টেনিছৰ সন্মানীয় প্ৰতিযোগিতা উইম্বলডন কেতিয়া আৰম্ভ হৈছিল জানেনে? চাওক প্ৰতিবছৰৰ বিজয়ীৰ তালিকা
টেনিছ জগতৰ আটাইতকৈ সন্মানীয় প্ৰতিযোগিতা হিচাপে পৰিচিত উইম্বলডন। এইবাৰ এই প্ৰতিযোগিতাত পুৰুষৰ একক শাখাত খিতাপ জয় কৰে ইটালীৰ য়ানিক ছিনাৰে। পিছে এই সন্মানীয় প্ৰতিযোগিতাখন কেতিয়াৰ পৰা আৰম্ভ হৈছিল জানেনে?

টেনিছ জগতৰ আটাইতকৈ সন্মানীয় প্ৰতিযোগিতা হিচাপে পৰিচিত উইম্বলডন। প্ৰতিগৰাকী টেনিছ খেলুৱৈৰে সেয়ে কেৰিয়াৰত এবাৰৰ বাবে হ’লেও উইম্বলডনৰ খিতাপত চুম্বন দিয়াৰ দুৰ্বাৰ স্বপ্ন থাকে। অৱশ্যে এই স্বপ্নক সাকাৰ কৰি তুলিব পাৰে তাৰ মাজৰে কেইগৰাকীমানেহে। স্বাভাৱিকতেই ক্ৰীড়াজগতত এয়া এক চিৰপৰিচিত কথা। এই সন্মানীয় প্ৰতিযোগিতাখনত এইবাৰ পুৰুষৰ একক শাখাত খিতাপ জয় কৰে ইটালীৰ য়ানিক ছিনাৰে। নিজ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছে। ফাইনেলত তেওঁ পৰাস্ত কৰে। ডিফেণ্ডিং চেম্পিয়ন তথা স্পেনিছ তাৰকা কাৰ্লোছ আলকাৰাজক।
উল্লেখ্য যে উইম্বলডনৰ ইতিহাস প্ৰায় ১৫০ বছৰৰ পুৰণি। ১৮৭৭ চনতে অৰ্থাৎ আজিৰ পৰা ১৪৮ বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। উদ্বোধনী বৰ্ষৰ উইম্বলডনৰ খিতাপ জয় কৰিছিল ইংলেণ্ডৰ স্পেন্সাৰ গ’ৰেই। ইয়াৰ পিছত এক দীঘলীয়া স্বৰ্ণিল ইতিহাসেৰে আগবাঢ়ি গৈছে উইম্বলডন। ১৮৭৭ চনৰ পৰা ২০২৫ চনলৈ, এই প্ৰতিযোগিতাত পুৰুষৰ একক শাখাত খিতাপ জয় কৰা খেলুৱৈসকলৰ তালিকা চাওঁ আহক–
- ২০২৫ চনত জানিক ছিনাৰে (ইটালী) কাৰ্লোছ আলকাৰাজ (স্পেইন)ক ৪-৬ ৬-৪ ৬-৪ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ২০২৪ চনত আলকাৰাজে (স্পেইন) নোভাক জ’কভিচ (ছাৰ্বিয়া)ক ৬-২ ৬-২ ৭-৬(৪) ব্যৱধানত পৰাস্ত কৰে।
- ২০২৩ চনত আলকাৰাজে (স্পেইন) জ’কভিচ (ছাৰ্বিয়া)ক ১-৬ ৭-৬(৬) ৬-১ ৩-৬ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ২০২২ চনত জ’কভিচে (ছাৰ্বিয়া) নিক কিৰ্গিঅ’ছ (অষ্ট্ৰেলিয়া)ক ৪-৬ ৬-৩ ৬-৪ ৭-৬(৩) ব্যৱধানত পৰাস্ত কৰে।
- ২০২১ চনত জ’কভিচে (ছাৰ্বিয়া) মেটিও বেৰেটিনি (ইটালী)ক ৬-৭(৪) ৬-৪ ৬-৪ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ২০২০ চনত প্ৰতিযোগিতা ক’ভিড-১৯ মহামাৰীৰ বাবে বাতিল হয়।
- ২০১৯ চনত জ’কভিচে (ছাৰ্বিয়া) ৰ’জাৰ ফেডাৰাৰ (ছুইজাৰলেণ্ড)ক ৭-৬(৫) ১-৬ ৭-৬(৪) ৪-৬ ১৩-১২(৩) ব্যৱধানত পৰাস্ত কৰে।
- ২০১৮ চনত জ’কভিচে (ছাৰ্বিয়া) কেভিন এণ্ডাৰছন (দক্ষিণ আফ্ৰিকা)ক ৬-২ ৬-২ ৭-৬(৩) ব্যৱধানত পৰাস্ত কৰে।
- ২০১৭ চনৰ ফেডাৰাৰে (ছুইজাৰলেণ্ড) মেৰিন চিলিক (ক্ৰ’ৱেচিয়া)ক ৬-৩ ৬-১ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ২০১৬ এণ্ডি মাৰেই (ব্ৰিটেইন) মিলছ ৰাওনিক (কানাডা)ক ৬-৪ ৭-৬(৩) ৭-৬(২) ব্যৱধানত পৰাস্ত কৰে।
- ২০১৫ চনত জ’কভিচে (ছাৰ্বিয়া) ফেডাৰাৰ (ছুইজাৰলেণ্ড)ক ৭-৬(১) ৬-৭(১০) ৬-৪ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ২০১৪ চনত জ’কভিচে (ছাৰ্বিয়া) ফেডাৰাৰ (ছুইজাৰলেণ্ড)ক ৬-৭(৭) ৬-৪ ৭-৬(৪) ৫-৭ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ২০১৩ চনত মাৰেই (ব্ৰিটেইন) জ’কভিচ (ছাৰ্বিয়া)ক ৬-৪ ৭-৫ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ২০১২ চনত ফেডাৰাৰে (ছুইজাৰলেণ্ড) মাৰে (ব্ৰিটেইন)ক ৪-৬ ৭-৫ ৬-৩ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ২০১১ চনত জ’কভিচে (ছাৰ্বিয়া) ৰাফেল নাডাল (স্পেইন)ক ৬-৪ ৬-১ ১-৬ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ২০১০ চনত নাডালে (স্পেইন) টমাছ বাৰ্ডিচ (চেক গণৰাজ্য)ক ৬-৩ ৭-৫ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ২০০৯ চনত ফেডাৰাৰে (ছুইজাৰলেণ্ড) এণ্ডি ৰডিক (আমেৰিকা)ক ৫-৭ ৭-৬(৬) ৭-৬(৫) ৩-৬ ১৬-১৪ ব্যৱধানত পৰাস্ত কৰে।
- ২০০৮ চনত নাডালে (স্পেইন) ফেডাৰাৰ (ছুইজাৰলেণ্ড)ক ৬-৪ ৬-৪ ৬-৭(৫) ৬-৭(৮) ৯-৭ ব্যৱধানত পৰাস্ত কৰে।
- ২০০৭ চনত ফেডাৰাৰে (ছুইজাৰলেণ্ড) নাডাল (স্পেইন)ক ৭-৬(৭) ৪-৬ ৭-৬(৩) ২-৬ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ২০০৬ চনত ফেডাৰাৰে (ছুইজাৰলেণ্ড) নাডাল (স্পেইন)ক ৬-০ ৭-৬(৫) ৬-৭(২) ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ২০০৫ চনত ফেডাৰাৰে (ছুইজাৰলেণ্ড) ৰডিক (আমেৰিকা)ক ৬-২ ৭-৬(২) ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ২০০৪ চনত ফেডাৰাৰে (ছুইজাৰলেণ্ড) ৰডিক (আমেৰিকা)ক ৪-৬ ৭-৫ ৭-৬(৩) ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ২০০৩ চনত ফেডাৰাৰে (ছুইজাৰলেণ্ড) মাৰ্ক ফিলিপাউছিছ (অষ্ট্ৰেলিয়া)ক ৭-৬(৫) ৬-২ ৭-৬(৩) ব্যৱধানত পৰাস্ত কৰে।।
- ২০০২ চনত লেইটন হেৱিটে (অষ্ট্ৰেলিয়া) ডেভিদ নালবেণ্ডিয়ান(আৰ্জেণ্টিনা)ক ৬-১ ৬-৩ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ২০০১ চনত গোৰান ইভানিচেভিচে (ক্ৰ’ৱেচিয়া) পেট ৰাফটাৰ (অষ্ট্ৰেলিয়া)ক ৬-৩ ৩-৬ ৬-৩ ২-৬ ৯-৭ ব্যৱধানত পৰাস্ত কৰে।
- ২০০০ চনত পিট চাম্প্ৰাছে (আমেৰিকা) ৰাফটাৰ (অষ্ট্ৰেলিয়া)ক ৬-৭(১০) ৭-৬(৫) ৬-৪ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৯৯ চনত চাম্প্ৰাছে (আমেৰিকা) আন্দ্ৰে আগাছি (আমেৰিকা)ক ৬-৩ ৬-৪ ৭-৫ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৯৮ চনত চাম্প্ৰাছে (আমেৰিকা) ইভানিচেভিচ (ক্ৰ’ৱেচিয়া)ক ৬-৭(২) ৭-৬(৯) ৬-৪ ৩-৬ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৯৭ চনত চাম্প্ৰাছে (আমেৰিকা) চেড্ৰিক পায়োলিন (ফ্ৰান্স)ক ৬-৪ ৬-২ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৯৬ চনত ৰিচাৰ্ড ক্ৰাজিচেকে (নেদাৰলেণ্ডছ) মাল ৱাশ্বিংটন (আমেৰিকা)ক ৬-৩ ৬-৪ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৯৫ চনত চাম্প্ৰাছে (আমেৰিকা) বৰিছ বেকাৰ (জাৰ্মানী)ক ৬-৭(৫) ৬-২ ৬-৪ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৯৪ চনত চাম্প্ৰাছে (আমেৰিকা) ইভানিচেভিচ (ক্ৰ’ৱেচিয়া)ক ৭-৬(২) ৭-৬(৫) ৬-০ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৯৩ চনত চাম্প্ৰাছে (আমেৰিকা) জিম কুৰিয়াৰ (আমেৰিকা)ক ৭-৬(৩) ৭-৬(৬) ৩-৬ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৯২ চনত আগাছিয়ে (আমেৰিকা) ইভানিচেভিচ (ক্ৰ’ৱেচিয়া)ক ৬-৭(৮) ৬-৪ ৬-৪ ১-৬ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৯১ চনত মাইকেল ষ্টিচে (জাৰ্মানী) বেকাৰ (জাৰ্মানী)ক ৬-৪ ৭-৬(৪) ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৯০ চনত ষ্টেফান এডবাৰ্গে (ছুইডেন) বেকাৰ (জাৰ্মানী)ক ৬-২ ৬-২ ৩-৬ ৩-৬ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৮৯ চনত বেকাৰে (জাৰ্মানী) এডবাৰ্গ (ছুইডেন)ক ৬-০ ৭-৬(১) ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৮৮ এডবাৰ্গে (ছুইডেন) বেকাৰ (জাৰ্মানী)ক ৪-৬ ৭-৬(২) ৬-৪ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৮৭ চনত পেট কেছে (অষ্ট্ৰেলিয়া) ইভান লেণ্ডলক (চেকোশ্ল’ভাকিয়া)ক ৭-৬(৫) ৬-২ ৭-৫ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৮৬ চনত বেকাৰে (জাৰ্মানী) লেণ্ডলক (চেকোশ্ল’ভাকিয়া)ক ৬-৪ ৬-৩ ৭-৫ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৮৫ চনত বেকাৰে (জাৰ্মানী) কেভিন কাৰেন (আমেৰিকা)ক ৬-৩ ৬-৭(৪) ৭-৬(৩) ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৮৪ চনত জন মেকএনৰো (আমেৰিকা)য়ে জিমি কনৰ্ছ (আমেৰিকা)ক ৬-১ ৬-১ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৮৩ চনত মেকেনৰো (আমেৰিকা)য়ে ক্ৰীছ লুইছ (নিউজিলেণ্ড)ক ৬-২ ৬-২ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৮২ চনত কনৰ্ছে (আমেৰিকা) মেকেনৰো (আমেৰিকা)ক ৩-৬ ৬-৩ ৬-৭(২) ৭-৬(৫) ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৮১ চনত মেকেনৰোৱে (আমেৰিকা) ব’ৰ্ন বৰ্গ (ছুইডেন)ক ৪-৬ ৭-৬(১) ৭-৬(৪) ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৮০ চনত বৰ্গে (ছুইডেনে) মেকেনৰো (আমেৰিকা)ক ১-৬ ৭-৫ ৬-৩ ৬-৭(১৬) ৮-৬ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৭৯ চনত বৰ্গে (ছুইডেনে) ৰস্কো টেনাৰ (আমেৰিকা)ক ৬-৭(৪) ৬-১ ৩-৬ ৬-৩ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৭৮ চনত বৰ্গে (ছুইডেন) কনৰ্ছ (আমেৰিকা)ক ৬-২ ৬-২ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৭৭ চনত বৰ্গে (ছুইডেনে) কনৰ্ছ (আমেৰিকা)ক ৩-৬ ৬-২ ৬-১ ৫-৭ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৭৬ চনত বৰ্গে (ছুইডেনে) ইলি নাষ্টাছে (ৰোমানিয়া)ক ৬-৪ ৬-২ ৯-৭ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৭৫ চনত আৰ্থাৰ এশ্বে (আমেৰিকা) কনৰ্ছ (আমেৰিকা)ক ৬-১ ৬-১ ৫-৭ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৭৪ চনত কনৰ্ছে (আমেৰিকা) কেন ৰ’জৱাল (অষ্ট্ৰেলিয়া)ক ৬-১ ৬-১ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৭৩ চনত জান কোডেছ (চেকোস্লোভাকিয়া) এ এলেক্স মেট্ৰেভেলি (ছোভিয়েট ইউনিয়ন)ক ৬-১ ৯-৮ (৭-৫) ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৭২ চনত ষ্টেন স্মিথে (আমেৰিকা) নাষ্টাছে (ৰোমানিয়া)ক ৪-৬ ৬-৩ ৬-৩ ৪-৬ ৭-৫ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৭১ চনত জন নিউকম (অষ্ট্ৰেলিয়া)-এ স্মিথ (আমেৰিকা)ক ৬-৩ ৫-৭ ২-৬ ৬-৪ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৭০ চনত নিউকম (অষ্ট্ৰেলিয়া)-এ ৰ’জৱাল (অষ্ট্ৰেলিয়া)ক ৫-৭ ৬-৩ ৬-২ ৩-৬ ৬-১ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৬৯ চনত ৰড লেভাৰে (অষ্ট্ৰেলিয়া) নিউকম (অষ্ট্ৰেলিয়া)ক ৬-৪ ৫-৭ ৬-৪ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৬৮ চনত লেভাৰে (অষ্ট্ৰেলিয়া) টনি ৰ’চ (অষ্ট্ৰেলিয়া)ক ৬-৩ ৬-৪ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৬৭ চনত নিউকমে (অষ্ট্ৰেলিয়া) উইলহেম বাংগাৰ্ট (জাৰ্মানী)ক ৬-৩ ৬-১ ৬-১ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৬৬ চনত মেনুৱেল চান্টানা (স্পেইন)-এ ডেনিছ ৰালষ্টন (আমেৰিকা)ক ৬-৪ ১১-৯ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৬৫ চনত ৰয় ইমাৰচনে (অষ্ট্ৰেলিয়া) ফ্ৰেড ষ্ট’ল (অষ্ট্ৰেলিয়া)ক ৬-২ ৬-৪ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৬৪ চনত ইমাৰচনে (অষ্ট্ৰেলিয়া) ষ্ট’ল (অষ্ট্ৰেলিয়া)ক ৬-৪ ১২-১০ ৪-৬ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৬৩ চনত ছাক মেককিনলে (আমেৰিকা) ষ্ট’ল (অষ্ট্ৰেলিয়া)ক ৯-৭ ৬-১ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৬২ চনত লেভাৰে (অষ্ট্ৰেলিয়া) মাৰ্টি মুলিগান (অষ্ট্ৰেলিয়া)ক ৬-২ ৬-২ ৬-১ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৬১ চনত লেভাৰে (অষ্ট্ৰেলিয়া) মেককিনলি (আমেৰিকা)ক ৬-৩ ৬-১ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৬০ চনত নীল ফ্ৰেজাৰে (অষ্ট্ৰেলিয়া) লেভাৰ (অষ্ট্ৰেলিয়া)ক ৬-৪ ৩-৬ ৯-৭ ৭-৫ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৫৯ চনত এলেক্স অলমেডো (আমেৰিকা) লেভাৰ (অষ্ট্ৰেলিয়া)ক ৬-৪ ৬-৩ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৫৮ চনত এছলী কুপাৰে (অষ্ট্ৰেলিয়া) ফ্ৰেজাৰ (অষ্ট্ৰেলিয়া)ক ৩-৬ ৬-৩ ৬-৪ ১৩-১১ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৫৭ চনত লিউ হ’ডে (অষ্ট্ৰেলিয়া) কুপাৰ (অষ্ট্ৰেলিয়া)ক ৬-২ ৬-১ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৫৬ চনত হোড (অষ্ট্ৰেলিয়া)-এ ৰ’জৱাল (অষ্ট্ৰেলিয়া)ক ৬-২ ৪-৬ ৭-৫ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৫৫ চনত টনি ট্ৰেবাৰ্টে (আমেৰিকা) কাৰ্ট নীলছন (ডেনমাৰ্ক)ক ৬-৩ ৭-৫ ৬-১ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৫৪ চনত জাৰোশ্লাভ ড্ৰবনিয়ে (ইজিপ্ত) ৰ’জৱাল (অষ্ট্ৰেলিয়া)ক ১৩-১১ ৪-৬ ৬-২ ৯-৭ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৫৩ চনত ভিক ছেইক্সাছে (আমেৰিকা) নীলছন (ডেনমাৰ্ক)ক ৯-৭ ৬-৩ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৫২ চনত ফ্ৰেংক চেডগমেনে (অষ্ট্ৰেলিয়া) ড্ৰবনি (ইজিপ্ত)ক ৪-৬ ৬-২ ৬-৩ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৫১ চনত ডিক ছাভিটে (আমেৰিকা) কেন মেকগ্ৰেগৰ (অষ্ট্ৰেলিয়া)ক ৬-৪ ৬-৪ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৫০ চনত বাজ পেটি (আমেৰিকা)-এ চেডগমেন (অষ্ট্ৰেলিয়া)ক ৬-১ ৮-১০ ৬-২ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।১৯৪৯ চনত টেড শ্ৰ’ডাৰে (আমেৰিকা) ড্ৰ’বনী (ইজিপ্ত)ক ৩-৬ ৬-০ ৬-৩ ৪-৬ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৪৮ চনত বব ফালকেনবাৰ্গে (আমেৰিকা) জন ব্ৰমউইচ (অষ্ট্ৰেলিয়া)ক ৭-৫ ০-৬ ৬-২ ৩-৬ ৭-৫ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৪৭ চনত জেক ক্ৰেমাৰে (আমেৰিকা) টম ব্ৰাউন (আমেৰিকা)ক ৬-১ ৬-৩ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৪৬ চনত ইভন পেট্ৰা (ফ্ৰান্স)-এ জিঅফ ব্ৰাউন (অষ্ট্ৰেলিয়া)ক ৬-২ ৬-৪ ৭-৯ ৫-৭ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৪০ চনৰ পৰা ১৯৪৫ চনলৈ দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল।
- ১৯৩৯ চনত ববি ৰিগছে (আমেৰিকা) এলউড কুক (আমেৰিকা)ক ২-৬ ৮-৬ ৩-৬ ৬-৩ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৩৮ চনত ড’নাল্ড বাজে (আমেৰিকা) বানি অষ্টিন (ব্ৰিটেইন)ক ৬-১ ৬-০ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৩৭ চনত বাজে (আমেৰিকা) গটফ্ৰাইড ভন ক্ৰাম (জাৰ্মানী)ক ৬-৩ ৬-৪ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৩৬ চনত ফ্ৰেড পেৰীয়ে (ব্ৰিটেইন) ভন ক্ৰাম (জাৰ্মানী)ক ৬-১ ৬-১ ৬-০ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৩৫ চনত পেৰীয়ে (ব্ৰিটেইন) ভন ক্ৰাম (জাৰ্মানী)ক ৬-২ ৬-৪ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৩৪ চনত পেৰীয়ে (ব্ৰিটেইন) জেক ক্ৰফৰ্ড (অষ্ট্ৰেলিয়া)ক ৬-৩ ৬-০ ৭-৫ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৩১ চনত ক্ৰফৰ্ডে (অষ্ট্ৰেলিয়া) এলছৱৰ্থ ভাইনছ (আমেৰিকা)ক ৪-৬ ১১-৯ ৬-২ ২-৬ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৩২ চনত ভিনছ (আমেৰিকা)-এ অষ্টিন (ব্ৰিটেইন)ক ৬-২ ৬-২ ৬-০ ব্যৱধানত পৰাস্ত কৰে।
- ১৯৩১ চনত চিডনী উডে (আমেৰিকা) ফ্ৰেংক শ্বিল্ডছ (আমেৰিকা)ৰ বিৰুদ্ধে মেচত ৱাক অভাৰ লাভ কৰে।
- ১৯৩০ চনত উইলিয়াম টিলডেনে (আমেৰিকা) উইলমাৰ এলিছন (আমেৰিকা)ক ৬-৩ ৯-৭ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯২৯ চনত হেনৰী কোচেটে (ফ্ৰান্স) জিন বৰোট্ৰা (ফ্ৰান্স)ক ৬-৪ ৬-৩ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯২৮ চনত ৰেনে লাকোষ্টে (ফ্ৰান্স) কোচেট (ফ্ৰান্স)ক ৬-১ ৪-৬ ৬-৪ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯২৭ চনত কোচেট (ফ্ৰান্স) বৰোট্ৰা (ফ্ৰান্স)ক ৪-৬ ৪-৬ ৬-৩ ৬-৪ ৭-৫ ব্যৱধানত পৰাস্ত কৰে।
- ১৯২৬ চনত বৰোট্ৰাই(ফ্ৰান্স) হাৱাৰ্ড কিনছে (আমেৰিকা)ক ৮-৬ ৬-১ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৯২৫ চনত লাকোষ্টে (ফ্ৰান্স) বৰোট্ৰা (ফ্ৰান্স)ক ৬-৩ ৬-৩ ৪-৬ ৮-৬ ব্যৱধানত পৰাস্ত কৰে।
- ১৯২৪ চনত বৰোট্ৰা (ফ্ৰান্স) লাকোষ্ট (ফ্ৰান্স)ক ৬-১ ৩-৬ ৬-১ ৩-৬ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯২৩ চনত বিল জনষ্টনে (আমেৰিকা) ফ্ৰেংক হাণ্টাৰ (আমেৰিকা)ক ৬-০ ৬-৩ ৬-১ ব্যৱধানত পৰাস্ত কৰে।
- ১৯২২ চনত জেৰাল্ড পেটাৰছনে (অষ্ট্ৰেলিয়া) ৰেণ্ডলফ লাইচেট (অষ্ট্ৰেলিয়া)ক ৬-৩ ৬-৪ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৭৭ চনৰ পৰা ১৯২১ চনলৈকে পুৰুষৰ একক শাখাত চেলেঞ্জ-ৰাউণ্ড ব্যৱস্থাৰ সিদ্ধান্ত লোৱা হয় আৰু এইদৰে পূৰ্বৰ বছৰৰ বিজয়ীয়ে স্বয়ংক্ৰিয়ভাৱে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল।
- ১৯২১ চনত টিলডেনে (আমেৰিকা) ব্রায়ান নৰ্টন (দক্ষিণ আফ্ৰিকা)ক ৪-৬ ২-৬ ৬-১ ৬-০ ৭-৫ ব্যৱধানত পৰাস্ত কৰে।
- ১৯২০ চনত টিলডেনে (আমেৰিকা) পেটাৰছন (অষ্ট্ৰেলিয়া)ক ২-৬ ৬-৩ ৬-২ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯১৯ চনত পেটাৰছনে (অষ্ট্ৰেলিয়া) নৰ্মান ব্ৰুকছ (অষ্ট্ৰেলিয়া)ক ৬-৩ ৭-৫ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯১৫ চনৰ পৰা ১৯১৮ চনলৈ প্ৰথম বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল।
- ১৯১৪ চনত ব্ৰুকছে (অষ্ট্ৰেলিয়া) এন্থনী ৱাইল্ডিং (নিউজিলেণ্ড)ক ৬-৪ ৬-৪ ৭-৫ ব্যৱধানত পৰাস্ত কৰে।
- ১৯১৩ চনত ৱাইল্ডিঙে (নিউজিলেণ্ড) মৰিছ মেকল’ফলিন (আমেৰিকা)ক ৮-৬ ৬-৩ ১০-৮ ব্যৱধানত পৰাস্ত কৰে।
- ১৯১২ চনত ৱাইল্ডিঙে (নিউজিলেণ্ড) আৰ্থাৰ গোৰক ৬-৪ ৬-৪ ৪-৬ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯১১ চনত ৱাইল্ডিঙে (নিউজিলেণ্ড) হাৰ্বাৰ্ট বেৰেটক ৬-৪ ৪-৬ ২-৬ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯১০ চনত ৱাইল্ডিঙে (নিউজিলেণ্ড) গোৰক ৬-৪ ৭-৫ ৪-৬ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯০৯ চনত গোৰে মেজৰ ৰিচিক ৬-৮ ১-৬ ৬-২ ৬-২ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯০৮ গোৰে বেৰেটক ৬-৩ ৬-২ ৪-৬ ৩-৬ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯০৭ ব্ৰুকছে (অষ্ট্ৰেলিয়া) গোৰক ৬-৪ ৬-২ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৯০৬ চনত লৰেন্স ড’হাৰ্টিয়ে ফ্ৰেংক ৰাইজলীক ৬-৪ ৪-৬ ৬-২ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৯০৫ চনত ড’হাৰ্টিয়ে ব্ৰুকছ (অষ্ট্ৰেলিয়া)ক ৮-৬ ৬-২ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯০৪ চনত ড’হাৰ্টিয়ে ৰাইজলীক ৬-১ ৭-৫ ৮-৬ ব্যৱধানত পৰাস্ত কৰে।
- ১৯০৩ চনত ড’হাৰ্টিয়ে ৰাইজলীক ৭-৫ ৬-৩ ৬-০ ব্যৱধানত পৰাস্ত কৰে।
- ১৯০২ চনত ড’হাৰ্টিয়ে গোৰক ৬-৪ ৬-৩ ৩-৬ ৬-০ ব্যৱধানত পৰাস্ত কৰে।
- ১৯০১ চনত গোৰে ৰেজিনাল্ড ড’হাৰ্টিক ৪-৬ ৭-৫ ৬-৪ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৯০০ চনত ৰেজিনাল্ড ড’হাৰ্টিয়ে ছিডনী স্মিথক ৬-৮ ৬-৩ ৬-১ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৯৯ চনত ৰেজিনাল্ড ড’হাৰ্টিয়ে গোৰক ১-৬ ৪-৬ ৬-৩ ৬-৩ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৯৮ চনত ৰেজিনাল্ড ড’হাৰ্টিয়ে লৰেন্স ড’হাৰ্টিক ৬-৩ ৬-৩ ২-৬ ৫-৭ ৬-১ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৯৭ চনত ৰেজিনাল্ড ড’হাৰ্টিয়ে হেৰল্ড মাহোনীক ৬-৪ ৬-৪ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৯৬ চনত মাহোনীয়ে উইলফ্ৰেড বেডেলীক ৬-২ ৬-৮ ৫-৭ ৮-৬ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৯৫ বেডেলিয়ে উইলবাৰফৰ্চ ইভছক ৪-৬ ২-৬ ৮-৬ ৬-২ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৯৪ চনত জোছুয়া পিমে বেডেলীক ১০-৮ ৬-২ ৮-৬ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৯৩ চনত পিমে বেডেলীক ৩-৬ ৬-১ ৬-৩ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৯২ চনত বেডেলিয়ে পিমক ৪-৬ ৬-৩ ৬-৩ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৯১ বেডেলিয়ে পিমক ৬-৪ ১-৬ ৭-৫ ৬-০ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৯০ চনত উইল’বি হেমিল্টনে উইলিয়াম ৰেনশ্ব’ক ৬-৮ ৬-২ ৩-৬ ৬-১ ৬-১ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৮৯ চনত উইলিয়াম ৰেনশ্বৱে আৰ্নেষ্ট ৰেনশ্ব’ক ৬-৪ ৬-১ ৩-৬ ৬-০ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৮৮ চনত আৰ্নেষ্ট ৰেনশ্বৱে হাৰ্বাৰ্ট লফৰ্ডক ৬-৩ ৭-৫ ৬-০ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৮৭ লফৰ্ডে আৰ্নেষ্ট ৰেনশ্ব’ক ১-৬ ৬-৩ ৩-৬ ৬-৪ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৮৬ উইলিয়াম ৰেনশ্বৱে লফৰ্ডক ৬-০ ৫-৭ ৬-৩ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৮৫ চনত উইলিয়াম ৰেনশ্বৱে লফৰ্ডক ৭-৫ ৬-২ ৪-৬ ৭-৫ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৮৪ চনত উইলিয়াম ৰেনশ্বৱে লফৰ্ডক ৬-০ ৬-৪ ৯-৭ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৮৩ চনত উইলিয়াম ৰেনশ্ব’ৱে আৰ্নেষ্ট ৰেনশ্ব’ক ২-৬ ৬-৩ ৬-৩ ৪-৬ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৮২ চনত উইলিয়াম ৰেনশ্ব’ৱে আৰ্নেষ্ট ৰেনশ্ব’ক ৬-১ ২-৬ ৪-৬ ৬-২ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৮১ চনত উইলিয়াম ৰেনশ্বৱে জন হাৰ্টলীক ৬-০ ৬-১ ৬-১ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৮০ চনত হাৰ্টলীয়ে লফৰ্ডক ৬-৩ ৬-২ ২-৬ ৬-৩ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৭৯ হাৰ্টলীয়ে ভেৰ ছেইণ্ট লেগাৰ গোল্ডক ৬-২ ৬-৪ ৬-২ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৭৮ চনত ফ্ৰেংক হাড’ৱে স্পেন্সৰ গোৰক ৭-৫ ৬-১ ৯-৭ ব্যৱধানত পৰাস্ত কৰে।
- ১৮৭৭ চনত স্পেন্সাৰ গ’ৰে উইলিয়াম মাৰ্শ্বেলক ৬-১ ৬-২ ৬-৪ ব্যৱধানত পৰাস্ত কৰে।