শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। পলকতে চাওক কেইটামান বিশেষ খবৰ।

Morning News: পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…
পুৱাৰ খবৰ
monjit-dutta
Monjit Dutta | Updated On: 10 Jun 2025 10:47 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ১. কামাখ্যা মন্দিৰ সন্দৰ্ভত অপমানজক মন্তব্য কৰা ৱাজাহাট খানক গ্ৰেপ্তাৰ হৈছে। সামাজিক মাধ্যম যোগে ঘৃণামূলক বক্তব্যৰে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত কলকাতা আৰক্ষীয়ে সোমবাৰে ৱাজাহাট খানক গ্ৰেপ্তাৰ কৰে। কলকাতা আৰক্ষীয়ে প্ৰকাশ কৰা মতে, গলফ গ্ৰীণ থানাত ৰুজু হোৱা গোচৰত ৱাজাহাট খানক আমহাৰ্ষ্ট ষ্ট্ৰীট পি এছ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
  2. ২. মণিপুৰত ড্ৰাগছৰ বিৰুদ্ধে চলাই থকা অভিযানত কৰ্তৃপক্ষই লাভ কৰিছে বৃহৎ সফলতা। অপাৰেচন হোৱাইট ৱেল নামেৰে নামাকৰণ কৰা এই অভিযানত ৫৪.২৯ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ হৈছে। অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে নগদ ৩৫.৬৩ লাখ টকাও জব্দ কৰিছে। ইফালে এই সময়ছোৱাত ৫ জন লোককো গ্ৰেপ্তাৰ কৰা হৈছে।
  3. ৩. ৰাজ্যৰ সত্ৰসমূহৰ সুৰক্ষা আৰু সংৰক্ষণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই উদ্দেশ্য আগত ৰাখি এক স্থায়ী সত্ৰ আয়োগ স্থাপন আৰু সত্ৰৰ সুৰক্ষাক প্ৰাধান্য দি এক আইন প্ৰণয়ন কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। এই আয়োগক আৰ্থিকভাৱে, প্ৰশাসনিকভাৱে সত্ৰসমূহৰ সুবিধা আৰু কল্যাণৰ বাবে কাম কৰিবলৈ ক্ষমতা প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
  4. ৪. প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তোলা অভিযোগ আৰু ইয়াৰ পিছত দুয়োৰে মাজত হোৱা মৌখিক আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে। তাৰ মাজতে গৌৰৱ গগৈয়ে সোমবাৰে এক সময়সীমা বান্ধি দিয়ে মুখ্যমন্ত্ৰীক। গৌৰৱ গগৈৰ মতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ ছেপ্টেম্বৰত খুজিব লাগিব ক্ষমা।
  5. ৫. অহা ১৯ জুনত অসমৰ দুয়োখন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত শাসকীয় মিত্ৰজোঁট বিজেপি আৰু অগপে বুজাবুজিৰে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয়। বিজেপিয়ে কনাড পুৰকায়স্থ আৰু অগপে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। দুয়ো সোমবাৰে ৰাজ্যসভা আসনৰ মনোনয়ন দাখিল কৰে।
  6. ৬. সমগ্ৰ ক্ৰিকেট বিশ্বক হচকিত কৰি আকস্মিকভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ৱেষ্ট ইণ্ডিজৰ তাৰকা ক্ৰিকেটাৰ নিকোলাচ পুৰাণে। নিজৰ সামাজিক মাধ্যম একাউণ্ট যোগে পুৰাণে অৱসৰৰ কথা ঘোষণা কৰে। লক্ষণীয়ভাৱে এই সময়ত টি-২০ ফৰ্মেটৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে স্বীকৃত পুৰাণৰ অৱসৰ ঘোষণাৰ সময়ত বয়স হৈছে মাত্ৰ ২৯ বছৰ।