হচকিত ক্ৰিকেট বিশ্বঃ মাত্ৰ ২৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিলে এইগৰাকী তাৰকাই
শেহতীয়া কিছু দিনত কেইবাগৰাকীও তাৰকাৰ ক্ৰিকেটাৰৰ অৱসৰৰ সিদ্ধান্তই বিশ্বৰ ক্ৰিকেট অনুৰাগীক হচকিত কৰি তুলিছে। এই খেলুৱৈসকলক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে আজি আন এগৰাকী তাৰকাৰ অৱসৰৰ সিদ্ধান্তই ক্ৰিকেট বিশ্বত জোকাৰণি তুলিছে। মাত্ৰ ২৯ বছৰ বয়সতে এই ক্ৰিকেটাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰী ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে।

ক্ৰিকেট বিশ্বত শেহতীয়া কিছু দিনত কেইবাগৰাকীও তাৰকাৰ অৱসৰৰ সিদ্ধান্তই অনুৰাগীক হচকিত কৰি তুলিছে। ভাৰতীয় তাৰকাদ্বয় ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ পৰা আৰম্ভ কৰি অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেল আৰু দক্ষিণ আফ্ৰিকাৰ হেনৰিখ ক্লাছেনৰ অৱসৰৰ আকস্মিক ঘোষণাই বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলৰ আচৰিত কৰি তোলাৰ সমান্তৰালকৈ আনফালে স্বাভাৱিকতেই দুখীও কৰি তুলিছে। এই তাৰকাসকলৰ পিছত এতিয়া আন এগৰাকী তাৰকা ক্ৰিকেটাৰৰ অৱসৰৰ ঘোষণাই ক্ৰিকেট বিশ্বত জোকাৰণিৰ সৃষ্টি কৰিছে।
বিশ্বৰ একালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট শক্তি ৱেষ্ট ইণ্ডিজৰ বৰ্তমান পূৰ্বৰ সেই চোক নাই। কিন্তু দলৰ কেইজনমান তাৰকাই নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে সমগ্ৰ ক্ৰিকেট বিশ্বত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। দলটোৰ তেনে এগৰাকী তাৰকা হৈছে নিকোলাচ পুৰাণ। নিজৰ আক্ৰমণাত্মক বেটিং শৈলীৰে পুৰাণে অনুৰাগীৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল। পিছে আজি সমগ্ৰ ক্ৰিকেট বিশ্বক আশ্চৰ্যচকিত কৰি তুলিছে।
মাত্ৰ ২৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে পুৰাণে। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে পুৰাণে এই সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰিছে। অৱসৰৰ কথা ঘোষণা কৰি পুৰাণে ইনষ্টাগ্ৰামত লিখিছে, “বহু চিন্তাৰ অন্তত মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো।” ক্ৰিকেটে তেওঁক আনন্দ আৰু বহু স্মৃতি দিয়াৰ সমান্তৰালকৈ ৱেষ্ট ইণ্ডিজ দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়া বুলিও পোষ্টটোত পুৰাণে উল্লেখ কৰে।
ৱেষ্ট ইণ্ডিজৰ জাৰ্চি পৰিধান কৰি প্ৰতিবাৰ খেলপথাৰত ভৰি দিয়াৰ সময়ত, জাতীয় সংগীতৰ বাবে থিয় দিয়াৰ ক্ষণ তেওঁৰ বাবে বাস্তৱক কেনে অনুভৱ, সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি বুলিও পুৰাণে পোষ্টটোত আবেগিকভাৱে উল্লেখ কৰে। তেওঁ লগতে এই ক্ৰিকেট যাত্ৰাত সহযোগিতা আগবঢ়োৱা পৰিয়াল, বন্ধু-বান্ধৱী আৰু প্ৰতিগৰাকী সতীৰ্থকো এই পোষ্টটোৰ জৰিয়তে ধন্যবাদ জনায়।
উল্লেখ্য যে ১৯৯৫ চনৰ ২ অক্টোবৰত ট্ৰিনিদাদ আৰু ট’বেগোত জন্মগ্ৰহণ কৰা নিকোলাছ পুৰাণে ২০১৬ চনত ৱেষ্ট ইণ্ডিজৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল। ৱেষ্ট ইণ্ডিজৰ হৈ ৬১খন এদিনীয়া মেচত ৩৯.৬৬ গড়ে ১৯৮৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ১০৬খন টি-২০ মেচত ২২৭৫ ৰান সংগ্ৰহ কৰিছিল পুৰাণে। লক্ষণীয়ভাৱে পুৰাণৰ নামতে আছে ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক টি-২০ মেচ খেলা আৰু সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও পুৰাণে অৱশ্যে ফ্ৰেন্সাইজি ক্ৰিকেটত অংশগ্ৰহণ কৰি যাব। এনে পৰিস্থিতিত একাংশ অনুৰাগীয়ে পুৰাণক কেৱল ফ্ৰেন্সাইজি ক্ৰিকেটৰ ধনৰ মোহৰ বাবেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়া বুলিও তীক্ষ্ণ সমালোচনা কৰিছে। সি যি কি নহওক, পুৰাণৰ অৱসৰ ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ বাবে স্বাভাৱিকতেই এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে।