টি-২০ বিশ্বকাপত আজি অভিযান আৰম্ভ কৰিবলৈ সাজু ভাৰতঃ মূল একাদশত কোন কোন?
চলিত মহিলাৰ টি-২০ বিশ্বকাপত আজি নিউজিলেণ্ডৰ বিপক্ষে অৱতীৰ্ণ হৈ অভিযান আৰম্ভ কৰিব হৰমনপ্ৰীত বাহিনীয়ে। কিছুসময় পিছতে ৭.৩০ বজাৰ পৰা ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচ। ইতিমধ্যে নিউজিলেণ্ডে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে।
আইচিচিৰ মূল ইভেণ্টত ধাৰাবাহিক ব্যৰ্থতাৰ অৱসান ঘটাই চলিত বৰ্ষৰ মাজভাগত টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰিছিল ভাৰতীয় পুৰুষ ক্ৰিকেট দলে। পুৰুষ ক্ৰিকেট দলৰ এই সাফল্যৰ পিছত এইবাৰ ক্ৰিকেট বিশ্বত শক্তি প্ৰদৰ্শনৰ বাবে সাজু হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল। বৃ্হস্পতিবাৰৰ পৰা আৰম্ভ হোৱা মহিলাৰ টি-২০ বিশ্বকাপত আজি নিউজিলেণ্ডৰ বিপক্ষে অৱতীৰ্ণ হৈ অভিযান আৰম্ভ কৰিব হৰমনপ্ৰীত বাহিনীয়ে। কিছুসময় পিছতে ৭.৩০ বজাৰ পৰা ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচ।
ইতিমধ্যে নিউজিলেণ্ডে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসাৰে নিউজিলেণ্ডক কম স্ক’ৰৰ ভিতৰত বান্ধি ৰাখি জয়ৰ বাবে চেষ্টা চলাব ভাৰতীয় দলে। এই জয়ৰ মনোবলেৰেই পৰৱৰ্তী অভিযান অব্যাহত ৰাখি প্ৰথমটো টি-২০ বিশ্বকাপ খিতাপ জয়ওৰ চেষ্টা চলাব ভাৰতীয় মহিলা দলটোৱে। অৱশ্যে এই লক্ষ্য সহজ নহ’ব ভাৰতৰ বাবে।
বিশ্বকাপত আজিৰ প্ৰথম প্ৰতিদ্বন্দী নিউজিলেণ্ডৰ বিপক্ষেই ভাৰতৰ পূৰ্বৰ ৰেকৰ্ড অত্যন্ত হতাশাজনক। টি-২০ ফৰ্মেটত ভাৰতীয় মহিলা দলৰ বিপক্ষে একপ্ৰকাৰে আধিপত্য বিস্তাৰ কৰিছে নিউজিলেণ্ড দলে। এইপৰ্যন্ত দুয়োটা দলৰ মাজত ১৩খন টি-২০ মেচ অনুষ্ঠিত হৈছ। এই ১৬ খন মেচৰ ভিতৰত ভাৰতে মাত্ৰ ৪খন মেচত জয়লাভ কৰাৰ বিপৰীতে ৯খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে।
ভাৰত আৰু নিউজিলেণ্ডে অন্তিমবাৰৰ বাবে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত টি-২০ ফৰ্মেটত মুখামুখি হৈছিল। এই মেচখনত নিউজিলেণ্ডে ভাৰতক ১৮ ৰানত পৰাস্ত কৰিছিল। এতিয়া প্ৰায় ডেৰ বছৰৰ বিৰতিৰ পিছত পুনৰবাৰ মুখামুখি হ’ব দুয়োটা দল। অৱশ্যে শেহতীয়া সময়ছোৱাত নিউজিলেণ্ডৰ তুলনাত ভাৰতীয় দলৰ প্ৰদৰ্শন কিছু উন্নত।
এই বৰ্ষত ভাৰতীয় দলটোৱে ১৬খন টি-২০ মেচ খেলিছে আৰু ইয়াৰে ১১খন মেচত জয়লাভ কৰিছে। আনহাতে মাত্ৰ ৪খন খেলত পৰাস্ত হৈছে হাৰতীয় মহিলা দল। একে সময়তে টি-২০ত একেৰাহে ১০খন মেচত পৰাজয়ৰ মুখ দেখিছে নিউজিলেণ্ডে। উল্লেখ্য যে ভাৰতীয় মহিলা দলে এই পৰ্যন্ত টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই।
ভাৰতীয় দলে মাত্ৰ এবাৰহে টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ২০২০ চনত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দল ফাইনেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাস্ত হৈছিল। আনহাতে এইপৰ্যন্ত খিতাপ জয়ত বিফল নিউজিলেণ্ডো। দলটোৱে এই প্ৰতিযোগিতাত দুবাৰকৈ ৰানাৰ্ছ আপত সন্তুষ্ট থাকিবলগা হৈছে।
ভাৰতৰ মূল একাদশঃ শ্বেফালী বাৰ্মা, স্মৃতি মান্ধানা, হৰমনপ্ৰীত কৌৰ(অধিনায়ক), জেমিমা ৰড্ৰিগুৱেজ, ৰিচা ঘোষ(উইকেটৰক্ষক), দীপ্তি শৰ্মা, অৰুন্ধতী ৰেড্ডী, পূজা ৱাষ্ট্ৰেকাৰ, শ্ৰেয়াঙ্কা পাটিল, আশা সোভানা, ৰেণুকা ঠাকুৰ সিং।