ক্ৰিকেট বিশ্বত নতুন অভিলেখ ৰচিলে ৮ বছৰ ধৰি উপেক্ষিত এইগৰাকী ভাৰতীয় তাৰকাই
অষ্ট্ৰেলিয়াত ভাৰতীয় বেটাৰৰ এই ব্যৰ্থতাৰ বিপৰীতে এসময়ত ত্ৰিশতকীয় টেষ্ট ইনিংছেৰে চমক সৃষ্টি কৰা এগৰাকী ভাৰতীয় খেলুৱৈয়ে অব্যাহত ৰাখিছে দুৰ্জয় গতি। এই খেলুৱৈগৰাকীয়ে শেহতীয়াকৈ ধাৰাবাহিকতা ৰক্ষাৰে আগবঢ়াই অহা চমকপ্ৰদ প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বত এক নতুন অভিলেখ স্থাপন কৰিছে।
 
                                সম্প্ৰতি অষ্ট্ৰেলিয়াত চলিত টেষ্ট শৃংখলাত ধাৰাবাহিকভাৱে বেটিং ব্যৰ্থতাৰ সন্মুখীন হৈছে ভাৰতীয় দল। এনে ব্যৰ্থতাৰ ফল ভুগিবলগা হৈছে ভাৰতে আৰু বিগত চাৰিটা সংস্কৰণত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত চলাই অহা আধিপত্যৰো অৱসান ঘটিছে। দুই-এগৰাকী খেলুৱৈৰ নিৰ্দিষ্ট কেইটামান ইনিংছ বাদ দিলে ভাৰতীয় খেলুৱৈসকলে ক্ৰীজত দীঘলীয়া সময়ৰ বাবে খোপনি পোতাৰ ক্ষেত্ৰত বিফল হৈছে। অষ্ট্ৰেলিয়াত ভাৰতীয় বেটাৰৰ এই ব্যৰ্থতাৰ বিপৰীতে এসময়ত ত্ৰিশতকীয় টেষ্ট ইনিংছেৰে চমক সৃষ্টি কৰা এগৰাকী ভাৰতীয় খেলুৱৈয়ে অব্যাহত ৰাখিছে দুৰ্জয় গতি।
এই খেলুৱৈগৰাকীয়ে শেহতীয়াকৈ ধাৰাবাহিকতা ৰক্ষাৰে আগবঢ়াই অহা চমকপ্ৰদ প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বত এক নতুন অভিলেখ স্থাপন কৰিছে। এই খেলুৱৈগৰাকী আন কোনো নহয়, টেষ্টত ত্ৰিশতক অৰ্জনৰ পিছতো সুদীৰ্ঘ ৮ বছৰ ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত থকা প্ৰতিভাসম্পন্ন বেটাৰ কৰুণ নায়াৰ। ভাৰতীয় দলৰ পৰা বাহিৰত থাকিলেও কৰুণ নায়াৰে ঘৰুৱা ক্ৰিকেটত নিজৰ প্ৰতিভাৰ পূৰ্ণ প্ৰকাশ ঘটাই আহিছে।
বৰ্তমান ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ এদিনীয়া ফৰ্মেটৰ প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত বিদৰ্ভৰ হৈ কৰুণ নায়াৰে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছে। চলিত প্ৰতিযোগিতাখনত কৰুণ নায়াৰে এইপৰ্যন্ত ৫ খন মেচত চাৰিটাকৈ শতকেৰে ৫৪২ ৰান সংগ্ৰহ কৰিছে আৰু প্ৰতিযোগিতাখনত এইপৰ্যন্ত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে শীৰ্ষত আছে। লক্ষণীয়ভাৱে এই বিশাল সংখ্যক ৰান সংগ্ৰহৰ পিছত আজি প্ৰথমবাৰ নিজৰ উইকেট হেৰুৱাইছে নায়াৰে।
এইদৰে কৰুণ নায়াৰ বিশ্বৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আউট নোহোৱাকৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল নিউজিলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ জেমছ ফ্ৰেংকলিনৰ নামত। প্ৰাক্তন কিৱি তাৰকাগৰাকীয়ে ২০১০ চনত আউট নোহোৱাকৈ ৫২৭ ৰান সংগ্ৰহ কৰিছিল। এইবাৰ বিজয় হাজাৰে ট্ৰফীত কৰুণ নাইৰে পাঁচখন খেলত চাৰিটা শতক অৰ্জন কৰিছে।
প্ৰথমখন মেচৰ পৰাই বিধ্বংসী ৰূপ ধাৰণ কৰা কৰুণ নায়াৰে জম্মু-কাশ্মীৰৰ বিৰুদ্ধে অপৰাজিত ১১২ ৰান, ছত্তীশগড়ৰ বিৰুদ্ধে অপৰাজিত ৪৪ ৰান, চণ্ডীগড়ৰ বিৰুদ্ধে অপৰাজিত ১৬৩ ৰান, তামিলনাডুৰ বিৰুদ্ধে অপৰাজিত ১১১ ৰান আৰু আজি উত্তৰ প্ৰদেশৰ বিৰুদ্ধে ১১২ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ এনে চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদতে বিদৰ্ভই এতিয়ালৈকে প্ৰতিযোগিতাৰ আটাইকেইখন মেচত জয়েৰে গ্ৰুপ ডিৰ শীৰ্ষস্থানত আছে।
উল্লেখ্য যে ২০১৬ চনত ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল কৰুণ নায়াৰৰ। এই সময়ছোৱাত নায়াৰে ৬খন টেষ্টৰ ৭ ইনিংছত ৬২.৩৩ গড়ে ৩৭৪ ৰান সংগ্ৰহ কৰে। এই চমু কেৰিয়াৰত নায়াৰে ইংলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ৩০৩ ৰানৰ এক দৃষ্টিনন্দন ইনিংছ খেলিছিল। কিন্তু ২০১৭ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ধৰ্মশালা টেষ্টৰ পিছত জাতীয় দলত পুনৰ স্থান লাভ কৰা নাই কৰুণ নায়াৰে।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      