Women’s World Cup 2025: TATAৰ বৃহৎ ঘোষণা! মহিলা বিশ্বকাপ বিজয়ী প্ৰতিগৰাকী খেলুৱৈক দিব ২৫ লাখ টকাৰ উপহাৰ
৫২ বছৰীয়া ইতিহাসত ভাৰতীয় মহিলা দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰি ইতিহাসৰ সৃষ্টি কৰিছিল। এই ঐতিহাসিক জয়ক সন্মান জনাই দলটোৰ প্ৰতিজন খেলুৱৈৰ বাবে এটা বিশেষ উপহাৰ ঘোষণা কৰিছে টাটা মটৰ্ছে।
যোৱা ২ নৱেম্বৰত নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলে মহিলা এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰে। বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা দলে আই চি চিৰ ট্ৰফী দখল কৰিবলৈ সক্ষম হৈছে। টীম ইণ্ডিয়াৰ এই আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছতে দলটোৰ বাবে এক বিশেষ উপহাৰৰ কথা ঘোষণা কৰিছে দেশৰ আগশাৰীৰ অটোমোবাইল নিৰ্মাতা টাটা মটৰ্ছে। সেই অনুসৰি প্ৰতিজন খেলুৱৈয়ে লাভ কৰিব ২৫ লাখ টকা এখন গাড়ী।
মহিলা এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা দলটোৱে Tata Motors Passenger Vehiclesৰ পৰা বিশেষ উপহাৰ লাভ কৰিব। টাটা মটৰ্ছে টীম ইণ্ডিয়াৰ প্ৰতিজন খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীক উপহাৰ দিব এখন নতুন টাটা ছিয়েৰা এছ ইউ ভি।
Legend Meets Legends.
Celebrating the Indian Women’s Cricket Team and their legendary ICC Women’s World Cup performance, Tata Motors Passenger Vehicles proudly presents each member of the team with the Tata Sierra — a bold, versatile, and timeless legend.@TataCompanies pic.twitter.com/RxT4viRa9p
— Tata Motors Cars (@TataMotors_Cars) November 5, 2025
এই কথা ঘোষণা কৰি টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ এমডি তথা চিইঅ’ শৈলেশ চন্দ্ৰই কয়, “ভাৰতীয় মহিলা দলটোৱে নিজৰ দৃঢ়তা আৰু আত্মবিশ্বাসেৰে দেশখনক এক গৌৰৱময় মুহূৰ্ত দিছে। তেওঁলোকৰ এই কৃতিত্বক সন্মান জনাবলৈ পাই আনন্দিত হৈছো। টাটা ছিয়েৰা ভাৰতীয় অটোম’বাইল ইতিহাসৰ এক ঐতিহ্যৰ প্ৰতীক, আৰু আমি খেলুৱৈসকলক এখন গাড়ী উপহাৰ দিম। এই কাম কৰি আমি আনন্দিত হৈছো। দুয়োটাই প্ৰেৰণাৰ প্ৰতীক।”
টাটা মটৰ্ছৰ মতে, বিশ্বকাপ বিজয়ী দলটোৰ প্ৰতিজন খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীক ১৯৯০ চনত ‘লাইফষ্টাইল বাহন’ হিচাপে মুকলি কৰা টাটা ছিয়েৰা এছ ইউ ভিৰ টপ এণ্ড মডেল উপহাৰ দিয়া হ’ব। নতুন ছিয়েৰা ডিজাইনে পুৰণি ছিয়েৰাৰ ‘ৰেপ-আৰউণ্ড’ লুকক আধুনিক টেক প্ৰদান কৰিব। ইয়াৰ উপৰিও ইয়াত ট্ৰিপল স্ক্ৰীণ ডেচব’ৰ্ড (থ্ৰী স্ক্ৰীণ ছেটআপ), লেভেল 2 ADAS, আৰু পেনোৰামিক ছানৰুফ থাকিব। পিছত মুকলি কৰা হ’ব ১.৫ লিটাৰৰ টাৰব’ডিজেল ইঞ্জিন। এই এছ ইউ ভিখনৰ মূল্য হ’ব ১৩.৫০ লাখ টকাৰ পৰা ২৪ লাখ টকাৰ ভিতৰত (এক্স শ্ব’ৰুম)। অহা ২৫ নৱেম্বৰত ভাৰতত মুকলি হ’ব SUV বাহন।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীয়ে স্পৰ্শ নকৰিলে ICC মহিলা বিশ্বকাপৰ ট্ৰফী, কিয়?