প্ৰকাশ পালে WPLৰ ৰিটেইন লিষ্ট, দলে এৰিলে বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ দীপ্তি আৰু ৰাণাৰ্ছ আপ অধিনায়ক ল’ৰাক
সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আজি ফ্ৰেন্সাইজিসমূহে প্ৰকাশ কৰিছে খেলুৱৈৰ ৰিটেইন তালিকা। এই তালিকাই স্বাভাৱিকতেই আচৰিত কৰি তুলি ক্ৰিকেটপ্ৰেমীসকলক। কিয়নো বিশ্বকাপত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি সমগ্ৰ ক্ৰিকেট বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা দুগৰাকী তাৰকাক এৰি দিছে দলে।
এদিনীয়া বিশ্বকাপৰ পিছত মহিলা ক্ৰিকেটত শেহতীয়াকৈ ৱ’মেন প্ৰিমিয়াৰ লীগ, চমুকৈ WPLক কেন্দ্ৰ কৰি যথেষ্ট চৰ্চা দেখা গৈছিল। WPLৰ খেলুৱৈৰ নিলাম আৰু তাৰ পূৰ্বে ফ্ৰেন্সাইজিসমূহে প্ৰকাশ কৰা খেলুৱৈৰ ৰিটেনচন লিষ্টক কেন্দ্ৰ কৰি অনুৰাগীৰ মাজত দেখা গৈছিল যথেষ্ট জল্পনা-কল্পনা। বিশেষকৈ সদ্যসমাপ্ত মহিলা বিশ্বকাপত ভাৰত চেম্পিয়ন হোৱাৰ পিছত এই বিষয়ত অনুৰাগীসকলৰ মাজত আলোচনা যথেষ্ট বৃদ্ধি পাইছিল। অৱশেষত আজি অন্ত পৰিছে এই আলোচনাৰ।
সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আজি ফ্ৰেন্সাইজিসমূহে প্ৰকাশ কৰিছে খেলুৱৈৰ ৰিটেইন তালিকা। এই তালিকাই স্বাভাৱিকতেই আচৰিত কৰি তুলি ক্ৰিকেটপ্ৰেমীসকলক। কিয়নো বিশ্বকাপত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি সমগ্ৰ ক্ৰিকেট বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা দুগৰাকী তাৰকাক এৰি দিছে দলে।
এই খেলুৱৈ দুগৰাকী হৈছে বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হোৱা ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ দীপ্তি শৰ্মা আৰু ৰাণাৰ্ছ আপ দক্ষিণ আফ্ৰিকাৰ ল’ৰা উলভাৰ্ড। দীপ্তিয়ে বিশ্বকাপৰ ফাইনেলত অৰ্ধশতক অৰ্জন কৰাৰ লগতে ৫ উইকেট দখল কৰি ভাৰতৰ বিশ্বজয়ত অন্যতম প্ৰধান ভূমিকা লৈছিল।
সমগ্ৰ প্ৰতিযোগিতাত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি দীপ্তিয়ে ২১৫ ৰান আৰু ২২টা উইকেট দখল কৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল। আনহাতে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ল’ৰা উলভাৰ্ডে সমগ্ৰ প্ৰতিযোগিতাতে চমকপ্ৰদ বেটিং প্ৰদৰ্শন কৰি ৫৭১ ৰান সংগ্ৰহ কৰি প্ৰতিযোগিতাৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী ৰূপে পৰিগণিত হৈছিল।
পিছে আজি প্ৰকাশ কৰা খেলুৱৈ ৰিটেইন আৰু ৰিলিজ তালিকা অনুসৰি গুজৰাট জায়েণ্টছে ল’ৰা উলভাৰ্ডক দলৰ পৰা এৰি দিছে। আনহাতে ইউ পি ৱাৰিৱৰ্জে এৰি দিছে দীপ্তি শৰ্মাক। লক্ষণীয়ভাৱে বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈৰ সমান্তৰালকৈ দীপ্তি ২০২৪ সংস্কৰণৰ WPLৰো শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হৈছিল।
ইফালে বিশ্বকাপ বিজয়ী ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰ, ভাৰতীয় দলৰ সহ-অধিনায়ক স্মৃতি মান্ধানা, ফাইনেলৰ নায়িকা শ্বেফালী বাৰ্মা আৰু ছেমি ফাইনেলৰ নায়িকা জেমিমা ৰড্ৰিগুৱেজক অৱশ্যে নিজ নিজ ফ্ৰেন্সাইজিয়ে দলত ৰিটেইন কৰিছে। একদৰে দলে ধৰি ৰাখিছে ভাৰতীয় দলত ফিনিচাৰৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা ৰিচা ঘোষো হৈছে ৰিটেইন।
উল্লেখ্য যে WPLৰ নিয়ম অনুসৰি প্ৰতিটো ফ্ৰেঞ্চাইজিত সৰ্বাধিক পাঁচজন খেলুৱৈ ৰিটেইন কৰাৰ অনুমতি দিয়া হয়। ইয়াৰে সৰ্বাধিক তিনিজন ভাৰতীয় খেলুৱৈ আৰু সৰ্বাধিক দুজন বিদেশী খেলুৱৈ হ’ব লাগে। যদি কোনো ফ্ৰেঞ্চাইজিয়ে পাঁচজন খেলুৱৈক ৰিটেইন কৰে, ইয়াৰে অন্ততঃ এজন আনকেপড ভাৰতীয় খেলুৱৈ হ’ব লাগে।
এই তালিকা প্ৰকাশৰ পাছত এতিয়া অহা ২৭ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব WPL ২০২৬ৰ নিলাম। এই নিলামৰ পূৰ্বে চাওঁ আহক ফ্ৰেন্সাইজিসমূহে প্ৰকাশ কৰা খেলুৱৈৰ ৰিটেইন তালিকা-
মুম্বাই ইণ্ডিয়ানছঃ নেট-চাইভাৰ ব্ৰাণ্ট (৩.৫ কোটি টকা), হৰমনপ্ৰীত কৌৰ (২.৫ কোটি টকা), হেলি মেথিউছ (১.৭৫ কোটি টকা), অমনজোৎ কৌৰ (১ কোটি টকা), জি কমালীনী (৫০ লাখ টকা)।
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুঃ স্মৃতি মান্ধানা (৩.৫ কোটি টকা), ৰিচা ঘোষ (২.৭৫ কোটি টকা), এলিছ পেৰী (২ কোটি টকা), শ্রেয়াংকা পাটিল (৬০ লাখ টকা)।
গুজৰাট জায়েণ্টছঃ এছলি গাৰ্ডনাৰ (৩.৫ কোটি টকা), বেথ মুনী (২.৫ কোটি টকা)।
ইউ পি ৱাৰিৱৰ্জঃ শ্বেতা ছেহৰাৱত (৫০ লাখ টকা)।
দিল্লী কেপিটেলছঃ জেমিমা ৰড্ৰিগুৱেজ (২.২ কোটি টকা), শ্বেফালী বাৰ্মা (২.২ কোটি টকা), এনাবেল চাথাৰলেণ্ড (২.২ কোটি টকা), মাৰিজান কেপ (২.২ কোটি টকা), নিকি প্ৰসাদ (৫০ লাখ টকা)।