শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিটিকিল কোহলীৰ এনে কৃতিত্ব, একালৰ সতীৰ্থ ‘বিদেশী’ খেলুৱৈয়েই কৰিলে অতিক্ৰম

ইতিমধ্যেই কোহলীয়ে ক্ৰিকেট ইতিহাসৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে খ্যাতি অৰ্জন কৰিছে। পিছে ৰান সংগ্ৰহৰ ক্ষেত্ৰত ৰান মেচিন কোহলীকো অতিক্ৰম কৰিছে আমেৰিকাৰ এগৰাকী খেলুৱৈয়ে। লক্ষণীয়ভাৱে এই খেলুৱৈজন আকৌ কোহলীৰে একালৰ সতীৰ্থ।

নিটিকিল কোহলীৰ এনে কৃতিত্ব, একালৰ সতীৰ্থ ‘বিদেশী’ খেলুৱৈয়েই কৰিলে অতিক্ৰম
কোহলীক অতিক্ৰম একালৰ সতীৰ্থৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 04 Nov 2025 18:01 PM

বিশ্ব ক্ৰিকেটত ৰান মেচিন হিচাপে চৰ্চিত ভাৰতীয় দলৰ মহাতাৰকা বিৰাট কোহলী ধাৰাবাহিকতা ৰক্ষাৰে ক্ৰীজত অত্যন্ত ধৈৰ্যৰে থিয় দি দলৰ ইনিংছৰ ভেটি গঢ়াৰ লগতে প্ৰতিপক্ষৰ বাবে মূৰৰ কামোৰণি হৈ পৰে তেওঁ ইতিমধ্যেই কোহলীয়ে ক্ৰিকেট ইতিহাসৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে খ্যাতি অৰ্জন কৰিছে পিছে ৰান সংগ্ৰহৰ ক্ষেত্ৰত ৰান মেচিন কোহলীকো অতিক্ৰম কৰিছে আমেৰিকাৰ এগৰাকী খেলুৱৈয়ে লক্ষণীয়ভাৱে এই খেলুৱৈজন আকৌ কোহলীৰে একালৰ সতীৰ্থ

কোহলীক অতিক্ৰমি এদিনীয়া ক্ৰিকেটত ইতিহাস সৃষ্টি কৰিছে আমেৰিকান বেটাৰ মিলিন্দ কুমাৰেবেটিং গড়ৰ ক্ষেত্ৰত আমেৰিকাৰ এই খেলুৱৈগৰাকীয়ে বিশ্ব অভিলেখ গঢ়িছে। কমেও ২০টা এদিনীয়া ইনিংছ খেলা খেলুৱৈৰ ভিতৰত ৰান সংগ্ৰহৰ ক্ষেত্ৰত সৰ্বাধিক গড়ৰ বেটাৰ হিচাপে পৰিগণিত হৈছে মিলিন্দ

কেৱল বিৰাট কোহলীয়েই নহয়, বৰ্তমানৰ ভাৰতীয় দলৰ সহকাৰী প্ৰশিক্ষক ৰিয়ান টেন ড’চাটেকো এইক্ষেত্ৰত মিলিন্দ কুমাৰে অতিক্ৰম কৰিছে কোহলী আৰু ড’চাটেক অতিক্ৰমি বিশ্ব অভিলেখ গঢ়ি তোলা মিলিন্দ কুমাৰৰ বেটিং গড় এতিয়া ৬৭.৭৩। সোমবাৰে আমেৰিকা আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত এদিনীয়া মেচত অপৰাজিত ১২৩ ৰানৰ ইনিংছ খেলি মিলিণ্ডে এই কৃতিত্ব অৰ্জন কৰে।

কোহলী আৰু চাটেৰ বেটিং গড়

কমেও ২০টা এদিনীয়া ইনিংছ খেলা কোনো বেটাৰেই আজিপৰ্যন্ত ৬৭.৭৩ গড়েৰে ৰান সংগ্ৰহ কৰিব পৰা নাছিল মিলিণ্ডৰ পূৰ্বে গড়ে ৬৭ ৰান কৰি এই অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰিছিল নেদাৰলেণ্ডৰ ৰিয়ান টেন ড’চাটেই। ৫৭.৭১ বেটিং গড়েৰে এই তালিকাত তৃতীয় স্থানত আছে বিৰাট কোহলী আনহাতে ৫৬.৩৬ বেটিং গড়েৰে চতুৰ্থ স্থানত আছে শুভমন গিল।

বিৰাটৰ পুৰণি সতীৰ্থ মিলিন্দ কুমাৰ

ধাৰাবাহিকতা ৰক্ষাৰে এনে এক অসামান্য কৃতিত্ব অৰ্জন কৰা মিলিন্দ কুমাৰ বিৰাট কোহলীৰে একালৰ সতীৰ্থ দিল্লীৰ হৈ ৰঞ্জী ক্ৰিকেট আৰু আৰচিবিৰ হৈ আইপিএল খেলিছে মিলিন্দ কুমাৰে। দুয়োখন টুৰ্ণামেণ্টতে বিৰাট কোহলীৰ সৈতে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰিছে বৰ্তমানৰ আমেৰিকাৰ বেটিং লাইন আপৰ গুৰুত্বপূৰ্ণ সদস্যগৰাকীয়ে