শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IPL 2025 ফাইনেলৰ পূৰ্বে বিপদত বিৰাট কোহলি! পাবৰ বিৰুদ্ধে এজাহাৰ দাখিল আৰক্ষীৰ, অভিযোগ কি জানক…

IPL 2025: বহু অভিলেখ ঘটনাই আই পি এলৰ ২০২৫ ৰ ফাইনেলত প্ৰৱেশ কৰে আৰ চি বিয়ে। কিন্তু ইয়াৰ পূৰ্বে বিৰাট কোহলি পৰিছে এক বিপদত। এজাহাৰ দাখিল পাবৰ বিৰুদ্ধে।

IPL 2025 ফাইনেলৰ পূৰ্বে বিপদত বিৰাট কোহলি! পাবৰ বিৰুদ্ধে এজাহাৰ দাখিল আৰক্ষীৰ, অভিযোগ কি জানক…
বিৰাট কোহলি Image Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 02 Jun 2025 16:16 PM

কাইলৈ অনুষ্ঠিত হ’ব আই পি এল ২০২৫ ৰ ফাইনেল (IPL 2025 Final) । বহু অভিলেখ ঘটনাই এইবাৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰ চি বি (RCB)য়ে। এই দলটোৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী প্ৰায়ে চৰ্চাত থকা দেখা যায়। চলিত ছিজনত বিৰাটৰ প্ৰদৰ্শনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। এনে অৱস্থাত আই পি এল ২০২৫ৰ খিতাপ দখলৰ বাবে দলটো মাত্ৰ এখোজ দূৰত।

কিন্তু ইয়াৰ পূৰ্বে বিৰাট কোহলি এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। বাংগালুৰুত থকা কোহলীৰ পাব One8 Commune পুনৰবাৰ আইনী ব্যৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে।এইবাৰ এই পাবটোৰ বিৰুদ্ধে চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন (COTPA) ২০০৩ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এই পাবটো বাংগালুৰুৰ ৰত্নম কমপ্লেক্সৰ ষষ্ঠ মহলাত আছে। এম চিন্নাস্বামী ষ্টেডিয়ামৰ ওচৰৰ কস্তুৰবা ৰোডত ই অৱস্থিত।

এই পাবটো সন্দৰ্ভত আৰক্ষীয়ে অভিযোগ লাভ কৰিছিল যে,ৱান৮ কমিউন পাবত ধূমপানৰ নিয়ম উলংঘা কৰা হৈছে। ইয়াৰ পাছতে ২০২৫ চনৰ ১ জুনত কাবন পাৰ্ক আৰক্ষী থানাই পাবৰ মেনেজাৰৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে, ধূপমান কৰা ঠাই সন্দৰ্ভত পাবটোৱে প্ৰয়োজনীয় নীতি-নিয়ম মানি চলা নাই। এই পাবটোৱে COTPA আইন উলংঘা কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, এই আইনৰ অধীনত ৰাজহুৱা স্থানত ধূমপানৰ বাবে কঠোৰ নিয়ম নিৰ্ধাৰণ কৰা হয় লগতে ইয়াৰ বাবে শাস্তিৰ ব্যৱস্থাও আছে।

এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও One8 Commune Pub য়ে আইনী বিতৰ্কৰ মাজত সোমাই পৰিছিল। ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুলাই মাহত বাংগালুৰু আৰক্ষীয়ে এই পাবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই সময়ত নিশা ১ বজাৰ পাছতো পাবটো খোলা ৰখাৰ বাবে এজাহাৰ দাখিল কৰা হৈছিল। এই কাৰ্যই নিয়ম উলংঘা কৰিছিল। ইয়াৰোপৰি ২০২৪ চনৰ ডিচেম্বৰ মাহত বৃহত্তৰ বাংগালুৰু পৌৰ নিগমে অগ্নি সুৰক্ষাৰ নিয়ম উলংঘা কৰাৰ বাবে পাবটোলৈ জাননী জাৰি কৰিছিল। এই জাননীত উল্লেখ আছিল যে, পাবটোত অগ্নিনিৰ্বাপক বাহিনীৰ পৰা প্ৰয়োজনীয় এন অ’ চি নাই। উল্লেখ্য যে, One8 Commune হৈছে বিৰাট কোহলীৰ বিখ্যাত ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেন্টৰ শাখা দিল্লী, মুম্বাই, পুনে, কলকাতা, বাংগালুৰু আদিত আছে।

 

অন্য খবৰ পঢ়কঃ IPL 2025 ৰ পৰা বাহিৰ হোৱাৰ পাছতো কিমান কোটি টকা লাভ কৰিব মুম্বাই ইণ্ডিয়ানছে? জানক…