‘শক্তি’ৰ পিছত এইবাৰ ‘ভক্তি’ পথত কোহলী, এদিনীয়া শৃংখলাৰ পিছতে দেখা গ’ল এই মন্দিৰত
লক্ষণীয়ভাৱে এই শৃংখলাত কোহলীক পূৰ্বৰ তুলনাত যথেষ্ট আক্ৰমণাত্মক শৈলীৰে বেটিং কৰা দেখা যায়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাটোত শক্তি প্ৰদৰ্শনৰ পিছত এইবাৰ ভক্তিমাৰ্গত লীন গৈছে কোহলী। শৃংখলাত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছতো এতিয়া ভক্তিৰ পথত দেখা গৈছে তাৰকা ক্ৰিকেটাৰগৰাকীক।
শনিবাৰে অন্ত পৰিল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া শৃংখলা। তিনিখনীয়া মেচৰ এই শৃংখলাটোত ভাৰতীয় দলে ২-১ ব্যৱধানত জয়লাভ কৰি শৃংখলা হস্তগত কৰে। প্ৰটিয়াছ বাহিনীৰ বিপক্ষে টেষ্ট শৃংখলাত পৰাস্ত হোৱাৰ পিছত এদিনীয়া শৃংখলাত জয়লাভ কৰাটো ভাৰতীয় দলৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছিল। শৃংখলাৰ দ্বিতীয়খন মেচত পৰাস্ত হ’লেও অৱশ্যে ভাৰতে অৱশেষত এই শৃংখলা জয় কৰিবলৈ সক্ষম হয়। ভাৰতৰ এই শৃংখলা জয়ৰ বিশেষ নায়ক হৈ পৰে বিৰাট কোহলী।
দীৰ্ঘ সময়ৰ বিৰতিৰ পিছত এই শৃংখলাৰ জৰিয়তে পুনৰ জাতীয় দলৰ হৈ খেল পথাৰত নামিছিল কোহলী আৰু ৰোহিত। দুই তাৰকাৰ খেল সমুখৰ পৰা উপভোগৰ বাবে অতি উদগ্ৰীৱ হৈ আছিল অনুৰাগী আৰু অনুৰাগীৰ আশা পূৰ্ণ ৰূপত সন্তুষ্টিলৈ ৰূপান্তৰিত কৰি এই শৃংখলাত দুয়োগৰাকী উজলি উঠে।
কোহলীৰ প্ৰদৰ্শন
শৃংখলাটোত বিশেষ ৰূপত উজলি উঠে বিৰাট কোহলী। প্ৰথম দুয়োখন মেচত শতক অৰ্জনৰ পিছত কোহলীয়ে অন্তিম মেচখনতো অৰ্ধশতকীয় ইনিংছ খেলি অপৰাজিত হৈ ৰয়। দুৰন্ত প্ৰদৰ্শনেৰে তেওঁ প্ৰথম মেচত ১৩৫, দ্বিতীয় মেচত ১০২ আৰু তৃতীয় মেচত অপৰাজিত ৬৫ ৰান সংগ্ৰহ কৰে।
তিনিখন মেচত মুঠ ৩০২ ৰান সংগ্ৰহ কৰি কোহলী শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। লক্ষণীয়ভাৱে এই শৃংখলাত কোহলীক পূৰ্বৰ তুলনাত যথেষ্ট আক্ৰমণাত্মক শৈলীৰে বেটিং কৰা দেখা যায়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাটোত শক্তি প্ৰদৰ্শনৰ পিছত এইবাৰ ভক্তিমাৰ্গত লীন গৈছে কোহলী।
ভক্তিৰ পথত কোহলী
শেহতীয়া কেইটামান বছৰত বিৰাট কোহলীক আধ্যাত্মিকতাৰ প্ৰতি যথেষ্ট নিমগ্ন হোৱা দেখা গৈছে। পত্নী অনুষ্কা শৰ্মাৰ সৈতে তেওঁ প্ৰায়ে দেশৰ ভিন্ন প্ৰান্তৰ কোনো মন্দিৰ বা আশ্ৰমত সেৱা আগবঢ়োৱা পৰিলক্ষিত হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছতো এতিয়া ভক্তিৰ পথত দেখা গৈছে তাৰকা ক্ৰিকেটাৰগৰাকীক।
সিংহচলম মন্দিৰত আগবঢ়ালে সেৱা
এদিনীয়া শৃংখলা অন্ত পৰাৰ পিছত কোহলীয়ে বিশাখাপট্টনমৰ বিখ্যাত সিংহচলম মন্দিৰ পৰিদৰ্শন কৰে। তাৰকা ক্ৰিকেটাৰগৰাকীয়ে মন্দিৰত ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা তথা সেৱা আগবঢ়োৱাৰ কেইবাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিষ্ণু ভগৱানৰ প্ৰতি উৎসৰ্গিত বিশাখাপট্টনমৰ এক প্ৰাচীন আৰু বিশিষ্ট ধৰ্মীয় স্থান হৈছে এই মন্দিৰ।
এই সিংহচলম মন্দিৰ ইয়াৰ স্থাপত্য আৰু আধ্যাত্মিক তাৎপৰ্যৰ বাবে জনাজাত। প্ৰতি বছৰে লাখ লাখ ভক্তৰ এই স্থানত সমাগত ঘটে। এতিয়া এই মন্দিৰত সেৱা আগবঢ়ায় কোহলীয়ে। উল্লেখ্য যে শেহতীয়াকৈ কোনো গুৰুত্বপূৰ্ণ মেচ খেলাৰ পূৰ্বে বা বিজয়ৰ পিছত কোহলীয়ে ধৰ্মীয় স্থান ভ্ৰমণ কৰা দেখা গৈছে। এনে পদক্ষেপ তেওঁৰ মানসিক শক্তিৰ গুৰুত্বপূৰ্ণ চাবিকাঠি প্ৰমাণিত হৈছে।