IPL 2025 Schedule: IPL ৰ সময়সূচীৰ আনুষ্ঠানিক ঘোষণা BCCI ৰ, গুৱাহাটীত ২৬ আৰু ৩০ মাৰ্চত অনুষ্ঠিত হ’ব দুখনকৈ মেচ
অপেক্ষাৰ অন্ত, BCCIয়ে আজি IPL 2025 ৰ সময়সূচী ৫:৩০ মিনিটত আনুষ্ঠানিক ঘোষণা কৰে। IPL 2025 ৰ প্ৰথমখন খেল ২২ মাৰ্চত কলকাতা নাইট ৰাইডাৰ্চ আৰু ৰয়েল চেলেঞ্জৰ্চ বেংগালুৰুৰ মাজত কলকাতা ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব। উল্লেখ্য যে গুৱাহাটীত ২৬ মাৰ্চ আৰু ৩০ মাৰ্চত অনুষ্ঠিত হ'ব দুখনকৈ মেচ।

IPL 2025 ৰ সময়সূচীকলৈ ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। বিচিচিআইয়ে সকলো খেলৰ স্থান, দল আৰু তাৰিখ ঘোষণা কৰিছে। ১৬ ফেব্ৰুৱাৰী দেওবাৰে ব’ৰ্ডে এই ঘোষণা কৰে, সেই অনুসৰি ১৮ সংখ্যক ছিজনৰ প্ৰথমখন মেচ হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত। এই খেলখন অহা ২২ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব। এইবাৰ আইপিএল হ’ব ৬৫ দিনৰ। এই সময়ছোৱাত ১৩টা স্থানত প্লে অফ আৰু ফাইনেলকে ধৰি ৭৪খন মেচ অনুষ্ঠিত হ’ব। ইয়াৰে ৭০খন খেল গ্ৰুপ পৰ্যায়ৰ হ’ব। এতিয়া সূচীখনৰ বিষয়ে জানক।
২৩ মাৰ্চত CSK vs MI
২২ মাৰ্চ শনিবাৰৰ পৰা আৰম্ভ হ’ব আই পি এল। প্ৰথম ২ দিনত ৩ খন খেল খেলিব। কেকেআৰ আৰু আৰচিবিৰ উদ্বোধনী খেলৰ পাছত দ্বিতীয় দিনা অৰ্থাৎ ২৩ মাৰ্চ দেওবাৰে বিয়লি ৩.৩০ বজাৰ পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত ছিজনৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব। একেদিনাই সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত ব্লকবাষ্টাৰ মেচ অনুষ্ঠিত হ’ব।
MI আৰু RCB ৰ সৈতে ২ বাৰ প্ৰতিদ্বন্দ্বিতা কৰিব CSK
আই পি এলত চেন্নাই, মুম্বাই আৰু বাংগালুৰু দলৰ অনুৰাগীৰ সংখ্যা আটাইতকৈ বেছি। অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰে এই তিনিটা দলৰ মেচলৈ। এই কথা উপলব্ধি কৰি বিচিচিআইয়ে চিএছকেৰ বাবে আৰচিবি আৰু এমআইৰ বিৰুদ্ধে দুখনকৈ মেচৰ দিন ধাৰ্য কৰিছে। ২৩ মাৰ্চত চেপাকত প্ৰথমবাৰৰ বাবে মুম্বাইৰ বিৰুদ্ধে খেলিব চেন্নাই দল। ২০ এপ্ৰিলত ৱানখেদেত দুয়োটা দলৰ মুখামুখি হ’ব। ২৮ মাৰ্চত চেপাকত আৰচিবিৰ বিৰুদ্ধে চি এছ কেৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৩ মে’ত চিন্নাস্বামী ষ্টেডিয়ামত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন মেচ।
IPL 2025 নকআউট মেচ
IPL 2025ত গ্ৰুপ পৰ্যায়ৰ ৭০খন খেল অনুষ্ঠিত হ’ব। ইয়াৰ পিছত লীগৰ শীৰ্ষ ৪ টা দলে প্লে অফৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। এইবাৰ প্লে অফৰ প্ৰথমখন মেচ অৰ্থাৎ qualifier 1 ২০ মে’ত অনুষ্ঠিত হ’ব। ২১ মে’ত অনুষ্ঠিত হ’বলগীয়া এলিমিনেটৰ মেচখনৰ বিপৰীতে ২৩ মে’ত অনুষ্ঠিত হ’ব কোৱালিফায়াৰ-২ৰ মেচখন। অৱশেষত ২৫ মে’ত ফাইনেলত খিতাপৰ বাবে দুটা দলে যুঁজ দিব।
উল্লেখ্য যে, গুৱাহাটীলৈ আহিব মহেন্দ্ৰ সিং ধোনী। বৰ্ষাপাৰা ষ্টেডিয়ামত ২৬ মাৰ্চত RR vs KKR আৰু ৩০ মাৰ্চত RR vs CSK ৰ দুখনকৈ মেচ অনুষ্ঠিত হ’ব।