শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিশ্বকাপ জয় কৰিলেও ট্ৰফী ঘূৰাই দিব লাগিব ভাৰতীয় মহিলা ক্ৰিকেট দলে, ইয়াৰ আঁৰৰ কাৰণ কি?

আইচিচিৰ প্ৰতিযোগিতাত জয়ী হোৱা কোনো দলকে প্ৰকৃত ট্ৰফী প্ৰদান কৰা নহয়। বৰঞ্চ তেওঁলোকে লাভ কৰে ডামি বা প্ৰতীকী ট্ৰফী। প্ৰকৃত ট্ৰফীটো বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত প্ৰদান কৰা হয় আৰু ফটোশ্বুটৰ পিছত ইয়াক আইচিচিয়ে ঘূৰাই লয়।

বিশ্বকাপ জয় কৰিলেও ট্ৰফী ঘূৰাই দিব লাগিব ভাৰতীয় মহিলা ক্ৰিকেট দলে, ইয়াৰ আঁৰৰ কাৰণ কি?
ভাৰত ওভটাই দিব লাগিব বিশ্বকাপৰ ট্ৰফীImage Credit source: BCCI
raj-saikia
Raj Saikia | Published: 03 Nov 2025 19:32 PM

ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰে দেওবাৰে নিশা। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰে। এই জয়ৰ পিছতে টিম ইণ্ডিয়াই বিশ্বকাপৰ ট্ৰফী লাভ কৰে যদিও আইচিচিৰ নিয়মৰ বাবে ভাৰতীয় দলৰ পৰা এই ট্ৰফী ঘূৰাই লোৱা হ’ব। আইচিচিৰ প্ৰতিযোগিতাত জয়ী হোৱা কোনো দলকে প্ৰকৃত ট্ৰফী প্ৰদান কৰা নহয়। বৰঞ্চ তেওঁলোকে লাভ কৰে ডামি বা প্ৰতীকী ট্ৰফী। প্ৰকৃত ট্ৰফীটো বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত প্ৰদান কৰা হয় আৰু ফটোশ্বুটৰ পিছত ইয়াক আইচিচিয়ে ঘূৰাই লয়।

ট্ৰফী সন্দৰ্ভত আইচিচিৰ কি নিয়ম?

আইচিচিয়ে ২৬ বছৰ পূৰ্বে এটা নিয়ম প্ৰৱৰ্তন কৰিছিল, য’ত কোৱা হৈছে যে বিজয়ী দলটোৱে ট্ৰফী লাভ কৰিব আৰু ইয়াক ফটোশ্বুট আৰু বিজয় পেৰেডৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু তাৰ পিছত ইয়াক ঘূৰাই দিব লাগিব। আইচিচিয়ে বিজয়ী দলটোক সোণালী আৰু ৰূপালী ৰঙৰ প্ৰকৃত ট্ৰফীৰ সৈতে মিল থকা ডামি ট্ৰফী প্ৰদান কৰে। প্ৰকৃত ট্ৰফী আইচিচিৰ ডুবাই মুখ্য কাৰ্যালয়ত ৰখা হয়। ট্ৰফীটো চুৰি বা ক্ষতিগ্ৰস্তৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ এই কাম কৰা হয়।

মহিলা বিশ্বকাপ ২০২৫ ট্ৰফীৰ উল্লেখযোগ্য দিশ

মহিলা বিশ্বকাপ ২০২৫ ট্ৰফীৰ ওজন ১১ কিলোগ্ৰাম আৰু উচ্চতা প্ৰায় ৬০ চে.মি. । ইয়াক ৰূপ আৰু সোণেৰে তৈয়াৰ কৰা হয়। ইয়াত তিনিটা ৰূপৰ স্তম্ভ ষ্টাম্প আৰু বেলৰ দৰে আকৃতি থাকে। ইয়াৰ ওপৰ অংশ এটা ঘূৰণীয়া সোণৰ গ্ল’ব থাকে। ট্ৰফীত সৰ্বকালৰ বিজয়ীসকলৰ নামো সন্নিবিষ্ট কৰা হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে ট্ৰফীত অন্তৰ্ভুক্ত হৈছে ভাৰতৰ নাম। মহিলা বিশ্বকাপৰ ১৩টা সংস্কৰণত অষ্ট্ৰেলিয়াই ৭ বাৰ জয়লাভ কৰিছে। ইংলেণ্ডে চাৰিটা খিতাপ দখল কৰাৰ বিপৰীতে নিউজিলেণ্ড আৰু ভাৰতে এটাকৈ খিতাপ দখল কৰিছে।

কেনেকৈ ভাৰতে মহিলা বিশ্বকাপ জয় কৰে

নৱী মুম্বাইত খেলা খেলখনত প্ৰথম বেটিং কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ২৯৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ২৪৬ ৰানহে কৰিবলৈ সক্ষম হয়। ফাইনেলত ছেফালী বাৰ্মাই ৮৭ ৰানেৰে সৰ্বাধিক স্ক’ৰ কৰাৰ লগতে দুটা উইকেট দখল কৰে। তেওঁক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়। দীপ্তি শৰ্মায়ো ৫৮ ৰান সংগ্ৰহ কৰাৰ লহতে ৫টা উইকেট দখল কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ হৈ অধিনায়ক ল’ৰা উলভাৰ্ডে ১০১ ৰান সংগ্ৰহ কৰি এক উজ্জ্বল শতক অৰ্জন কৰিছিল যদিও তেওঁ নিজৰ দলটোক বিশ্ব চেম্পিয়নশ্বিপৰ গৌৰৱেৰে গৌৰৱান্বিত কৰিব নোৱাৰিলে।