শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

টিম ইণ্ডিয়াৰ জাৰ্চিত থাকিব পাকিস্তানৰ নাম ! স্পষ্ট কৰিলে BCCI য়ে…

ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীৰ বাবে জাৰ্চিত পাকিস্তানৰ নাম লিখিবলৈ অস্বীকাৰ কৰা বুলি কিছু সংখ্যক বাতৰিয়ে দাবী কৰিছিল। শেহতীয়াকৈ এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিচিচিআইয়ে।

টিম ইণ্ডিয়াৰ জাৰ্চিত থাকিব পাকিস্তানৰ নাম ! স্পষ্ট কৰিলে BCCI য়ে…
টিম ইণ্ডিয়া
Manas Borah
Manas Borah | Updated On: 22 Jan 2025 19:56 PM

১৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। পাকিস্তানে আয়োজন কৰিবলগীয়া এই প্ৰতিযোগিতাখন হ’ব হাইব্ৰিড মডেলত। অৰ্থাৎ টিম ইণ্ডিয়াই নিজৰ সকলো মেচ ডুবাইত খেলিব, ইয়াৰ বাহিৰে বাকী সকলো দলে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰমণ কৰিব লাগিব । ইফালে, ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীৰ বাবে জাৰ্চিত পাকিস্তানৰ নাম লিখিবলৈ অস্বীকাৰ কৰা বুলি কিছু সংখ্যক বাতৰিয়ে দাবী কৰিছিল। সাধাৰণতে প্ৰতিযোগিতাখন আয়োজন কৰা দেশৰ নাম সকলো দলৰ জাৰ্চিত থাকে। শেহতীয়াকৈ এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিচিচিআইয়ে।

আইচিচিৰ নিয়ম অনুসৰি আইচিচিৰ বেনাৰত অনুষ্ঠিত হোৱা সকলো প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰা সকলো দলে নিজৰ জাৰ্চিত প্ৰতিযোগিতাখনৰ নামৰ সৈতে আয়োজক দেশৰ নাম আৰু প্ৰতিযোগিতাখনৰ বছৰ তথা চন লিখাটো বাধ্যতামূলক । এই সন্দৰ্ভত বি চি চি আইৰ নতুন সচিব দেৱজিৎ শইকীয়াই নিশ্চিত কৰিছে যে, চেম্পিয়নছ ট্ৰফীৰ সময়ত বি চি চি আইয়ে জাৰ্চি সম্পৰ্কীয় আই চি চিৰ প্ৰতিটো নিয়ম মানি চলিব। অৰ্থাৎ এই প্ৰতিযোগিতাৰ আয়োজক পাকিস্তানৰ নাম টিম ইণ্ডিয়াৰ জাৰ্চিত থাকিব।

শেহতীয়াকৈ পাকিস্তানৰ সংবাদ মাধ্যমে এই বিষয়টো উত্থাপন কৰি টিম ইণ্ডিয়াৰ জাৰ্চিত পাকিস্তানৰ নাম ছপা কৰিবলৈ বিচিচিআইয়ে অস্বীকাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। পিচিবিয়েও এই বিষয়টো আইচিচিলৈ লৈ যাব বিচাৰিছিল। কিন্তু বিচিচিআইয়ে এতিয়া এই সকলোবোৰ কথা নাকচ কৰি জাৰ্চিৰ সৈতে জড়িত আইচিচিৰ প্ৰতিটো নিয়ম মানি চলিব বুলি ঘোষণা কৰিছে।

২০ ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফীৰ অভিযান আৰম্ভ কৰিব টিম ইণ্ডিয়াই । প্ৰথমখন মেচ বাংলাদেশৰ বিৰুদ্ধে খেলিব টিম ইণ্ডিয়াই। ইয়াৰ পিছতে ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন মেচ খেলিব টিম ইণ্ডিয়াই। গ্ৰুপৰ অন্তিমখন মেচ ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব।