দাস বা বৰুৱা লিখিব পাৰিলেহেঁতেন ! ৰিয়ানে উপাধি পৰাগ লিখাৰ কাৰণ কি ?
ক্ৰিকেট যাত্ৰাত আত্মবিশ্বাসেৰে আগবাঢ়ি আজিৰ পৰ্যায়ত উপনীত হৈছে ৰিয়ান । ৰিয়ান বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ অন্যতম এগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে । কিন্তু আপুনি জানেনে ৰিয়ান কেনেকৈ ৰিয়ান পৰাগ হ'ল ?
ভাৰতীয় ক্ৰিকেট জগতত এটা চিনাকী নাম হৈছে ৰিয়ান পৰাগ। অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে এয়া এক গৌৰৱ । শুভমান গিল, পৃথ্বী শ্ব’, অভিষেক শৰ্মা, আৰ্শদীপ সিঙৰ সৈতে একেলগে ২০১৮ চনৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ খেলিছিল ৰিয়ানে । তেতিয়াৰ ৰিয়ান আৰু আজিৰ ৰিয়ানৰ মাজত বৃহৎ পাৰ্থক্য আছে। আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ’ল তেওঁৰ ফিল্ডিং।
কোৱা হয় যে, কেৰিয়াৰৰ এটা সময়ত বিৰাট কোহলীৰ ফিটনেছ লেভেলও বেয়া আছিল। পিছলৈ সেই ফিটনেছেই হৈ পৰিল তেওঁৰ সফলতাৰ আঁৰৰ এটা কাৰণ । ১৯ বছৰ অনুৰ্ধ বিশ্বকাপতো বহু লোকে ৰিয়ানৰ ফিটনেছক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কিন্তু ৰিয়ান এতিয়া দেশৰ অন্যতম শ্ৰেষ্ঠ ফিল্ডাৰ। ৰিয়ানৰ হাতৰ পৰা বল ওলাই যোৱাটো একেবাৰে কঠিন ।
১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ অন্ত পৰা পাছতে ফিটনেছৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিলে ৰিয়ানে । আৰু সেই সময়ৰে পৰা ক্ৰিকেট যাত্ৰাত আত্মবিশ্বাসেৰে আগবাঢ়ি আজিৰ পৰ্যায়ত উপনীত হৈছে ৰিয়ান । ৰিয়ান বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ অন্যতম এগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে । এইবাৰো ৰাজস্থান ৰয়েলছে মেগা নিলামৰ পূৰ্বে তেওঁক ধৰি ৰাখে। প্ৰথম অৱস্থাত সঞ্জু চেমছন আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবে তিনিখন খেলৰ অধিনায়কৰ দায়িত্বও লাভ কৰে ৰিয়ানে । ফিল্ডিঙৰ লগতে বেটিং আৰু বলিঙটো পাকৈত ৰিয়ান । কিন্তু আপুনি জানেনে ৰিয়ান কেনেকৈ ৰিয়ান পৰাগ হ’ল ?
ৰিয়ানৰ দেউটাকৰ উপাধি হৈছে দাস । দেউতাকৰ নাম পৰাগ দাস আৰু মাতৃৰ নাম মিঠু বৰুৱা । কোৱা হয় যে, ৰিয়ানে দেউতাৰ নামটো উপাধি হিচাপে গ্ৰহণ কৰিলে । তাৰ পাছৰে পৰা তেওঁ সম্পূৰ্ণ হ’ল ৰিয়ান পৰাগ । কিন্তু তেওঁ ৰিয়ান দাস বা ৰিয়ান বৰুৱা হ’ব পাৰিলেহেঁতেন! সেয়া নকৰিলে । মাতৃৰ ইচ্ছা পূৰণৰ বাবে দেউতাকৰ নামটো উপাধি হিচাপে ব্যৱহাৰ কৰি আহিছে ৰিয়ানে ।
ৰিয়ানৰ পিতৃ-মাতৃ দুয়োগৰাকী ক্ৰীড়াৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত । মাতৃ মিঠু বৰুৱা হৈছে এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় সাঁতোৰবিদ । পিতৃ পৰাগ দাসো এগৰাকী ক্ৰিকেটাৰ । অসমৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল পিতৃ পৰাগ দাসে । কিন্তু ৰাষ্ট্ৰীয় দলত খেলাৰ সপোন বাস্তৱায়িত নহ’ল। সেই সপোনটোক নিজৰ কৰি তুলিলে ৰিয়ানে । বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা অসমৰ প্ৰথমজন ক্ৰিকেটাৰ ৰিয়ান পৰাগ।
প্ৰতিবেদক- দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9- বাংলা