শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এটা অৰ্ধশতকেৰে শচীন তেণ্ডুলকাৰৰ দুটাকৈ অভিলেখ ভংগ কৰিলে বিৰাট কোহলীয়ে

অষ্ট্ৰেলিয়াত ভাৰতৰ হৈ সম্ভৱতঃ অন্তিমখন খেলিলে কোহলীয়ে। সেয়ে যেতিয়া তেওঁ খেলপথাৰত ৱাক আউট কৰিছিল তেতিয়া এছ চি জিত দৰ্শকৰ পৰা ষ্টেণ্ডিং অভেচন লাভ কৰিছিল। ৫৬টা বলত ৭৫ সংখ্যক এদিনীয়া অৰ্ধশতক অৰ্জনেৰে ৭৪ ৰান কৰি অপৰাজিত হৈ থকা কোহলীয়ে যেন বেটেৰেই সমালোচকৰ মুখ বন্ধ কৰি দিয়ে।

এটা অৰ্ধশতকেৰে শচীন তেণ্ডুলকাৰৰ দুটাকৈ অভিলেখ ভংগ কৰিলে বিৰাট কোহলীয়ে
বিৰাট কোহলীImage Credit source: BCCI
raj-saikia
Raj Saikia | Published: 25 Oct 2025 19:24 PM

শনিবাৰে ছিডনী ক্ৰিকেট ষ্টেডিয়ামত আয়োজক দল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত বিৰাট কোহলীয়ে ৭৪ ৰানৰ অপৰাজিত ইনিংছ খেলে। ৰো-কো যুটিয়ে সুন্দৰ বেটিং প্ৰদৰ্শনেৰে আপ্লুত কৰে ক্ৰিকেট প্ৰেমীক। এছ চি জিত দৰ্শকৰ সন্মুখত কোহলী আৰু ৰোহিত শৰ্মাই নিজৰ বেটিং শৈলীৰে ২৩৭ ৰানৰ লক্ষ্য অতিক্ৰম কৰি ভাৰতক জয়ৰ সোৱাদ দিয়ে। অৱশ্যে ২-১ ৰ ব্যৱধানত এই শৃংখলাত পৰাস্ত হয় ভাৰত। ইয়াৰ পূৰ্বৰ দুয়োখন মেচতে জয়ী হৈছিল অষ্ট্ৰেলিয়া।

ৰোহিতে ১২৫ টা বলত অপৰাজিত ১২১ ৰান সংগ্ৰহ কৰে। কোহলীৰ সৈতে মিলি দ্বিতীয় উইকেটৰ বাবে ১৬৮ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে ৰোহিতে। মেচখনত ভাৰতে ৯ উইকেটত জয়লাভ কৰে। প্ৰথম দুখন মেচত ৰাণ শূন্য়ভাৱে আউট হোৱাৰ পিছত কোহলীয়ে দৰ্শনীয় অৰ্ধশতকৰে ফৰ্মলৈ উভতি আহে।

অষ্ট্ৰেলিয়াত ভাৰতৰ হৈ সম্ভৱতঃ অন্তিমখন খেলিলে কোহলীয়ে। সেয়ে যেতিয়া তেওঁ খেলপথাৰত ৱাক আউট কৰিছিল তেতিয়া এছ চি জিত দৰ্শকৰ পৰা ষ্টেণ্ডিং অভেচন লাভ কৰিছিল। জোছ হেজলউডৰ প্ৰথম বলত কোহলীয়ে এক ৰান কৰি নিজৰ অভিযান আৰম্ভ কৰে। তাৰ পিছত চেজ মাষ্টাৰক কোনেও যেন ৰখাব পৰা নাছিল। ৫৬টা বলত ৭৫ সংখ্যক এদিনীয়া অৰ্ধশতক অৰ্জনেৰে ৭৪ ৰান কৰি অপৰাজিত হৈ থকা কোহলীয়ে যেন বেটেৰেই সমালোচকৰ মুখ বন্ধ কৰি দিয়ে।

৭৪ ৰানৰ ন’কৰ পথত কোহলীয়ে শ্ৰীলংকাৰ প্ৰাক্তন বেটছমেন কুমাৰ ছাংগাকাৰাক অতিক্ৰম কৰি এদিনীয়াত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হোৱাৰ লগতে কিংবদন্তি শচীন তেণ্ডুলকাৰৰ দুটা অভিলেখো ভংগ কৰে। ভাৰতৰ হৈ এতিয়া এদিনীয়াত ৩০৫খন মেচত ১৪২৫০ ৰান সংগ্ৰহ কৰি এদিনীয়া ইতিহাসত সৰ্বকালৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ অভিজাত তালিকাত তেণ্ডুলকাৰ (১৮৪২৬)ৰ পিছতে আছে কোহলী।

বগা বলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান

ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত অপৰাজিত ৭৪ ৰান কৰি কোহলীয়ে বগা বলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰানৰ অভিলেখ ভংগ কৰে। এই ছিৰিজৰ সময়ত কোহলীক এদিনীয়া আৰু টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহকাৰী তেণ্ডুলকাৰক অতিক্ৰম কৰিবলৈ ৬৮ ৰানৰ প্ৰয়োজন হৈছিল। শনিবাৰে তেওঁ এই মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হয়।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪৬৪খন হোৱাইট বল মেচত ১৮,৪৩৬ ৰান সংগ্ৰহ কৰা তেণ্ডুলকাৰক অতিক্ৰম কৰি এতিয়া কোহলীয়ে এদিনীয়া আৰু টি-২০ মিলি ৪২৯ খন মেচত ১৮,৪৪৩ ৰান সংগ্ৰহ কৰিছে। ৪৬৩খন মেচত ১৮,৪২৬ ৰান সংগ্ৰহ কৰি এদিনীয়াৰ ইতিহাসত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িছিল তেণ্ডুলকাৰে। আনহাতে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত খেলা একমাত্ৰ টি-২০ত ১০ ৰান সংগ্ৰহ কৰিছিল।

আনহাতে কোহলীৰ নামত আছে এদিনীয়াত ১৪,২৫০ ৰান আৰু টি-২০ত ৪১৮৮ ৰান। তৃতীয় স্থানত আছে শ্ৰীলংকাৰ প্ৰাক্তন বেটছমেন ছাংগাকাৰা, তেওঁ এদিনীয়া আৰু টি-২০ত মুঠ ১৫,৬১৬ ৰান সংগ্ৰহ কৰিছে। এদিনীয়া আৰু টি-২০ত ৪৩৪ খন মেচত ১৫,৫৫০ ৰান সংগ্ৰহ কৰি অভিজাত তালিকাৰ চতুৰ্থ স্থান দখল কৰিছে ৰোহিতে।

এদিনীয়াত ৰান চেজত সৰ্বাধিক অৰ্ধশতক

এদিনীয়া ইতিহাসত ৰান চেজত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখকো ভংগ কৰে কোহলীয়ে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অপৰাজিত ৭৪ ৰান সংগ্ৰহ কৰি এদিনীয়া মেচত ভাৰতৰ হৈ ৰান চেজত ৭০ সংখ্যক অৰ্ধশতক অৰ্জন কৰে, যিয়ে তেওঁক এদিনীয়াৰ বিখ্যাত কেৰিয়াৰত ভাৰতৰ হৈ ৰান চেজত ৬৯ টা অৰ্ধশতক সংগ্ৰহ কৰা তেণ্ডুলকাৰক অতিক্ৰম কৰাত সহায় কৰে। এই অৰ্ধশতকেৰেই যেন আধুনিক যুগৰ মহান খেলুৱৈগৰাকীৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা যেন সম্ভাৱ্য বিদায় আছিল।