটিঙত এনে মেচ বিজয়ী ইনিংছ খেলি নাদিন ডি ক্লাৰ্কে আৰচিবিক প্ৰতিযোগিতাখনত এক সুন্দৰ আৰম্ভণি উপহাৰ দিয়ে। এনে অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে তেওঁ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। আজি প্ৰতিযোগিতাৰ দুখন মেচত মুখামুখি হ’ব ক্ৰমে ইউপি ৱাৰিয়ৰ্ছ বনাম গুজৰাট জায়াণ্টছ আৰু মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেলছ।