ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ বাবে বৈভৱ সূৰ্যবংশীয়ে লাভ কৰিলে ৩ খন নতুন বেট, কিন্তু কোনে দিলে?
ইংলেণ্ডত প্ৰথমবাৰৰ বাবে খেলিব বৈভৱ সূৰ্যবংশীয়ে। তেওঁৰ প্ৰথমখন মেচৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। কিন্তু সেই শৃংখলৰ পূৰ্বে বৈভৱে ৩খন নতুন বেট পায়। যিবোৰৰ আছে সুকীয়া বৈশিষ্ট।

বৈভৱ সূৰ্যবংশীয়ে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ বাবে ৩খন নতুন বেট লাভ কৰিছে। এতিয়া আপুনি নিশ্চয় ভাবিছে যে বৈভৱ সূৰ্য্যবংশী ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা খেলা ভাৰতীয় দলত কেনেকৈ থাকিব পাৰে? তেনেকৈ ভবাটো স্বাভাৱিক। আপোনাক জনাও যে, কেৱল শুভমান গিলৰ নেতৃত্বত ভাৰতৰ ছিনিয়ৰ দলটোৱেই ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা খেলিবলৈ যোৱা নাই। বৰঞ্চ ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলটোও গৈছে। যাৰ গুৰুত্বপূৰ্ণ সদস্য হৈছে বৈভৱ সূৰ্যবংশী। অহা ২৭ জুনৰ পৰা আৰম্ভ হ’ব ১৯ বছৰ অনুৰ্ধ দলৰ শৃংখলা, য’ত বৈভৱ সূৰ্য্যবংশীকো খেলা দেখা যাব। একেখন শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে বৈভৱ সূৰ্যবংশীয়ে ৩ খন নতুন বেট লাভ কৰিছে, যাৰ নিজস্ব বিশেষত্ব আছে।
বৈভৱ সূৰ্যবংশীয়ে লাভ কৰিছে ৩ খন নতুন বেট
যদি বৈভৱ সূৰ্যবংশীৰ বেট হয়, তেন্তে ইয়াৰ দাম কমেও এক লাখৰ পৰা ডেৰ লাখ হ’ব। অৱশ্যে আমি ইয়াৰ ওপৰত কোনো দাবী কৰা নাই। কিন্তু তাৰ বাহিৰেও বেটৰ আন এটা ডাঙৰ বৈশিষ্ট্য আছে, যিটোৰ বিষয়ে আমি আপোনালোকক জনাম, কিন্তু তাৰ পূৰ্বে মাত্ৰ জানি লওক বৈভৱক কোনে ৩ খন বেট দিলে।
SS কোম্পানীৰ বেট, বৈভৱে শ্বেয়াৰ কৰিলে ফটো
বৈভৱ সূৰ্যবংশীৰ তিনিওখন নতুন বেট এছ এছ কোম্পানীৰ। যাৰ ফটো তেওঁ নিজৰ ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰিছে।
বেটত লিখিছে বৈভৱৰ নাম
ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পূর্বে বৈভৱ সূর্যবংশীয়ে যি তিনিখন বেট লাভ কৰিছে। এই বেটৰ কিছু বিশেষত্ব আছে। আচলতে তিনিওখন বেটতে বৈভৱৰ নামো লিখা আছে। যদি বৈভৱে এনেদৰে প্ৰথমবাৰৰ বাবে খেলি ইংলেণ্ডৰ মাটিতো নিজৰ নাম উজলাবলৈ সক্ষম হয়, সেই খবৰে সকলোকে আৰু আচৰিত কৰিব পাৰে।