শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিৰাট কোহলীয়ে বিক্ৰী কৰিব এই সম্পত্তি, ১০০ কোটিতকৈ অধিক হ’ব মূল্য

২২ গজত এই ভূমিকাৰ পিছত এতিয়া ব্যৱসায়িক ক্ষেত্ৰখনত এক বৃহৎ পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। প্ৰকাশিত এক খবৰ অনুসৰি বিৰাট কোহলীৰ বিক্ৰী কৰিবলৈ ওলাইছে নিজৰ One8 কোম্পানী।

বিৰাট কোহলীয়ে বিক্ৰী কৰিব এই সম্পত্তি, ১০০ কোটিতকৈ অধিক হ’ব মূল্য
বিৰাট কোহলীImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 09 Dec 2025 12:04 PM

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলাত উজলি উঠে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী। দীৰ্ঘসময়ৰ পিছত ভাৰতীয় দলৰ হৈ খেলপথাৰত নামি কোহলীয়ে দাঙি ধৰে উজ্জীৱিত প্ৰদৰ্শন। ২২ গজত এই ভূমিকাৰ পিছত এতিয়া ব্যৱসায়িক ক্ষেত্ৰখনত এক বৃহৎ পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। প্ৰকাশিত এক খবৰ অনুসৰি বিৰাট কোহলীৰ বিক্ৰী কৰিবলৈ ওলাইছে নিজৰ One8 কোম্পানী। এই কোম্পানীটো কোম্পানীয়ে এজিলিটাছক বিক্ৰী কৰিব বুলি প্ৰকাশ পাইছে।

তদুপৰি তেওঁ কোম্পানীটোৰ অংশীদাৰিত্ব লাভৰ বাবেও ৪০ কোটি টকা বিনিয়োগ কৰিব বুলি জানিব পৰা গৈছে। One8 হ’ব এজিলিটাছে অধিগ্ৰহণ কৰাৰ পৰিকল্পনা কৰা দ্বিতীয়টো কোম্পানী। ইয়াৰ পূৰ্বে এজিলিটাছে মচিকো শ্বুজ অধিগ্ৰহণ কৰিছিল।

বিৰাটৰ কোম্পানী One8 ৰ মূল্য কিমান?

One8 ব্ৰেণ্ডে ৰেষ্টুৰেণ্টৰ উপৰিও লাইফষ্টাইলৰ সামগ্ৰী নিৰ্মাণ কৰে। কোম্পানীটোৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১১২ কোটি টকা। বিৰাট কোহলীৰ শৈশৱৰ বন্ধু ভাৰ্তিক টিহাৰা আৰু জ্যেষ্ঠ ভাতৃ বিকাশ কোহলীয়ে এই কোম্পানীটো চলাই আছে। এতিয়া এই কোম্পানীটো অধিগ্ৰহণ কৰিবলৈ ওলাইছে এজিলিটাছে।

উল্লেখ্য যে এজিলিটাছে Adidas, Puma, New Balance, Skechers, Reebok আৰু Crocsৰ দৰে কোম্পানীৰ জোতা নিৰ্মাণ কৰা মচিকো শ্বুছক অধিগ্ৰহণ কৰিছিল। এতিয়া বিৰাট কোহলীয়ে এই কোম্পানীত অংশীদাৰ হিচাপে যোগদান কৰিছে।

ব্যৱসায়তো সফল কোহলী

ক্ৰিকেট জগতত কোহলীৰ সাফল্যৰ কথা পুনৰাই কোৱাৰ কোনো প্ৰয়োজন নাই। প্ৰতিজন লোকেই ভালদৰে জ্ঞাত কোহলীৰ চমকৰ বিষয়ে। পিছে এগৰাকী ক্ৰিকেটাৰেই নহয়, এগৰাকী সফল ব্যৱসায়ী হিচাপেও পৰিচিত কোহলী।

তেওঁৰ সম্পত্তি হাজাৰ কোটিতকৈ অধিক আৰু ইয়াত তেওঁৰ ব্যৱসায়িক ক্ষেত্ৰখনেও উল্লেখযোগ্য ভূমিকা পালন কৰে। বিৰাটে ফেশ্বন, ফিটনেছ, ফুড, টেক আৰু ক্ৰীড়া খণ্ডত ১৩টাতকৈও অধিক উদ্যোগত বিনিয়োগ কৰিছে। তেওঁ বহুকেইটা ব্ৰেণ্ডৰো সহ-স্বত্বাধিকাৰী।

One8 ৰ উপৰিও Virat এ Wrogn, Nueva আৰু Chizal Fitness ত বিনিয়োগ কৰিছে। ইয়াৰ উপৰিও তেওঁ ক্ৰীড়া দল এফ চি গোৱা, ইউ এ ই ৰয়েলছ, আৰু বেংগালুৰু যোদ্ধাৰ সহ-স্বত্বাধিকাৰী। বীমা কোম্পানী গ’ ডিজিটতো তেওঁৰ বিনিয়োগ আছে।