শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইংলেণ্ডৰ পৰা স্বদেশলৈ উভতিল গৌতম গম্ভীৰঃ আঁৰত আছে এনে চিন্তনীয় কাৰণ….

ইংলেণ্ডৰ বিপক্ষে আগন্তুক টেষ্ট শৃংখলালৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দলক ইংলেণ্ডতে এৰি স্বদেশলৈ উভতিব লগা হৈছে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। মাতৃৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে গম্ভীৰ এইদৰে আকস্মিকভাৱে স্বদেশলৈ উভতিবলগা হৈছে বুলি খবৰ প্ৰকাশ পাইছে।

ইংলেণ্ডৰ পৰা স্বদেশলৈ উভতিল গৌতম গম্ভীৰঃ আঁৰত আছে এনে চিন্তনীয় কাৰণ….
স্বদেশলৈ ঘূৰিল গম্ভীৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 13 Jun 2025 15:02 PM

অহা ২০ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলা। ইতিমধ্যে ভাৰতীয় দলে এই শৃংখলাৰ বাবে ইংলেণ্ডত উপস্থিত হৈ আগন্তুক শৃংখলাটোৰ বাবে অনুশীলন আৰম্ভ কৰিছে। পিছে এই শৃংখলালৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দলক ইংলেণ্ডতে এৰি স্বদেশলৈ উভতিব লগা হৈছে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। জানিব পৰা মতে আজি ইংলেণ্ডৰ পৰা ভাৰতলৈ উভতিছে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকগৰাকী।

মাতৃৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে গম্ভীৰ এইদৰে আকস্মিকভাৱে স্বদেশলৈ উভতিবলগা হৈছে বুলি খবৰ প্ৰকাশ পাইছে। প্ৰকাশিত খবৰ অনুসৰি গম্ভীৰৰ মাতৃ হঠাতে হাৰ্ট এটেকৰ চিকাৰ হৈছে আৰু স্বাস্থ্যৰ এনে অৱস্থাৰ ফলত তেওঁ সম্প্ৰতি আই চি ইউত আছে। চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে বুলিও সংবাস মাধ্যমত প্ৰকাশ পাইছে। এনে কাৰণতে এতিয়া দেশলৈ ঘূৰিবলগা হৈছে গম্ভীৰ।

ইফালে দেশৰ পৰা পুনৰ কেতিয়া তেওঁ ইংলেণ্ডলৈ ৰাওনা হ’ব, সেই সন্দৰ্ভত এই মুহূৰ্তলৈকে কোনো তথ্য পোহৰলৈ অহা নাই। গম্ভীৰৰ এই সিদ্ধান্ত হয়তো তেওঁৰ মাতৃৰ স্বাস্থ্য কেনে আছে, তাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। লক্ষণীয়ভাৱে ১৩ জুন, অৰ্থাৎ আজিৰ পৰা ১৬ জুনলৈ ভাৰতীয় দলৰ ইণ্ট্ৰা স্কোৱাড মেচৰ সূচী নিৰ্ধাৰণ কৰা হৈছিল। এই মেচত দলৰ মুখ্য প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ উপস্থিতি যথেষ্ট গুৰুত্বপূৰ্ণ আছিল।

আগন্তুক ইংলেণ্ড টেষ্টৰ বাবে এই ৱাৰ্ম আপ মেচখনতে গম্ভীৰ ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য মূল একাদশ বাচনি কৰাৰ সুযোগ লাভ কৰিলেহেঁতেন। কিন্তু এতিয়া তেওঁৰ অনুপস্থিতিত দলৰ আন সহায়ক কৰ্মচাৰীসকলৰ ওপৰত এই দায়িত্ব পৰিব। উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ ২০ জুনৰ পৰা হেডিংলিত অনুষ্ঠিত হ’ব।

এই মেচখনৰ পূৰ্বে গৌতম গম্ভীৰৰ মাতৃৰ স্বাস্থ্য সংকটমুক্ত হৈ উঠিব আৰু ২০ জুনৰ পূৰ্বে তেওঁ ইংলেণ্ডত ভাৰতীয় দলৰ সৈতে যোগদান কৰিব পাৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। এই শৃংখলাটোৰ পূৰ্বে গম্ভীৰে ভাৰতীয় দলত যোগদান কৰাটো স্বাভাৱিকতেই অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। কিয়নো ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ পিছত এয়া হ’ব ভাৰতীয় দলটোৰ প্ৰথমটো টেষ্ট শৃংখলা।

তদুপৰি এই শৃংখলাৰ জৰিয়তে ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক হিচাপে অভিষেক ঘটিব শুভমন গিলৰ। ইংলেণ্ডৰ মাটিত গিলৰ বাবে নিজৰ প্ৰথমটো শৃংখলাতে হ’ব কঠিন পৰীক্ষা। ইফালে এই শৃংখলাৰ জৰিয়তেই আৰম্ভণি ঘটিব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ সংস্কৰণৰ। গতিকে এনে গুৰুত্বপূৰ্ণ শৃংখলাত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ উপস্থিতিয়ে স্বাভাৱিকতেই দলৰ মনোবল উচ্চ কৰি ৰাখিব।