শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতীয় দলৰ দুৱাৰত টোকৰ ৰিয়ানৰ! বিচিচিআই তথা নিৰ্বাচকলৈ দিলে এনে বিশেষ বাৰ্তা

ৱাশ্বিংটন সুন্দৰ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচতে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত তেওঁৰ বিশ্বকাপত অংশগ্ৰহণক লৈ অনিশ্চয়তাই দেখা দিছে। এনে পৰিপ্ৰেক্ষিতত সুন্দৰৰ বিকল্প হিচাপে কোনে স্থান পাব পাৰে, সেই চৰ্চাৰ মাজতে উচ্চাৰিত হৈছে ৰিয়ান পৰাগৰ নাম।

ভাৰতীয় দলৰ দুৱাৰত টোকৰ ৰিয়ানৰ! বিচিচিআই তথা নিৰ্বাচকলৈ দিলে এনে বিশেষ বাৰ্তা
চৰ্চাত ৰিয়ান পৰাগImage Credit source: Pankaj Nangia/Getty Images
Monjit Dutta
Monjit Dutta | Published: 16 Jan 2026 15:37 PM

আগন্তুক টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে ভাৰতীয় দল। তাৰ পিছতো অৱশ্যে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে দলত সালসলনি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াৰ কাৰণ কোনো খেলুৱৈৰ ফৰ্ম নহয়, বৰঞ্চ ফিটনেছহে। দলৰ স্পিন বলিং অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচতে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত তেওঁৰ বিশ্বকাপত অংশগ্ৰহণক লৈ অনিশ্চয়তাই দেখা দিছে। এনে পৰিপ্ৰেক্ষিতত সুন্দৰৰ বিকল্প হিচাপে কোনে স্থান পাব পাৰে, সেই চৰ্চাৰ মাজতে উচ্চাৰিত হৈছে ৰিয়ান পৰাগৰ নাম।

কিয় অনিশ্চিত ৱাশ্বিংটন সুন্দৰ?

বিশ্বকাপৰ মূল ১৫ জনীয়া দলত স্থান লাভ কৰা সুন্দৰ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ মাত্ৰ ৩ সপ্তাহ পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে মেচৰ সময়ত ‘চাইড ষ্ট্ৰেইন’ত (Side strain) আক্ৰান্ত হয়। ফলস্বৰূপে তেওঁ এদিনীয়া আৰু টি-২০ দুয়োটা শৃংখলাৰ পৰাই বাহিৰ হৈছে। আঘাত গুৰুতৰ হোৱা বাবে তেওঁ বিশ্বকাপৰ প্ৰাৰম্ভিক মেচসমূহৰ আগতে সম্পূৰ্ণ ফিট হোৱাৰ সম্ভাৱনা অতি কম।

ৰিয়ান পৰাগৰ ইংগিত

সুন্দৰৰ আঘাতৰ পিছতে তেওঁৰ স্থানত ভাৰতীয় দলত সম্ভাৱ্য সদস্যক লৈ ব্যাপক চৰ্চা চলিছে। ইতিমধ্যে এদিনীয়াত তেওঁৰ স্থানত আয়ুষ বাদনীক অন্তৰ্ভুক্ত কৰা হৈছে যদিও টি-২০ত এতিয়ালৈকে কোনো খেলুৱৈৰ নাম ঘোষণা কৰা হোৱা নাই। সুন্দৰৰ বিকল্প হিচাপে এই মুহূৰ্তত কেইবাগৰাকীও খেলুৱৈৰ নাম চৰ্চিত হৈছে। ইয়াৰ ভিতৰত অন্যতম ৰিয়ান পৰাগ।

এনে চৰ্চাৰ মাজতে অসম সন্তান ৰিয়ান পৰাগে ছচিয়েল মিডিয়াত নিজৰ অনুশীলনীৰ ভিডিঅ’ পোষ্ট কৰি এক বিশেষ ইংগিত দিছে। ৰিয়ানে প্ৰথমে বেটিং আৰু তাৰ পিছদিনাই বলিং অনুশীলনৰ ভিডিঅ’ শ্বেয়াৰ কৰে। উল্লেখ্য যে, মিডল অৰ্ডাৰৰ এগৰাকী আক্ৰমণাত্মক বেটাৰৰ লগতে ৰিয়ানে সুন্দৰৰ দৰেই অফ-ব্ৰেক স্পিন বলিং কৰিব পাৰে, সেয়ে তেওঁ সম্প্ৰতি বিকল্প হিচাপে অধিক দাবীদাৰ হৈ উঠিছে।

তেনে ক্ষেত্ৰত ৰিয়ানৰ এই ভিডিঅ’সমূহ বিচিচিআই তথা ভাৰতীয় দলৰ নিৰ্বাচকসকলৰ প্ৰতি এক বাৰ্তা হিচাপে আলোচিত হৈছে। যদি ৰিয়ানে আশা কৰাৰ দৰেই ভাৰতীয় দলত স্থান পায়, বিশ্বকাপৰ পূৰ্বে হ’বলগা নিউজিলেণ্ডৰ বিপক্ষে আগন্তুক টি-২০ শৃংখলাত তেওঁ পুনৰ এবাৰ নিজকে প্ৰমাণ কৰাৰ সুৱৰ্ণ সুযোগ লাভ কৰিব।

ফিটনেছৰ যুঁজত ৰিয়ান

বৰ্তমান কান্ধৰ আঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ ৰিয়ান পৰাগ বেংগালুৰুৰ বিচিচিআইৰ ‘চেণ্টাৰ অৱ এক্সেলেন্স’ত আছে। শেহতীয়া খবৰ অনুসৰি, তেওঁ বলিং আৰু ফিল্ডিং অনুশীলন পুনৰ আৰম্ভ কৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা আৰম্ভ হোৱাৰ আগতেই তেওঁ ফিটনেছ চাৰ্টিফিকেট লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।