শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জয়ৰ কোনো নিশ্চয়তা নাই! ইংলেণ্ড ভ্ৰমণৰ পূৰ্বেই পৰাজয় স্বীকাৰ কৰিলে নেকি গম্ভীৰে?

আগন্তুক টেষ্ট শৃংখলাৰ বাবে আজি নিশাই ভাৰতীয় দল ইংলেণ্ডলৈ ৰাওনা হ’ব। পিছে তাৰ পূৰ্বে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ এক মন্তব্যই ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ আকস্মিক অৱসৰৰ পিছত টেষ্ট দলৰ ভৱিষ্যতৰ প্ৰদৰ্শনক লৈ কিছু উদ্বিগ্ন হৈ আছে অনুৰাগীসকল। এতিয়া গম্ভীৰৰ মন্তব্যই অনুৰাগীক অধিক উৎকণ্ঠিত কৰি তুলিছে।

জয়ৰ কোনো নিশ্চয়তা নাই! ইংলেণ্ড ভ্ৰমণৰ পূৰ্বেই পৰাজয় স্বীকাৰ কৰিলে নেকি গম্ভীৰে?
ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 05 Jun 2025 22:02 PM

অন্ত পৰিল আই পি এল ২০২৫। বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু ধনাঢ্য এই ক্ৰিকেট লীগৰ সমাপ্তিৰ পিছত এতিয়া ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি ভাৰতীয় দলৰ ওপৰত। পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। ইংলেণ্ডৰ বিপক্ষে এই শৃংখলা অহা ২০ জুনৰ পৰা আৰম্ভ হ’ব। স্বাভাৱিকতেই এই ভ্ৰমণ ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। গতিকে আগন্তুক এই টেষ্ট শৃংখলাটোৰ বাবে প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়েই অত্যন্ত উৎকণ্ঠাৰে অপেক্ষা কৰিছে।

আজি নিশাই ভাৰতীয় দল ইংলেণ্ডলৈ ৰাওনা হ’ব। পিছে তাৰ পূৰ্বে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ এক মন্তব্যই ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ আকস্মিক অৱসৰৰ পিছত টেষ্ট দলৰ ভৱিষ্যতৰ প্ৰদৰ্শনক লৈ কিছু উদ্বিগ্ন হৈ আছে অনুৰাগীসকল। এতিয়া গম্ভীৰৰ বিশেষ মন্তব্যই এফালে ভাৰতীয় দলৰ প্ৰতি সতৰ্কবাণী হিচাপে পৰিগণিত হোৱাৰ সমান্তৰালকৈ অনুৰাগীকো অধিক উৎকণ্ঠিত কৰি তুলিছে।

দলৰ মুখ্য প্ৰশিক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থকাৰ পিছতো গৌতম গম্ভীৰে স্পষ্টকৈ উল্লেখ কৰিছে, ইংলেণ্ডত জয়ৰ নিশ্চয়তা নাথাকে। কিন্তু ভ্ৰমণৰ প্ৰাকক্ষণতে কিয় এইদৰে ক’লে গম্ভীৰে? শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই গৌতম গম্ভীৰে পৰাজয় স্বীকাৰ কৰিছে নেকি তথা তেওঁৰ মন্তব্যই ভাৰতীয় দলৰ খেলুৱৈসকলৰ মনোবল হ্ৰাস নকৰিব নেকি? এনে ভিন্ন প্ৰশ্ন উদয় হৈছে অনুৰাগীৰ মনত।

ইংলেণ্ড ভ্ৰমণলৈ যোৱাৰ পূৰ্বে মুম্বাইত আজি এক সংবাদমেল সম্বোধন কৰে গৌতম গম্ভীৰ আৰু ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক শুভমন গিলে। টেষ্ট অধিনায়ক হিচাপে এয়া হৈছে গিলৰ প্ৰথমখন সংবাদ মেল। সংবাদ মেলত গিলে নিজৰ নেতৃত্ব শৈলী আৰু ভাৰতীয় দলৰ প্ৰস্তুতি সন্দৰ্ভত কিছু মন্তব্য আগবঢ়ায়। আনহাতে, প্ৰশিক্ষক গৌতম গম্ভীৰে নিজা শৈলীত ইংলেণ্ডৰ পৰিৱেশৰ অসুবিধা সন্দৰ্ভত স্পষ্ট মন্তব্য আগবঢ়ায়।

ভাৰতীয় দলৰ খেলুৱৈ হিচাপে ইংলেণ্ড ভ্ৰমণৰ অভিজ্ঞতাৰে পুষ্ট গৌতম গম্ভীৰে নিজৰ অভিজ্ঞতাৰ ভিত্তিত কয় যে ইংলেণ্ডৰ পৰিস্থিতি অতি কঠিন হ’ব আৰু কেৱল বহু ৰান সংগ্ৰহ কৰিলেই জয়ৰ নিশ্চয়তা নাথাকিব। গম্ভীৰে কয়, “ইংলেণ্ডত কেৱল মাটিয়েই নহয়, আকাশেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইংলেণ্ডত ১০০০ ৰান কৰিলেও জয়ৰ নিশ্চয়তা নাথাকে। সম্পূৰ্ণ ২০ উইকেট ল’লেহে জয়ী হ’ব পাৰি।”

উল্লেখ্য যে গম্ভীৰৰ প্ৰশিক্ষণকালত ভাৰতীয় দলে শেহতীয়াকৈ চেম্পিয়নছ ট্ৰফী জয় কৰিছিল যদিও টেষ্টত দলৰ প্ৰদৰ্শন অত্যন্ত হতাশাজনক। অষ্ট্ৰেলিয়াৰ বিপক্ষে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ লগতে নিউজিলেণ্ডৰ বিপক্ষে ঘৰুৱা টেষ্ট শৃংখলাতো পৰাস্ত হৈছে ভাৰতীয় দল। ক্ৰিকেটৰ এই দীঘলীয়া ফৰ্মেটত ভাৰতীয় দলৰ হতাশাজনক প্ৰদৰ্শনৰ পিছত আনকি গম্ভীৰৰ অপসাৰণ হ’ব বুলিও চৰ্চা চলিছিল।

এনে পৰিস্থিতিত পূৰ্বৰ ফলাফলৰ আধাৰত এইবাৰ তেওঁৰ ওপৰত অধিক হেঁচা পৰিব নেকি বুলি গম্ভীৰক এক প্ৰশ্ন কৰা হয়। এই প্ৰশ্নৰ উত্তৰত গম্ভীৰে কয়, “মই যেতিয়াই ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰো, তেতিয়া সদায়েই হেঁচা থাকে। প্ৰতিটো শৃংখলাতে হেঁচা থাকে। এই প্ৰশ্নটো নিউজিলেণ্ডৰ বিপক্ষে শৃংখলাৰ পূৰ্বে সোধা হ’লেও মই হেঁচা আছে বুলি ক’লোহেঁতেন।”