শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতীয় দলত স্থান পালে বৈভৱ সূৰ্যবংশীয়ে; সূৰ্য-গিল নহয়, অধিনায়কৰ দায়িত্বত এইগৰাকী যুৱ তাৰকা

মাত্ৰ ১৪ বছৰ বয়সতে আই পি এলৰ দৰে এক বৃহৎ মঞ্চত নিজৰ বিস্ফোৰক বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল বৈভৱে। ইয়াৰ পিছতে ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত হিচাপে চৰ্চিত হৈছিল কৈশোৰ ক্ৰিকেটাৰগৰাকী। এতিয়া এনে এক দিশতে ক্ৰমাৎ ধাৱমান হৈছে বৈভৱ সূৰ্যবংশী।

ভাৰতীয় দলত স্থান পালে বৈভৱ সূৰ্যবংশীয়ে; সূৰ্য-গিল নহয়, অধিনায়কৰ দায়িত্বত এইগৰাকী যুৱ তাৰকা
বৈভৱ সূৰ্যবংশীImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 04 Nov 2025 12:42 PM

বিগত আই পি এলত নিজৰ অসামান্য প্ৰতিভাৰে সমগ্ৰ ক্ৰিকেট বিশ্বত খলকনি তুলিছিল কৈশোৰ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে। মাত্ৰ ১৪ বছৰ বয়সতে আই পি এলৰ দৰে এক বৃহৎ মঞ্চত নিজৰ বিস্ফোৰক বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল বৈভৱে। ইয়াৰ পিছতে ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত হিচাপে চৰ্চিত হৈছিল কৈশোৰ ক্ৰিকেটাৰগৰাকী। এতিয়া এনে এক দিশতে ক্ৰমাৎ ধাৱমান হৈছে বৈভৱ সূৰ্যবংশী। মূল ভাৰতীয় দলত স্থান লাভ নকৰিলেও এই পথ মুকলি কৰাৰ দিশত আৰু এখোজ আগবঢ়াইছে বৈভৱে।

অহা ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাইজিং ষ্টাৰ্ছ এছিয়া কাপ প্ৰতিযোগতা। এই প্ৰতিযোগিতাৰ বাবে আজি ঘোষণা কৰা হৈছে ভাৰতীয় দল। ঘোষিত এই ১৫ জনীয়া দলটোত বৈভৱক অন্তৰ্ভুক্ত কৰা হৈছে। সম্প্ৰতি অষ্ট্ৰেলিয়াৰ বিপক্ষে টি-২০ শৃংখলাত ভাৰতীয় দলৰ সদস্য জিতেশ শৰ্মাক এই দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

বৈভৱৰ হাতত সুযোগ

যদি বৈভৱ সূৰ্যবংশীয়ে এই প্ৰতিযোগিতাত খেলাৰ সুযোগ পায় আৰু উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়, তেতিয়া ভাৰতীয় ক্ৰিকেটত কিশোৰ খেলুৱৈগৰাকীৰ ক্ৰিকেটীয় যাত্ৰা ক্ৰমাৎ অধিক উন্নতিৰ দিশে আগবাঢ়িব পাৰে। বৈভৱৰ প্ৰশিক্ষক মনীষ ওঝাৰ লগতে আই পি এল অধিনায়ক চেমচনেও যুৱ খেলুৱৈগৰাকীয়ে শীঘ্ৰেই ভাৰতৰ হৈ খেলিব বুলি আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে এই ৰাইজিং ষ্টাৰ্ছ এছিয়া কাপক পূৰ্বতে ইমাৰ্জিং এছিয়া কাপ নামেৰে জনা গৈছিল। অহা ১৪ নৱেম্বৰৰ পৰা কাটাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৰাইজিং ষ্টাৰছ এছিয়া কাপত ওমান, ইউ এ ই আৰু পাকিস্তানৰ সৈতে গ্ৰুপ বিত স্থান লাভ কৰিছে ভাৰতীয় দলে। গ্ৰুপ এত আছে ডিফেণ্ডিং চেম্পিয়ন আফগানিস্তান, বাংলাদেশ, শ্ৰীলংকা আৰু হংকং।

ভাৰতৰ প্ৰদৰ্শন

এই প্ৰতিযোগিতাৰ উদ্বোধনী বৰ্ষতে খিতাপ জয়ৰ পিছত পুনৰাই আৰু সফল হ’ব পৰা নাই ভাৰত। এইবাৰ জিতেশৰ নেতৃত্বত যুৱ ভাৰতীয় দলটোৱে খিতাপৰ এই খৰাং দূৰ কৰাৰ চেষ্টা চলাব। প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন দাঙি ধৰি যুৱ খেলুৱৈসকলে নিজকে প্ৰমাণ কৰাৰ এক সুযোগো লাভ কৰিব।

ৰাইজিং ষ্টাৰ্ছ এছিয়া কাপৰ বাবে ঘোষিত ভাৰতীয় দলঃ জিতেশ শৰ্মা (অধিনায়ক), বৈভৱ সূৰ্যবংশী, নেহাল ৱাধেৰা, প্ৰিয়ংশ আৰ্য, আশুতোষ শৰ্মা, নমন ধীৰ, সূৰ্যংশ শ্বেডগে, ৰমনদীপ সিং, যুধবীৰ সিং চৰক, য়শ ঠাকুৰ, গুৰজনপ্ৰীত সিং, বিজয় কুমাৰ ব্যাশক, হৰ্ষ ডুবে, অভিষেক পোৰেল, সুয়শ শৰ্মা।