শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কিংবদন্তিলৈ সন্মান, সম্ভাৱনা থকা স্বত্বেও নগঢ়িলে এই বিৰল অভিলেখ…

প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ২০২৩-২৫ খিতাপ দখল কৰাৰ পাছত দক্ষিণ আফ্ৰিকাই জিম্বাবুৱেৰ বিৰুদ্ধে দুখন টেষ্ট শৃংখলা জয়ৰ কাষ চাপিছে।

কিংবদন্তিলৈ সন্মান, সম্ভাৱনা থকা স্বত্বেও নগঢ়িলে এই বিৰল অভিলেখ…
মুল্ডাৰImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 07 Jul 2025 17:58 PM

ইতিহাস সৃষ্টি কৰিব কোনে নিবিচাৰে? কোনে গঢ়িব নিবিচাৰে অভিলেখ? পৰিবৰ্তন প্ৰকৃতিৰ নিয়ম, আৰু সেই নিয়মৰ আঁত ধৰিয়েই এটাৰ পাছত আনটো অভিলেখ ভংগ কৰি মানুহে আগলৈ খোজ দিয়ে। সেয়া লাগিলে সাহিত্য জগত হওক, মনোৰঞ্জন বা খেলজগত।  বহু দিগ্বজ কিছুমান ব্যক্তিক তেওঁলোকে গঢ়া অভিলেখৰ বাবে আজিৰ সমাজে চিনি পায়। নিজৰ নাম ইতিহাসৰ পাতত খোদিত ৰখাৰ চেষ্টাত কোনে কিমান ত্যাগ কৰে তাৰ হিচাপ লগোৱা কঠিন। যাৰ বাবে তেওঁলোকৰ নামবোৰ অতীতৰ পৃষ্ঠাত বৰ্তমানতো জিলিকি থাকে।

কিন্তু ত্যাগ কৰা মানুহক কিমানজনে মনত ৰাখে? আজিৰ দিনটো আনৰ বাবে ত্যাগ কৰা মানুহ আছেনে? হয়তো আছে, তাৰ প্ৰমাণ দিলে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক বিয়ান মুল্ডাৰে। ২১ বছৰীয়া অভিলেখ ভংগ কৰাৰ সুযোগ পোৱাৰ পাছতো সেয়া তেওঁ ত্যাগ কৰে। এয়া সম্ভৱতঃ কিংবদন্তি খেলুৱৈৰ বাবে তেওঁৰ অন্তৰত থকা সন্মান।

প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ২০২৩-২৫ খিতাপ দখল কৰাৰ পাছত দক্ষিণ আফ্ৰিকাই জিম্বাবুৱেৰ বিৰুদ্ধে দুখন টেষ্ট শৃংখলা জয়ৰ কাষ চাপিছে। প্ৰথম ইনিংছত জয়ী হোৱাৰ পাছত দ্বিতীয়খন টেষ্ট মেচতো নিজৰ দখল শক্তিশালী কৰিছে। পিছে বৰ্তমান সময়ত চৰ্চাত আছে আন এটি খবৰ। দক্ষিণ আফ্ৰিকাৰ অধিনায়ক বিয়ান মুল্ডাৰে ড্ৰেছিং ৰুমত লোৱা এক সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছে। তেওঁৰ এই সিদ্ধান্তৰ বাবে ব্রায়ান লাৰাৰ ২১ বছৰীয়া অভিলেখ ভংগ নহ’ল।

উল্লেখ্য যে, দ্বিতীয়খন টেষ্ট মেচত ৪০০ ৰান সম্পূৰ্ণ কৰাৰ কাষ চাপিছিল মুল্ডাৰে। কিন্তু তেতিয়াই তেওঁ ইনিংছ ঘোষণা কৰি সকলোকে আচৰিত কৰি তোলে।

৪০০ ৰানৰ ওচৰ

জিম্বাবুৱেৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত দক্ষিণ আফ্ৰিকাই ৫ উইকেটত ৬২৬ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছ ঘোষণা কৰে। অধিনায়ক ৱিয়ান মুল্ডাৰে নট আউটত ৩৬৭ ৰান সংগ্ৰহ কৰে। মুল্ডাৰৰ খেল চাই একাংশই প্ৰায় নিশ্চিত হৈ পৰিছিল যে তেওঁ ব্ৰায়ান লাৰাৰ টেষ্ট ক্ৰিকেটৰ ৪০০ ৰানৰ অভিলেখ ভংগ কৰিব। কিন্তু দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ ঘোষণা কৰে। ৱিয়ান মুল্ডাৰে ৩৩৪ টা বলত ৩৬৭ ৰান কৰে, এই সময়চোৱাত তেওঁ ৪৯টা চাৰি আৰু ৪টা ছয় কোবায়। কিন্তু আউট নোহোৱাকৈ তেওঁ ইনিংছ ঘোষণা কৰে ।

উল্লেখ্য যে,২০০৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ৪০০ ৰান সংগ্ৰহ কৰিছিল ব্রায়ান লাৰাই।এতিয়ালৈকে কোনেও তেওঁৰ অভিলেখ ভংগ কৰিব পৰা নাই। গতিকে এইগৰাকী কিংবদন্তি খেলুৱৈৰ প্ৰতি সন্মান জনাই ইনিংছ সামৰিলে দক্ষিণ আফ্ৰিকাৰ অধিনায়কগৰাকীয়ে। ইয়াৰ পূৰ্বে মাল্ডাৰে প্ৰথমখন টেষ্ট মেচতো এক উজ্জ্বল শতক অৰ্জন কৰিছিল।

দক্ষিণ আফ্ৰিকাৰ অধিনায়কগৰাকীয়ে জিম্বাবুৱেৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ দ্বিতীয় ইনিংছত ১৪৭ ৰান সংগ্ৰহ কৰে। ইয়াৰোপৰি তেওঁ ৪টা উইকেট দখল কৰে। অৱশ্যে প্ৰথম টেষ্ট মেচত দলটোৰ কমাণ্ড কেশৱ মহাৰাজৰ হাতত আছিল। ৱিয়ান মুল্ডাৰে এতিয়ালৈকে ২১খন টেষ্ট মেচ খেলিছে। ইয়াত তেওঁ ৩৮.৪৩ গড়ে ১১৫৩ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত তিনিটা শতিকা আৰু এটা অৰ্ধশতিকাও অন্তৰ্ভুক্ত। এই সময়ছোৱাত তেওঁ ৩৫টা উইকেট দখল কৰিছে।

জিম্বাবুৱেৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত মুল্ডাৰৰ বাহিৰেও ডেভিদ বেডিংহামে ৮২ ৰান সংগ্ৰহ কৰে। ইয়াৰ লগতে লুয়ান ড্ৰি প্ৰিটৰিয়াছে ৭৮ ৰান সংগ্ৰহ কৰে। উইকেটকীপাৰ বেটছমেন কাইল ৱেইনে ৪২ ৰানৰ অপৰাজিত ইনিংছ খেলে। এনেকৈ দক্ষিণ আফ্ৰিকাই ৫ উইকেটত ৬২৬ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছ ঘোষণা কৰে।

 

অন্য খবৰ পঢ়কঃ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা পাকিস্তানক বাহিৰ কৰাৰ যো-জা জয় শ্বাহৰ…