ইংলেণ্ডত দলৰ ভিতৰতে কঠিন পৰীক্ষাত গিলঃ শ্বাৰ্দুলৰ বাবে বাদ পৰিব এইগৰাকী তাৰকা!
ইংলেণ্ড ভ্ৰমণৰ প্ৰস্তুতি হিচাপে ভাৰতীয় দলটোৱে ভাৰত এ দলৰ সৈতে এক ইণ্ট্ৰা স্কোৱাড মেচত অংশ লৈছিল। এই মেচখনত বহুকেইজন তাৰকা ব্যৰ্থ হ’লেও কেইবাজনো খেলুৱৈ নিজা প্ৰদৰ্শনেৰে উজলি উঠে। মেচখনত এক চমকপ্ৰদ শতকেৰে উচ্চ প্ৰশংসিত হৈছে শ্বাৰ্দুল ঠাকুৰ। এইদৰে তেওঁ ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলৰ সমুখত এক পৰীক্ষাও থিয় কৰাইছে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ত নিজৰ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰতীয় দল। অহা ২০ জুনৰ পৰা ইংলেণ্ডক ঘৰৰ মাটিতে প্ৰত্যাহ্বান জনাবলৈ ভাৰতীয় দলে প্ৰস্তুতি প্ৰায় পূৰ্ণ কৰিছে। পাঁচখন মেচৰ এই টেষ্ট শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব যুৱ তাৰকা শুভমন গিলে। নিজৰ অভিষেক শৃংখলাতে ইংলেণ্ডৰ ভূমিত প্ৰত্যাহ্বান স্বাভাৱিকতেই গিলৰ বাবে কঠিন পৰীক্ষা হিচাপে পৰিগণিত হৈছে। তাৰ মাজতে এতিয়া দলৰ ভিতৰতে আন এক পৰীক্ষাৰ সন্মুখীন হৈছে ভাৰতীয় দলৰ অধিনায়কগৰাকী।
ইংলেণ্ড ভ্ৰমণৰ প্ৰস্তুতি হিচাপে ভাৰতীয় দলটোৱে ভাৰত এ দলৰ সৈতে এক ইণ্ট্ৰা স্কোৱাড মেচত অংশ লৈছিল। এই মেচখনত বহুকেইজন তাৰকা ব্যৰ্থ হ’লেও কেইবাজনো খেলুৱৈ নিজা প্ৰদৰ্শনেৰে উজলি উঠে। মেচখনত এক চমকপ্ৰদ শতকেৰে উচ্চ প্ৰশংসিত হৈছে শ্বাৰ্দুল ঠাকুৰ। এই মেচখনৰ স্ক’ৰবৰ্ড উপলব্ধ হোৱা নাই যদিও বিচিচিআইয়ে নিজা একাউণ্টত মেচখনৰ বিষয়ে কিছু তথ্য প্ৰকাশ কৰিছিল।
এই তথ্য অনুসৰি ইণ্ট্ৰা স্কোৱাড মেচখনত শ্বাৰ্দুল ঠাকুৰে ১২২ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে। তেওঁ লগতে বল হাতত লৈয়ো সফলতা লাভ কৰা বুলি উল্লেখ কৰা হৈছে। এনে প্ৰদৰ্শনেৰে এতিয়া শ্বাৰ্দুল ঠাকুৰ ইংলেণ্ডৰ বিপক্ষে শৃংখলাত মূল একাদশত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ভাৰতৰ মূল একাদশ এতিয়াও ঘোষণা কৰা হোৱা নাই। কিন্তু এতিয়া শ্বাৰ্দুল মূল একাদশৰ প্ৰবল দাবীদাৰ হৈ পৰিছে।
লক্ষণীয়ভাৱে ২০২৩ চনৰ ডিচেম্বৰৰ পৰাই টেষ্ট দলৰ পৰা বাহিৰত আছে শ্বাৰ্দুলে। তেনে পৰিস্থিতিত শ্বাৰ্দুলৰ কোনগৰাকী খেলুৱৈৰ স্থানত মূল একাদশত অন্তৰ্ভুক্ত হ’ব? এয়া এক চৰ্চিত প্ৰশ্ন হৈ পৰিছে। এই ক্ষেত্ৰত প্ৰথমেই উচ্চাৰিত হৈছে নীতিশ কুমাৰ ৰেড্ডীৰ নাম। দুয়োজনেই প্ৰায় একে ধৰণৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। অৱশ্যে শ্বাৰ্দুল বলিং অলৰাউণ্ডাৰ আৰু নীতিশ বেটিং অলৰাউণ্ডাৰ হিচাপেহে পৰিচিত।
বিগত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত টেষ্ট অভিষেক ঘটাই এক দৰ্শনীয় শতক অৰ্জন কৰিছিল নীতিশে। শৃংখলাটোত তেওঁৰ সামগ্ৰিক বেটিং প্ৰদৰ্শনো আছিল চকুত লগা। এনে পৰিস্থিতিত তেওঁ ইংলেণ্ডতো খেলাৰ পূৰ্ণ দাবীদাৰ আছিল। কিন্তু এতিয়া ইন্ট্ৰা স্কোৱাড মেচত শতক অৰ্জন কৰি শ্বাৰ্দুলো স্থান লাভৰ দাবীদাৰ হৈ উঠিছে। অষ্ট্ৰেলিয়া ভ্ৰমণত সফল হ’লেও নীতিশৰ শেহতীয়া প্ৰদৰ্শন উন্নত নহয়।
ইয়াৰ বিপৰীতে শ্বাৰ্দুলে এতিয়া ইণ্ট্ৰা স্কোৱাড মেচৰ লগতে বিগত ছিজনত ঘৰুৱা ক্ৰিকেটতো চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল। ইয়াৰ উপৰিও শ্বাৰ্দুলৰ পূৰ্বে ইংলেণ্ডত খেলাৰ অভিজ্ঞতা আছে। ৰোহিত, বিৰাট আৰু অশ্বিনৰ দৰে অভিজ্ঞ খেলুৱৈৰ বিদায়ৰ পিছত ভাৰতীয় দলক ইংলেণ্ডৰ পূৰ্বৰ কিছু অভিজ্ঞতাৰ প্ৰয়োজন হ’ব। গতিকে শ্বাৰ্দুলক দলত অন্তৰ্ভুক্ত কৰাব পাৰে টিম মেনেজমেণ্টে। যদি সেয়া হয়, ২০২৩ চনৰ ডিচেম্বৰৰ পিছত পুনৰ ভাৰতৰ টেষ্ট জাৰ্চিত দেখা যাব শ্বাৰ্দুলক।