তৃতীয় স্থানত ভাৰত, WPFG ত ৫ টা স্বৰ্ণকে ধৰি ৮ টা পদক লাভ অসম আৰক্ষী জোৱানৰ
অসম আৰক্ষীৰ জোৱানসকলে ৫ টা স্বৰ্ণ আৰু তিনিটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই সফলতাৰ বাবে ইতিমধ্যে খেলুৱৈসকলক অভিনন্দন জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গেমছত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ জোৱানসকলে ৫ টা স্বৰ্ণ আৰু তিনিটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই সফলতাৰ বাবে ইতিমধ্যে খেলুৱৈসকলক অভিনন্দন জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আমেৰিকাৰ বাৰ্মিংহামৰ বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গেমছত চাৰিজন অসম আৰক্ষীৰ ৰিষ্ট ৰেছলিং খেলুৱৈয়ে পদক লাভ কৰি দেশক গৌৰৱান্বিত কৰি তুলিছে।”পদক লাভ কৰাৰ জোৱানসকলৰ ভিতৰত আছে-কন্দৰপা বৰা,অম্লানজিৎ বৰঠাকুৰ,জুনমনি দাস, লোভিতা কোচ। বিজয়ীসকলক অভিনন্দন জনাইছে মুখ্যমন্ত্ৰীয়ে।
বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গেমছ (WPFG) হৈছে অলিম্পিক শৈলীৰ, য’ত বিশ্বৰ বিভিন্ন দেশৰ প্ৰশাসনিক বিষয়াৰ লগতে আইন প্ৰয়োগকাৰী সংস্থাক প্ৰতিনিধিত্ব কৰি হাজাৰ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত আছে আইন প্ৰয়োগকাৰী সংস্থা, অগ্নিনিৰ্বাপক বাহিনী, সীমান্ত সুৰক্ষা, অনুপ্ৰৱেশ আৰু শুল্ক বিভাগৰ বিষয়া।
লগতে পঢ়ক: নিৰাপত্তা নিশ্চিত কৰাত সফল ! চোৰাংচোৱা অভিযানত NATGRID ব্যৱহাৰৰ শীৰ্ষত অসম, কেন্দ্ৰৰ প্ৰশংসা…
এই খেলসমূহ কেলিফৰ্ণিয়া পুলিচ এথলেটিক ফেডাৰেচন (চিপিএএফ) আৰু WPFGৰ পৰিচালনা সমিতিৰ দ্বাৰা পৰিচালিত হয়। দেওবাৰে সমাপ্ত হ’বলগীয়া চলিত সংস্কৰণত ভাৰতে ১৭৪ টা স্বৰ্ণকে ধৰি ৩৭৩টা পদক লাভ কৰি বৰ্তমান তৃতীয় স্থানত আছে। আমেৰিকা আৰু ব্ৰাজিলে ক্ৰমে ৮১১ (৩৫১ সোণ) আৰু ৪৬৯ (১৬৪ সোণ) পদক লাভ কৰি শীৰ্ষস্থান দুটা স্থান দখল কৰিছে।
লগতে পঢ়ক: বগা চাউল কিয় খাব নালাগে ? এই ৫ প্ৰকাৰৰ চাউল পুষ্টিকৰ উপাদানৰ এক ভঁৰাল…
লগতে পঢ়ক: গুৱাহাটীৰ মাজ মজিয়াত জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ বিলাসী হোটেল, ফটো ৰাজহুৱা কৰিলে অখিল গগৈয়ে…