জনপ্ৰিয় কপিল শৰ্মা শ্ব’ত ভাৰতীয় দল, নাই স্মৃতি মান্ধানা; আঁৰত আছে নেকি এই ঘটনা!
ট্ৰেইলাৰটোত সকলো খেলুৱৈয়ে কপিল শৰ্মাৰ লগতে কমেডিয়ান ক্ৰুষ্ণ অভিষেক আৰু কিকু শৰ্দাৰ সৈতে আনন্দ কৰা দেখা গৈছে। ট্ৰেইলাৰত অৰ্চনা পুৰণ সিং আৰু নৱজোত সিং সিদ্ধুকো দেখিবলৈ পোৱা গৈছে। পিছে দলৰ অধিকাংশ সদস্যই অংশ লোৱা শ্ব’টোত স্মৃতি মান্ধানাৰ অনুপস্থিতিক লৈ চৰ্চা আৰম্ভ হৈছে।
শেহতীয়াকৈ এদিনীয়া বিশ্বকাপ জয়ৰ পিছত ভাৰতীয় মহিলা ক্ৰিকেট দলক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত দেখা গৈছে যথেষ্ট আলোচনা। দলৰ তাৰকা খেলুৱৈসকল হৈ পৰিছে আলোচনাৰ বিষয়। তাৰ মাজতে এতিয়া ভাৰতীয় দলৰ কেইবাগৰাকীও সদস্যই জনপ্ৰিয় কপিল শৰ্মা শ্ব’ত অংশ লয়। এই শ্ব’ প্ৰচাৰ হোৱা অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সে এই শ্ব’টোৰ ট্ৰেইলাৰ মুকলি কৰিছে। এই ট্ৰেইলাৰটোত অধিনায়ক হৰমনপ্ৰীত কৌৰৰ লগতে মুখ্য প্ৰশিক্ষক আমোল মজুমদাৰকো দেখা গৈছে।
লগতে আছে বিশ্বকাপজয়ী ভাৰতীয় দলৰ সদস্য ৰিচা ঘোষ, জেমিমা ৰড্ৰিগুৱেজ, শ্বেফালি ভাৰ্মা, দীপ্তি শৰ্মা, ৰেনুকা সিং, হাৰ্লিন দেউল, ৰাধা যাদৱ আৰু প্ৰতিকা ৰাৱালক দেখা গৈছে। পিছে ট্ৰেইলাৰত দেখিবলৈ পোৱা নগ’ল ভাৰতীয় দলটোৰ সহ-অধিনায়ক স্মৃতি মান্ধনাক।
দেখা গৈছে হাস্যকৰ মুহূৰ্ত
প্ৰকাশ পোৱা ট্ৰেইলাৰটোত সকলো খেলুৱৈয়ে কপিল শৰ্মাৰ লগতে কমেডিয়ান ক্ৰুষ্ণ অভিষেক আৰু কিকু শৰ্দাৰ সৈতে আনন্দ কৰা দেখা গৈছে। ট্ৰেইলাৰত অৰ্চনা পুৰণ সিং আৰু নৱজোত সিং সিদ্ধুকো দেখিবলৈ পোৱা গৈছে। পিছে দলৰ অধিকাংশ সদস্যই অংশ লোৱা শ্ব’টোত স্মৃতি মান্ধানাৰ অনুপস্থিতিক লৈ চৰ্চা আৰম্ভ হৈছে।
মান্ধানাৰ জীৱনৰ শেহতীয়া ঘটনাৰ পৰিপ্ৰেক্ষিতত স্মৃতি মান্ধানাই এই শ্ব’টোত অংশ লোৱা নাছিল নেকি, এই প্ৰশ্ন তুলিছে বহু অনুৰাগীয়ে। উল্লেখ যে বিশ্বকাপ জয়ৰ পিছতে দীৰ্ঘ সময়ৰ প্ৰেমিক পলাশ মুচলৰ সৈতে মান্ধনাৰ বিবাহ হোৱাৰ কথা আছিল যদিও বিবাহৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে বিয়া ভাঙি গৈছিল। এই ঘটনাক লৈ এতিয়াও চৰ্চা দেখা যায়।
মান্ধানাৰ পৰৱৰ্তী লক্ষ্য
শেহতীয়াকৈ ভাৰতীয় দলৰ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত স্মৃতি মান্ধানাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এতিয়া তেওঁৰ পৰৱৰ্তী লক্ষ্য হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক আন এক ৱ’মেন প্ৰিমিয়াৰ লীগৰ খিতাপ প্ৰদান কৰা। এই ফ্ৰেন্সাইজিটোৰ অধিনায়ক হিচাপে মান্ধানাই ইতিমধ্যে এবাৰ ৱ’মেন প্ৰিমিয়াৰ লীগৰ খিতাপ জয় কৰিছে।
আগন্তুক বৰ্ষতে হ’বলগা টি-২০ বিশ্বকাপত জয়ী হোৱাটোও মান্ধানাৰ অন্যতম লক্ষ্য হ’ব। বৰ্তমান স্মৃতি মান্ধানা শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ব্যস্ত। অৱশ্যে শৃংখলাৰ দুয়োখন মেচতে তেওঁ বিফল হৈ ২৫ আৰু ১৪ ৰানহে সংগ্ৰহ কৰে। অনুৰাগীয়ে এতিয়া এই ব্যৰ্থতা অন্ত পেলাই স্মৃতি মান্ধানা শীঘ্ৰেই ফৰ্মলৈ উভতিব বুলি আশা কৰিছে।