শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

টি-২০ বিশ্বকাপৰ ছেমিৰ বাবে নিৰ্বাচিত ৩টা স্থান! ক’ত হ’ব প্ৰতিযোগিতাৰ মেচসমূহ? আইচিচিয়ে ল’লে সিদ্ধান্ত

ছেমি ফাইনেলৰ বাবে ভাৰতৰ দুটা স্থানৰ বিপৰীতে শ্ৰীলংকাত এটা স্থান নিৰ্ধাৰণ কৰা হৈছে। লক্ষণীয়ভাৱে ছেমিৰ বাবে নিৰ্ধাৰিত স্থানৰ তালিকাত নাই মুম্বাই আৰু দিল্লী। ছেমিৰ বাবে এইদৰে তিনিটা স্থান নিৰ্ধাৰণৰ আঁৰতো আছে বিশেষ কাৰণ।

টি-২০ বিশ্বকাপৰ ছেমিৰ বাবে নিৰ্বাচিত ৩টা স্থান! ক’ত হ’ব প্ৰতিযোগিতাৰ মেচসমূহ? আইচিচিয়ে ল’লে সিদ্ধান্ত
টি-২০ বিশ্বকাপ ২০২৬ৰ স্থান নিৰ্ধাৰণImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 10 Nov 2025 16:38 PM

মহিলা বিশ্বকাপ ২০২৫ৰ পিছত এতিয়া আইচিচিয়ে পৰৱর্তী প্রতিযোগিতাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে৷ আগন্তুক এই প্ৰতিযোগিতাখন ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত অহা বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ এই টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে এতিয়া আইচিচিয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনৰ বাবে আইচিচিয়ে নিৰ্দিষ্ট স্থানসমূহৰ চৰ্টলিষ্ট কৰিছে। সেই অনুসৰি ভাৰতৰ পাঁচখন চহৰক এই বিশ্বকাপৰ স্থান হিচাপে নিৰ্ধাৰণ কৰাৰ বিপৰীতে শ্ৰীলংকাৰ তিনিখন ষ্টেডিয়াম চূড়ান্ত কৰা হৈছে।

ইয়াৰ লগতে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবেও স্থান চৰ্টলিষ্ট কৰা হৈছে ছেমি ফাইনেলৰ বাবে ভাৰতৰ দুটা স্থানৰ বিপৰীতে শ্ৰীলংকাত এটা স্থান নিৰ্ধাৰণ কৰা হৈছে। লক্ষণীয়ভাৱে ছেমিৰ বাবে নিৰ্ধাৰিত স্থানৰ তালিকাত নাই মুম্বাই আৰু দিল্লী ছেমিৰ বাবে এইদৰে তিনিটা স্থান নিৰ্ধাৰণৰ আঁৰতো আছে বিশেষ কাৰণ

ছেমি ফাইনেলৰ বাবে নিৰ্বাচিত স্থান

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি এই টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়াম আৰু আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামক চৰ্টলিষ্ট কৰা হৈছে। কলম্বোৰ এখন ষ্টেডিয়ামো ছেমি ফাইনেলৰ বাবে নিৰ্বাচিত কৰা হৈছে। প্ৰতিযোগিতাত পাকিস্তানে নিজৰ সকলো মেচ শ্ৰীলংকাত খেলিব বাবে এই সিদ্ধান্ত লোৱা হৈছে।

যদি শ্ৰীলংকা বা পাকিস্তানে ছেমি ফাইনেলত প্ৰৱেশ কৰে, তেতিয়া দল দুটাই নিজৰ মেচ কলম্বোত খেলিব পাৰিব বুলি আইচিচি আৰু বিচিচিআইয়ে সন্মতি প্ৰকাশ কৰিছে। অৱশ্যে যদি কোনো এটা দলেই ছেমি ফাইনেলত প্ৰৱেশ নকৰে, তেতিয়া ছেমি ফাইনেল দুখন কলকাতা আৰু আহমেদাবাদতে অনুষ্ঠিত হ’ব।

ফাইনেলৰ স্থান নিৰ্ধাৰণ কৰা নাই

ইফালে প্ৰতিযোগিতাৰ ফাইনেলৰ বাবে এতিয়াও স্থান নিৰ্ধাৰণ কৰা হোৱা নাই। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰতিযোগিতাৰ এই খিতাপ যুঁজখন অনুষ্ঠিত হ’ব পাৰে বুলি অনুমান কৰা হৈছে। অৱশ্যে পাকিস্তানে ফাইনেলত প্ৰৱেশ কৰিলে কলম্বোতো অনুষ্ঠিত টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল।

টি-২০ বিশ্বকাপৰ খেলসমূহ ভাৰতৰ দিল্লী, কলকাতা, মুম্বাই, চেন্নাই, আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব। শ্ৰীলংকাত কলম্বোৰ দুখন ষ্টেডিয়াম আৰু কেণ্ডীৰ এখন ষ্টেডিয়াম এই বিশ্বকাপৰ বাবে নিৰ্বাচিত হৈছে। প্ৰতিযোগিতাৰ ২০টা দলক পাঁচটাকৈ চাৰিটা গ্ৰুপত ভাগ কৰা হ’ব। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ ৮ ৰাউণ্ডলৈ আগবাঢ়িব আৰু তাৰ পৰা চাৰিটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব।