শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেনে আছে শ্ৰেয়স আয়াৰ? উন্নতি ঘটিছে নে স্বাস্থ্যৰ! সূৰ্যকুমাৰ যাদৱে দিলে ডাঙৰ আপডেট

বিগত দুদিন আয়াৰক চিকিৎসালয়ৰ আই চি ইউ কক্ষত ৰখা হৈছে বুলি খবৰ পোহৰলৈ আহিছিল। এই খবৰে স্বাভাৱিকতেই চিন্তিত কৰি তুলিছিল ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলক। অনুৰাগীৰ এনে চিন্তাৰ মাজতে এতিয়া সূৰ্যকুমাৰ যাদৱে আয়াৰৰ স্বাস্থ্য সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে।

কেনে আছে শ্ৰেয়স আয়াৰ? উন্নতি ঘটিছে নে স্বাস্থ্যৰ! সূৰ্যকুমাৰ যাদৱে দিলে ডাঙৰ আপডেট
আয়াৰ সন্দৰ্ভত সূৰ্যই দিলে ডাঙৰ আপডেটImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 28 Oct 2025 10:21 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত প্ৰথমটো শৃংখলাত ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে ভাৰতীয় দলে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাত ভাৰতীয় দল ব্যৱধানত পৰাস্ত হয় এতিয়া কাইলৈৰ পৰা ভাৰতীয় দল কেংগাৰু বাহিনীৰ বিপক্ষে পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাত নামিব এই শৃংখলাৰ পূৰ্বে টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে ভাৰতীয় দলৰ আন এগৰাকী তাৰকা তথা এদিনীয়া দলৰ সহঅধিনায়ক শ্ৰেয়স আয়াৰৰ স্বাস্থ্য সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে।

সদ্য সমাপ্ত এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত বুকুত আঘাত পাইছিল শ্ৰেয়স আয়াৰ আঘাতৰ ফলত বিষত বাগৰি পৰা আয়াৰক লগে লগে খেলপথাৰৰ বাহিৰলৈ লৈ যোৱা হৈছিল আৰু তাৰ পিছতে তেওঁক ছিডনীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল বিগত দুদিন আয়াৰক চিকিৎসালয়ৰ আই চি ইউ কক্ষত ৰখা হৈছে বুলি খবৰ পোহৰলৈ আহিছিল

আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে আয়াৰক সতৰ্কতামূলক ব্যৱস্থা হিচাপে আই চি ইউত ৰখোৱা হৈছে বুলিও খবৰ প্ৰকাশ পাইছে এই খবৰে স্বাভাৱিকতেই চিন্তিত কৰি তুলিছিল ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলক অনুৰাগীৰ এনে চিন্তাৰ মাজতে এতিয়া সূৰ্যকুমাৰ যাদৱে আয়াৰৰ স্বাস্থ্য সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে

কি লে সূৰ্যকুমাৰ যাদৱে

টি-২০ শৃংখলাৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি অধিনায়ক সূৰ্যকুমাৰ যাদৱে শ্ৰেয়স আয়াৰৰ আঘাতৰ বিষয়ে তথ্য প্ৰদান কৰে। তেওঁ জানিবলৈ দিয়া মতে, আয়াৰৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সুস্থিৰ হৈছে ফোন যোগে আয়াৰে কথা পতা বুলিও জানিবলৈ দিছে সূৰ্যই এই ঘটনাক দুৰ্ভাগ্যজন আখ্যা দি সূৰ্যই লগতে চিকিৎসকে আয়াৰৰ স্বাস্থ্যৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বুলিও উল্লেখ কৰে।

কেইদিনমানৰ বাবে তেওঁক চিকিৎসকৰ নিৰীক্ষণত ৰখা হ’ব যদিও চিন্তাৰ কোনো কাৰণ নাই বুলিও সূৰ্যই নিশ্চিত কৰিছে। আয়াৰৰ আঘাত কিছু বিৰল যদিও আয়াৰো এগৰাকী বিৰল খেলুৱৈয়েই বুলি সূৰ্যই উল্লেখ কৰে আৰু এনে বিৰল খেলুৱৈ কেতিয়াবা বিৰল হৈ পৰে বুলিও ধেমালিসূচক মন্তব্য কৰে

সূৰ্যই লগতে কয়, “ঈশ্বৰ তেওঁৰ পক্ষত আছে আৰু তেওঁ সোনকালে সুস্থ হৈ উঠিছে। আশাকৰোঁ, আমি তেওঁক ইয়াৰ পৰা ঘূৰাই লৈ যাম।” আয়াৰৰ স্বাস্থ্য সন্দৰ্ভত সূৰ্যই দিয়া এই আপডেটে নিশ্চিতভাৱে ভাৰতীয় অনুৰাগীসকলক সকাহ প্ৰদান কৰিছে এতিয়া আয়াৰ চিকিৎসামুক্ত হৈ ঘূৰি অহালৈ অপেক্ষা কৰিছে সকলোৱে

আয়াৰৰ স্বাস্থ্য কেনে?

বৰ্তমান ছিডনীত চিকিৎসাধীন হৈ আছে শ্ৰেয়স আয়াৰ। ইফালে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত এটা ভাল খবৰ ওলাইছে। চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত এতিয়া তেওঁ প্ৰথমবাৰৰ বাবে অলপ টান খাদ্য খাইছে। সহায় অবিহনে তেওঁ সামান্য খোজ কাঢ়িব পাৰিছে বুলিও খবৰ প্ৰকাশ পাইছে। সেয়ে সোনকালেই তেওঁক চিকিৎসালয়ৰ পৰা আহিবলৈ দিব পাৰে বুলি আশা কৰিছে সকলোৱে