টি-২০ বিশ্বকাপত সলনি হ’ব বাংলাদেশৰ মেচৰ স্থান! বিচিচিআইয়ে ল’ব ডাঙৰ সিদ্ধান্ত
বাংলাদেশে প্ৰতিযোগিতাখনত নিজ দলৰ মেচ ভাৰতত খেলিবলৈ অস্বীকাৰ কৰি আইচিচিৰ ওচৰত আবেদন কৰিছিল। তাৰ মাজতে এতিয়া বিচিচিআইয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ দিশে আগবাঢ়িছে। এনে সিদ্ধান্তৰ বাবে আগন্তুক এই বিশ্বকাপত বাংলাদেশৰ মেচৰ স্থান সলনি হোৱাৰ সম্ভাৱনাই দেখা দিছে।
ক্ৰমাৎ ওচৰ চাপি আহিছে টি-২০ বিশ্বকাপ ২০২৬। প্ৰতিযোগিতাখনক কেন্দ্ৰ কৰি অনুৰাগীৰ মাজত এফালে উন্মাদনা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ আনফালে দেখা গৈছে বিতৰ্কও। ভাৰত আৰু বাংলাদেশৰ মাজত শেহতীয়াকৈ বৃদ্ধি পোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত এই বিতৰ্কৰ সূত্ৰপাত ঘটিছে। বাংলাদেশে প্ৰতিযোগিতাখনত নিজ দলৰ মেচ ভাৰতত খেলিবলৈ অস্বীকাৰ কৰি আইচিচিৰ ওচৰত আবেদন কৰিছিল। অৱশ্যে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ এই আবেদন আইচিচিয়ে নাকচ কৰা বুলি প্ৰকাশ পাইছে।
তাৰ মাজতে এতিয়া বিচিচিআইয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ দিশে আগবাঢ়িছে। এনে সিদ্ধান্তৰ বাবে আগন্তুক এই বিশ্বকাপত বাংলাদেশৰ মেচৰ স্থান সলনি হোৱাৰ সম্ভাৱনাই দেখা দিছে। প্ৰকাশিত খবৰ অনুসৰি, বিচিচিআই-য়ে (BCCI) এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সলনি হ’ব মেচৰ স্থান
৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু শ্ৰীলংকাৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই বিশ্বকাপৰ পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি বাংলাদেশৰ গ্ৰুপ পৰ্যায়ৰ মেচসমূহ কলকাতা আৰু মুম্বাইত অনুষ্ঠিত হোৱাৰ কথা আছিল। অৱশ্যে ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ মেচসমূহ ভাৰতৰ পৰা শ্ৰীলংকালৈ লৈ যোৱাৰ সম্ভাৱনা অতি কম।
ইয়াৰ পৰিৱৰ্তে এই মেচসমূহ দক্ষিণ ভাৰতৰ চহৰলৈ স্থানান্তৰ কৰাৰ চিন্তা-চৰ্চা চলিছে। অৰ্থাৎ, কলকাতা আৰু মুম্বাইৰ পৰিবৰ্তে চেন্নাই আৰু তিৰুৱনন্তপুৰমত বাংলাদেশৰ মেচসমূহ অনুষ্ঠিত হ’ব পাৰে। এই সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিক কোনো ঘোষণা কৰা হোৱা নাই।
বিবাদৰ আঁৰৰ কাৰণ
বাংলাদেশত হিন্দুসকলৰ ওপৰত চলোৱা অত্যাচাৰ আৰু হত্যাকাণ্ডক লৈ শেহতীয়া সময়ছোৱাত ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰ মাজতে আগন্তুক আই পি এলত বাংলাদেশৰ তাৰকা মুস্তাফিজুৰ ৰহমানৰ অংশগ্ৰহণক লৈ তীব্ৰ প্ৰতিবাদ দেখা যায়। এনে প্ৰতিবাদৰ পিছত বিচিচিআইয়ে আইপিএল ২০২৬-ৰ পৰা মুস্তাফিজুৰক বহিষ্কাৰ কৰে।
বিচিচিআই-ৰ এই পদক্ষেপৰ প্ৰতিক্ৰিয়া স্বৰূপে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে (BCB) আইচিচিক (ICC) ইমেইল যোগে দলটোৰ বিশ্বকাপৰ মেচসমূহ ভাৰতৰ পৰা শ্ৰীলংকালৈ স্থানান্তৰ কৰিবলৈ দাবী জনাইছিল। খেলুৱৈসকলৰ নিৰাপত্তাৰ দোহাই দি বাংলাদেশে ভাৰতত খেলিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল।