আজিৰ পৰা আৰম্ভ হ’ব WPL ২০২৬ঃ প্ৰথম মেচত হৰমন-স্মৃতিৰ যুঁজ; ক’ত চাব পাৰিব মেচ! চাওক সবিশেষ
মেগা নিলামৰ পিছত প্ৰতিটো ফ্ৰেন্সাইজিত দেখা গৈছে ব্যাপক পৰিৱৰ্তন। কেইবাটাও দলে নিযুক্তি দিছে নতুন অধিনায়ক। এই বৃহৎ মঞ্চত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে সাজু হৈছে কেইবাগৰাকীও উদীয়মান তাৰকা। এই ছিজনটো কেইবাটাও দিশত হৈ পৰিছে বিশেষ। প্ৰধানতঃ পোনপ্ৰথমবাৰৰ বাবে এই লীগ অনুষ্ঠিত হ’ব জানুৱাৰী-ফেব্ৰুৱাৰীত।
ক্ৰিকেট বিশ্বত আজিৰ পৰা পুনৰবাৰ দেখা যাব অনুৰাগীৰ উন্মাদনা। অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই আজিৰ পৰা আৰম্ভ হ’ব ৱ’মেন প্ৰিমিয়াৰ লীগ (WPL)- ৰ চতুৰ্থটো ছিজন। মহিলা ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ তথা জনপ্ৰিয় লীগ ৱ’মেন প্ৰিমিয়াৰ লীগ ২০২৬ৰ বাবে সাজু হৈ উঠিছে প্ৰতিটো দল। মেগা নিলামৰ পিছত প্ৰতিটো ফ্ৰেন্সাইজিত দেখা গৈছে ব্যাপক পৰিৱৰ্তন। কেইবাটাও দলে নিযুক্তি দিছে নতুন অধিনায়ক। এই বৃহৎ মঞ্চত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে সাজু হৈছে কেইবাগৰাকীও উদীয়মান তাৰকা। এই ছিজনটো কেইবাটাও দিশত হৈ পৰিছে বিশেষ। প্ৰধানতঃ পোনপ্ৰথমবাৰৰ বাবে এই লীগ অনুষ্ঠিত হ’ব জানুৱাৰী-ফেব্ৰুৱাৰীত।
আজি প্ৰথম মেচ
আজি নৱী মুম্বাইৰ ডি.ৱাই. পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৱ’মেন প্ৰিমিয়াৰ লীগৰ চতুৰ্থটো ছিজনৰ প্ৰথমখন মেচ। উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ। এই ছিজনত মুঠ ২২ খন মেচ অনুষ্ঠিত হ’ব। ইয়াৰে প্ৰথম ১১ খন মেচ নৱী মুম্বাইত আৰু বাকী ১১ খন মেচ (এলিমিনেটৰ আৰু ফাইনেলসহ) বদোদৰাৰ কোটাম্বী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
ফাইনেল মেচখন ৫ ফেব্ৰুৱাৰীত বদোদৰাত অনুষ্ঠিত হ’ব। ফ্ৰেঞ্চাইজি সমূহে ‘হোম-এণ্ড-এৱে’ ফৰ্মেট বিচাৰিছিল যদিও দেশৰ বাকী ষ্টেডিয়ামসমূহ টি-২০ বিশ্বকাপ আৰু ৰঞ্জী ট্ৰফীৰ দৰে টুৰ্ণামেণ্টৰ বাবে ব্যস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত সেয়া সম্ভৱ হৈ নুঠিল। লক্ষণীয়ভাৱে ১০ আৰু ১৭ জানুৱাৰীত নৱী মুম্বাইত ‘ডাবল হেডাৰ’ মেচ অনুষ্ঠিত হ’ব, যিটো ইয়াৰ পূৰ্বে মহিলা প্ৰিমিয়াৰ লীগত কেতিয়াও হোৱা নাছিল।
ফ্ৰেন্সাইজিত দেখা যাব বিশেষ পৰিৱৰ্তন
এইবাৰ দলসমূহত বহু পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। এইবাৰ দিল্লী কেপিটেলছৰ নেতৃত্ব চম্ভালিব জেমিমা ৰড্ৰিগুৱেজে। আনহাতে ইউপি ৱাৰিয়ৰ্ছে মেগ লেনিঙক অধিনায়ক হিচাপে নিযুক্তি দিছে। মুম্বাই ইণ্ডিয়ানছে হৰমনপ্ৰীত কৌৰৰ নেতৃত্বতে খিতাপ ৰক্ষাৰ বাবে খেলপথাৰত নামিব। আনহাতে এলিন পেৰী আৰু এনবেল চাদাৰলেণ্ডৰ দৰে তাৰকা খেলুৱৈ ব্যক্তিগত কাৰণত এই ছিজনৰ পৰা বাহিৰ হৈছে।
ইয়াৰ বিপৰীতে একাংশ নতুন খেলুৱৈৰ ওপৰত সকলোৰে চকু থাকিব; ইয়াৰ ভিতৰত শেহতীয়া WBBL-ত সুন্দৰ ফৰ্ম দেখুওৱা দিল্লী কেপিটেলছৰ সদস্য লিজেল লী আৰু ১৬ বছৰীয়া আনকেপড বেটাৰ দীয়া যাদৱ অন্যতম। মুম্বাই ইণ্ডিয়ানছৰ পেচাৰ মিলি ইলিংৱৰ্থকো লৈ চৰ্চা চলিছে। ফ্ৰেন্সাইজিসমূহৰ পৰিৱৰ্তনৰ লগতে অভিজ্ঞতা আৰু যুৱ প্ৰতিভাৰ মিশ্ৰণে এইবাৰ প্ৰতিযোগিতা কৰি তুলিব আকৰ্ষণীয়।
ক’ত চাব পাৰিব মেচসমূহ?
WPL 2026-ৰ মেচসমূহ ভাৰতত ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত (Star Sports Network) সম্প্ৰচাৰ কৰা হ’ব আৰু ডিজিটেল প্লেটফৰ্মত জিঅ’হটষ্টাৰ (JioHotstar)-ত লাইভ ষ্ট্ৰীমিং উপলব্ধ হ’ব। ক্ৰিকেট বিশ্বৰ অন্যান্য দেশৰ অনুৰাগীসকলে বেলেগ বেলেগ প্লেটফৰ্মত এই প্ৰতিযোগিতাৰ মেচসমূহৰ আনন্দ উপভোগ কৰিব পাৰিব।
বিজয়ী দলৰ পুৰস্কাৰ
যোৱা ছিজনৰ দৰেই এইবাৰো চেম্পিয়ন দলে ৬ কোটি টকা পুৰস্কাৰ লাভ কৰাৰ সম্ভাৱনা আছে। ৰানাৰ্ছ আপ দলকো ৩ কোটি টকা প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও শ্ৰেষ্ঠ বেটাৰ, শ্ৰেষ্ঠ বলাৰ, প্লেয়াৰ অফ দা টুৰ্ণামেণ্ট, সৰ্বাধিক ছিক্সাৰ আৰু শ্ৰেষ্ঠ ষ্ট্ৰাইক ৰেটৰ খেলুৱৈকো পুৰস্কাৰ প্ৰদান কৰা হ’ব।
WPL 2026-ৰ সম্পূৰ্ণ সূচী
৯ জানুৱাৰীঃ মুম্বাই ইণ্ডিয়ানছ বনাম আৰচিবি, নৱী মুম্বাই
১০ জানুৱাৰীঃ ইউপি ৱাৰিয়ৰ্ছ বনাম গুজৰাট জায়াণ্টছ, নৱী মুম্বাই
১০ জানুৱাৰীঃ মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেলছ, নৱী মুম্বাই
১১ জানুৱাৰীঃ দিল্লী কেপিটেলছ বনাম গুজৰাট জায়াণ্টছ, নৱী মুম্বাই
১২ জানুৱাৰীঃ আৰচিবি বনাম ইউপি ৱাৰিয়ৰ্ছ, নৱী মুম্বাই
১৩ জানুৱাৰীঃ মুম্বাই ইণ্ডিয়ানছ বনাম গুজৰাট জায়াণ্টছ, নৱী মুম্বাই
১৪ জানুৱাৰীঃ ইউপি ৱাৰিয়ৰ্ছ বনাম দিল্লী কেপিটেলছ, নৱী মুম্বাই
১৫ জানুৱাৰীঃ মুম্বাই ইণ্ডিয়ানছ বনাম ইউপি ৱাৰিয়ৰ্ছ, নৱী মুম্বাই
১৬ জানুৱাৰীঃ আৰচিবি বনাম গুজৰাট জায়াণ্টছ, নৱী মুম্বাই
১৭ জানুৱাৰীঃ ইউপি ৱাৰিয়ৰ্ছ বনাম মুম্বাই ইণ্ডিয়ানছ, নৱী মুম্বাই
১৭ জানুৱাৰীঃ দিল্লী কেপিটেলছ বনাম আৰচিবি, নৱী মুম্বাই
১৯ জানুৱাৰীঃ গুজৰাট জায়াণ্টছ বনাম আৰচিবি, বদোদৰা
২০ জানুৱাৰীঃ দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ, বদোদৰা
২২ জানুৱাৰীঃ গুজৰাট জায়াণ্টছ বনাম ইউপি ৱাৰিয়ৰ্ছ, বদোদৰা
২৪ জানুৱাৰীঃ আৰচিবি বনাম দিল্লী কেপিটেলছ, বদোদৰা
২৬ জানুৱাৰীঃ আৰচিবি বনাম মুম্বাই ইণ্ডিয়ানছ, বদোদৰা
২৭ জানুৱাৰীঃ গুজৰাট জায়াণ্টছ বনাম দিল্লী কেপিটেলছ, বদোদৰা
২৯ জানুৱাৰীঃ ইউপি ৱাৰিয়ৰ্ছ বনাম আৰচিবি, বদোদৰা
৩০ জানুৱাৰীঃ গুজৰাট জায়াণ্টছ বনাম মুম্বাই ইণ্ডিয়ানছ, বদোদৰা
১ ফেব্ৰুৱাৰীঃ দিল্লী কেপিটেলছ বনাম ইউপি ৱাৰিয়ৰ্ছ, বদোদৰা
৩ ফেব্ৰুৱাৰীঃ এলিমিনেটৰ, বদোদৰা
৫ ফেব্ৰুৱাৰীঃ ফাইনেল, বদোদৰা