শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুনৰ পাকিস্তানক উপহাস সূৰ্যৰ, মহিলা বিশ্বকাপৰ ভাৰত-পাক মেচক লৈ ক’লে এইদৰে…

এছিয়া কাপৰ সময়ত ভাৰতৰ টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাকিস্তানক কটাক্ষ কৰি কিছু বিশেষ মন্তব্যও কৰিছিল। এতিয়া মহিলা বিশ্বকাপৰ সময়তো তেওঁ পুনৰবাৰ বিশেষ মন্তব্যৰে পাকিস্তানক ক্ষুব্ধ কৰি তুলিছে। পিছে কি ক’লে সূৰ্যই?

পুনৰ পাকিস্তানক উপহাস সূৰ্যৰ, মহিলা বিশ্বকাপৰ ভাৰত-পাক মেচক লৈ ক’লে এইদৰে…
সূৰ্যকুমাৰ যাদৱImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 05 Oct 2025 18:27 PM

চলিত আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ ষষ্ঠখন মেচত আজি পাকিস্তান মহিলা দলৰ সৈতে প্ৰতিদ্বন্দিতাত নামিছে ভাৰতীয় মহিলা দল এই মেচখনত প্ৰথমে বেটিং কৰিছে ভাৰতে প্ৰথমটো বিশ্বকাপ খিতাপ দখলৰ লক্ষ্যৰে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলে শ্ৰীলংকাৰ বিৰুদ্ধে মেচত জয়েৰে প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিছিল আজি পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিযোগিতাত দ্বিতীয় মেচ এই মেচ সন্দৰ্ভত ভাৰতৰ টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে কৰিছে এক বিশেষ মন্তব্য

শেহতীয়া এছিয়া কাপত সূৰ্যৰ নেতৃত্বত ভাৰতীয় দলে প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানক পৰাস্ত কৰি খিতাপ জয় কৰিছিল প্ৰতিযোগিতাখনত পাকিস্তানক তিনিবাৰকৈ পৰাস্ত কৰিছিল ভাৰতীয় দলে ইয়াৰ সমান্তৰালকৈ কিছু বিশেষ স্থিতি গ্ৰহণ কৰি সূৰ্য নেতৃত্বাধীন ভাৰতীয় দলে পাকিস্তান দল তথা অনুৰাগীক ক্ষুব্ধ কৰি তুলিছিল।

সমান্তৰালকৈ তেওঁ পাকিস্তানক কটাক্ষ কৰি কিছু বিশেষ মন্তব্যও কৰিছিল এতিয়া মহিলা বিশ্বকাপৰ সময়তো অনুৰূপ মন্তব্য কৰি তেওঁ পুনৰবাৰ পাকিস্তানক ক্ষুব্ধ কৰি তুলিছে। ভাৰত আৰু পাকিস্তানৰ আজিৰ মেচখনৰ পূৰ্বে সূৰ্যকুমাৰ যাদৱে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। এই ভিডিঅটোত সূৰ্যই ভাৰতীয় দলৰ শক্তিৰ কথা উল্লেখ কৰে

“মই পুনৰাবৃত্তি কৰিম যে প্ৰতিযোগিতা সমপৰ্যায়ৰ লেহে প্ৰতিদ্বন্দ্বিতা থাকে। ১১-০ ব্যৱধান কোনো প্ৰতিদ্বন্দ্বিতা নহয়। আমাৰ মহিলা দলে যদি ভাল ক্ৰিকেট খেলে, তেতিয়া এই ব্যৱধান ১২-০ হ’ব।”এইদৰে কয় সূৰ্যকুমাৰ যাদৱে ইয়াৰ পূৰ্বে এছিয়া কাপৰ সময়ত সূৰ্যকুমাৰ যাদৱেও একেধৰণৰ মন্তব্য কৰিছিল।

এছিয়া কাপৰ সময়ত সূৰ্যই কৈছিল, “আপোনালোকে এয়া কিদৰে প্ৰতিদ্বন্দ্বিতা বুলি ভাবে? ভাৰত-পাকিস্তানৰ প্ৰতিদ্বন্দ্বিতা সম্পৰ্কে প্ৰশ্ন কৰাটো বন্ধ কৰা উচিত।যাদৱে স্পষ্টকৈ উল্লেখ কৰিছিল যে দুটা দলে খেলা ১৫-২০ খন মেচৰ ফলাফল যদি সমান হয়, সেয়াহে প্ৰতিদ্বন্দ্বিতা। ১০-০, ১০-১ৰ ব্যৱধান কোনো কথাতে প্ৰতিদ্বন্দ্বিতা নহয় বুলি সূৰ্যই লগতে কৈছিল।

উল্লেখ্য যে ভাৰতীয় মহিলা দল এদিনীয়াত পাকিস্তানৰ হাতত এইপৰ্যন্ত এখনো মেচত পৰাস্ত হোৱা নাই। এই পৰ্যন্ত দুয়োটা দলৰ মাজত ১১খন মেচ হৈছে এই আটাইকেইখন মেচতে জয়লাভ কৰিছে ভাৰতীয় দলে। মহিলা এদিনীয়া বিশ্বকাপতো এই পৰ্যন্ত চাৰিবাৰ মুখামুখিত ভাৰতীয় দলেই জয়লাভ কৰিছে স্বাভাৱিকতেই ভাৰতীয় দলে এইবাৰ এই ব্যৱধান বৃদ্ধি কৰিব বিচাৰিব